/asomiyapratidin/media/media_files/2025/11/26/ujjjd-2025-11-26-15-08-59.jpg)
ডিজিটেল সংবাদ, মানকাচৰঃ মানকাচৰৰ দ্বীপচৰ বিএছএফ কেম্পত আজি দিনজোৰা কাৰ্যসূচীৰে ১৮৩ নং বেটেলিয়ান বিএছএফে বিনমূলীয়া চিকিৎসা শিবিৰৰ আজোয়ন কৰি দুই শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ঔষধ বিতৰণ কৰে। উল্লেখযোগ্য যে, ১৮৩ নং বেটেলিয়ান বিএছএফৰ কমাণ্ডেণ্ট প্ৰেম পাল সিং মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিনমূলীয়া চিকিৎসা শিবিৰ মুকলি কৰে।
ইয়াৰ পাচত আন্তৰাষ্ট্ৰীয় সীমান্তৱৰ্তী এলেকাত থকা দুই শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি ঔষধ বিতৰণ কৰা হয়। সীমান্তৱৰ্তী এলেকাত বসবাস কৰা লোকৰ সৈতে বিএছএফে সু-সম্পৰ্ক গঢ়ি তুলি আন্তৰাষ্ট্ৰীয় সীমান্তৰ বিভিন্ন অপৰাধ দমনৰ বাবে বিএছএফে এইদৰে প্ৰতিবছৰে নাগৰিক সভা আৰু বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি আহিছে।
নাগৰিক সভাৰ জৰিয়তে বিএছএফে সীমান্তৱৰ্তী এলেকাৰ বিদ্যালয়, ছাত্ৰ-ছাত্ৰী, সাধাৰণ লোক আৰু কৃষকক বিভিন্ন সামগ্ৰী বিতৰণ কৰাৰ লগতে বিনমূলীয়া চিকিৎসা শিবিৰৰ জৰিয়তে স্বাস্থ্য পৰীক্ষা ঔষধ বিতৰণ কৰা হয়। আজিৰ এই চিকিৎসা শিবিৰত হাটশিঙিমাৰী জিলা চিকিৎসালয়ৰ তিনি গৰাকী চিকিৎসক আৰু বিএছএফৰ এগৰাকী চিকিৎসকে ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us