/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/mankachar-face.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা মানকাচৰঃ বাংলাদেশ সীমান্তৱৰ্তী অসম-মেঘালয় সীমান্তৰ
মেঘালয়ৰ মহেন্দ্ৰগঞ্জ বৃহৎ এলেকাত এক অচিন ৰোগৰ আক্ৰমণত আতংকিত হৈ পৰিছে অঞ্চলটোৰ কেবা সহস্ৰাধিক লোক৷ ৰোগীয়ে আমাক জনোৱা মতে, এই ৰোগটো প্ৰথম অৱস্থাত শৰীৰৰ এটা অংশত সৰু ঘা হৈ খজুৱতি হয় আৰু তাৰ পৰা লাহেলাহে শৰীৰৰ প্ৰতিটো অংশত বিয়পি পৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/mankachar-1-576x1024.jpg)
ইতিমধ্যে শ শ লোক এই খজুৱতি ৰোগত আক্ৰান্ত হৈ পৰিছে। মহেন্দ্ৰগঞ্জ, আমপাতি, শিলং আদি ঠাইত চিকিৎসা কৰিও সুফল নোপোৱাত চিন্তিত হৈ পৰিছে ৰোগাক্ৰান্তসকল। উল্লেখ্য যে, বিগত দুই বছৰ ধৰি উক্ত এলেকাত এই ৰোগৰ প্ৰাৰ্দুভাব হৈছে। কিন্তু ৰাজ্যত হৈ যোৱা প্ৰলয়কাৰী বানপানীৰ পিছত এই বেমাৰৰ সংখ্যা বৃদ্ধি পাইছে।
পুৰুষ, মহিলা, শিশু, বৃদ্ধ সকলোৰে দেহত এই ৰোগ হোৱা পৰিলক্ষিত হৈছে। মেঘালয় চৰকাৰৰ লগতে ভাৰত চৰকাৰে এই বিষয়টোক গুৰুত্ব নিদিয়াৰ অভিযোগ। এই অচিন বেমাৰ বতাহৰ বেগেৰে বিয়পিলৈ আৰম্ভ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/mankachar-3-576x1024.jpg)
বৰ্তমান এই অঞ্চলৰ ৭০ শতাংশ লোকেই এই ৰোগত আক্ৰান্ত হৈছে৷ চৰকাৰে ৰোগৰ ভয়াবহতাক গুৰুত্ব দি যিসকল লোক এই ৰোগত আক্ৰান্ত হৈছে তেওঁলোকক উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে স্থানীয় লোকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/mankachar-21-473x1024.jpg)
মেঘালয়ৰ এন পি পি চৰকাৰৰ স্বাস্থ্য বিভাগে যদি এই অচিন ৰোগক গুৰুত্বসহকাৰে নলয়, তেনেহলে এই ৰোগ সমগ্ৰ মেঘালয়ৰ লগতে অসমতো বিয়পি পৰিব বুলি প্ৰায় নিশ্চিত হৈ পৰিছে৷ মেঘালয় চৰকাৰৰ স্বাস্থ্য বিভাগে এই ৰোগৰ প্ৰতিৰোধৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে এয়া পৰবৰ্তী সময়তহে হ'ব লক্ষণীয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/mankachar.jpg)