মানকাচৰত জলসিঞ্চন বিভাগৰ ত্ৰিৰংগা বিতৰণ…

মানকাচৰত জলসিঞ্চন বিভাগৰ ত্ৰিৰংগা বিতৰণ…

author-image
asomiyapratidin
New Update
মানকাচৰত জলসিঞ্চন বিভাগৰ  ত্ৰিৰংগা বিতৰণ…

প্ৰতিদিন ডিজিটেল সংবাদ, মানকাচৰ : সোমবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অসম মেঘালয় সীমান্তবৰ্তী ধানুৱা গাঁও পঞ্চায়তত জলসিঞ্চন বিভাগৰ পৰা কেনেল মেৰামতি কৰি কৃষক সকলক পানী যোগানৰ ব্যৱস্থা কৰি দিয়া হয়। লগতে হৰ ঘৰ ত্ৰিৰংগা আঁচনিৰ জৰিয়তে পঞ্চায়ত খনৰ জনতা তথা দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰে।

Advertisment

উল্লেখযোগ্য যে ২০০৮ চনত জলসিঞ্চন বিভাগৰ মানকাচৰ উপ-সংমণ্ডলৰ অন্তৰ্গত ধানুৱা শাখাত নিৰ্মান কৰা পানী যোগান আঁচনিৰ কেনেল বন্ধ হৈ আছিল। আজাদি কা অমৃত মহোৎসৱ উপলক্ষে এই বন্ধ হৈ থকা কেনেলটো মেৰামতি কৰি আজি পুনৰ মুকলি কৰে। ইয়াৰ পিছতে কৃষক সকলে খেতিৰ বাবে এই কেনেলৰ যোগেদি পানী লাভ কৰে।

এই কাৰ্যসূচীৰ সমান্তৰালভাৱে জলসিঞ্চন বিভাগৰ কৰ্মচাৰী সকলে সোমবাৰে পঞ্চায়তৰ অধীনত থকা দুই শতাধিক ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ জনতাক ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰি এখন ৰেলী উলিয়ায়। এই ৰেলীৰ জৰিয়তে অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ সকলোৱে ঘৰে ঘৰে ৰাষ্ট্রীয় পতাকা উত্তোলন কৰাৰ আহ্বান জনায়।

আৰু পঢ়ক :