মানকাচৰৰ বিভিন্ন ঠাইন গৰাখহনীয়া, জাহ গ’ল বহু পৰিয়ালৰ বাসগৃহ, শ শ বিঘা ভূমি…

মানকাচৰৰ বিভিন্ন ঠাইন গৰাখহনীয়া, জাহ গ’ল বহু পৰিয়ালৰ বাসগৃহ, শ শ বিঘা ভূমি…

author-image
asomiyapratidin
New Update
মানকাচৰৰ বিভিন্ন ঠাইন গৰাখহনীয়া, জাহ গ’ল বহু পৰিয়ালৰ বাসগৃহ, শ শ বিঘা ভূমি…

ডিজিটেল সংবাদ, মানকাচৰ: ৰাজ্যত ব্ৰহ্মপুত্ৰ নদীৰ পানী যিমানেই বৃদ্ধি পাবলৈ ধৰিছে জিলাই জিলাই সিমানেই নদীৰ পাৰ চপৰা-চপৰে খহিবলৈ ধৰিছে। কৰবাত যদি নদীৰ বুকুত জাহ গৈছে সাধাৰণ লোকৰ মাটি-ভেটি, কৰবাত আকৌ চকুৰ পলকতে শ শ বিঘা কৃষি ভূমি নদীলৈ ৰূপান্তৰিত হৈছে। ভয়াবহ খহনীয়াৰ কবলৰ পৰা বাদ পৰা নাই চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভন্ন ঠাইত এতিয়া নদীৰ পাৰত আৰম্ভ হৈছে গৰাখহনীয়াৰ তৰ্জন-গৰ্জন শব্দ।

Advertisment

বিশেষকৈ জিলাখনৰ মানকাচৰ ৰাজহ চক্ৰ এলেকাৰ অধীনত থকা সুখচৰ, মলাখোৱা আৰু গোটাবাৰী গাওঁ পঞ্চায়ত এলেকাত ভয়াবহ বাবে বৃদ্ধি পাইছে বহ্মপুত্ৰ নদীৰ গৰাখহনীয়া। সপ্তাহৰ ভিতৰত সুখচৰ আৰু মলাখোৱা গাওঁ পঞ্চায়ত এলেকাত মুঠ ১৭ টা পৰিয়ালৰ ঘৰ-দুৱাৰ খহনীয়াৰ কবলত পৰি নিৰাপদ স্থানত আশ্ৰয় লবলগীয়া হৈছে। পৰিয়াল কেইটাৰ মাটি-ভেটি ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে।

সুখচৰত কেবাবছৰ পূৰ্বে কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জিঅ বেগৰ এখন বান্ধ মাত্ৰ কেইটামান দিনৰ ভিতৰত সম্পূৰ্ণৰূপে নদীৰ বুকুত জাহ যোৱাৰ লগতে বান্ধৰ কাষতে থকা এখন চৰকাৰী প্লেটফৰ্ম জাহ যোৱাত প্লেটফৰ্মত আশ্ৰয় লোৱা পৰিয়াল কেইটাৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। চকুৰ পলকতে এফালৰ পৰা কৃষকৰ খেতি-পথাৰ নদীৰ বুকুত জাহ গৈ পথাৰ হৈ পৰিছে নদী। ইফালে সুখচৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়, সুখচৰ পশু চিকিৎসালয়, সুখচৰ গাওঁ পঞ্চায়ত কাৰ্যালয়, সুখচৰ ডাকঘৰ আৰু ডাকুৱামাৰী প্ৰাথমিক বিদ্যালয় গৰাখহনীয়াৰ কবলত পৰিছে। যিকোনো মহুৰ্তত নদীৰ বুকুত জাহ যাব পাৰে উক্ত চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান।

উল্লেখযোগ্য যে সুখচৰ এলেকাৰ গৰাখহনীয়াৰ ভয়াবহতা বৃদ্ধি পোৱাৰ বাবে আজি জিলা উপায়ুক্ত পল্লবী সৰকাৰ, জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱাল, মানকাচৰৰ বিধায়ক আমিনুল ইছলাম, এগৰাকী জিলা অতিৰিক্ত উপায়ুক্ত, ফেকমাৰী খণ্ড উন্নয়ন বিষয়া তুলসী ৰঞ্জন কলিতা সহ কেবাজনীয়া চৰকাৰী বিষয়াই সুখচৰত উপস্থিত হৈ এখন যন্ত্ৰ চালিত নাওযোগে সুখচৰ, মলাখোৱা আৰু গোটাবাৰী গাওঁ পঞ্চায়ত এলেকাৰ খহনীয়াগ্ৰস্থ এলেকা পৰিদৰ্শন কৰে। সুখচৰৰ এই গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে এটা সময়ত জিলাৰ সদৰ হাটশিঙিমাৰী তথা জিলা উপায়ুক্তৰ কাৰ্যালয় ভাবুকিত পৰাৰ সম্ভাবনা আছে বুলি মানকাচৰৰ বিধায়ক গৰাকীয়ে মন্তব্য কৰে।

একেদৰে নদীৰ ভয়াবহতাৰ ফলত ভাৰত-বাংলাদেশ আন্তৰাষ্ট্ৰীয় সীমান্তৰ প্ৰতিও চৰম ভাবুকি অহাৰ সম্ভাৱনা আছে। বিধায়ক গৰাকীয়ে খহনয়া পৰিদৰ্শন কৰি কয় যে অতি সোনকালে খহনীয়া ৰোধ কৰাৰ ব্যৱস্থা নকৰিলে ভাৰত-বাংলাদেশ আন্তৰাষ্ট্ৰীয় সীমান্তৰ কাইটীয়া তাৰৰ বেৰ নদীৰ বুকুত জাহ গৈ আন্তৰাষ্ট্ৰীয় সীমান্ত উন্মক্ত হৈ পৰিব। ফলত সীমান্তয়েদি অপৰাধমুলক ঘটনা বৃদ্ধি পোৱাৰ লগতে দেশৰ নিৰাপত্তাৰ প্ৰতিও ভাবুকি আহিব। এই ক্ষেত্ৰত জিলা প্ৰশাসনে আজি খহনীয়াগ্ৰস্থ এলেকা পৰিদৰ্শন কৰি খহননীয়া ৰোধ কৰাৰ বাবে কেনে পদক্ষেপ হাতত লয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।

মন কৰিবলগীয়া বিষয় এয়া যে গৰাখহনীয়াৰ কবলত পৰি মাটি-ভেটি হেৰুওৱা পৰিয়াল সকলক চৰকাৰী ভাবে এখনকৈ ভূমিহীনৰ প্ৰমাণপত্ৰ প্ৰদানৰ বাবেও বিধায়ক আমিনুল ইছলাম চৰকাৰৰ ওচৰত দাবী জনায়।

আৰু পঢ়ক: মহানগৰীত চাঞ্চল্য! দুৰ্বৃত্তই ভাঙিলে শিৱ আৰু গনেশৰ মূৰ্তি…

assam flood erosion mankachar