উত্তপ্ত মণিপুৰ: বিজেপিৰ প্ৰাৰ্থিত্ব বঞ্চিত ক্ষুব্ধ সমৰ্থকে জ্বলাই দিলে দলীয় পতাকা-বেনাৰ…

উত্তপ্ত মণিপুৰ: বিজেপিৰ প্ৰাৰ্থিত্ব বঞ্চিত ক্ষুব্ধ সমৰ্থকে জ্বলাই দিলে দলীয় পতাকা-বেনাৰ…

author-image
asomiyapratidin
New Update
উত্তপ্ত মণিপুৰ: বিজেপিৰ প্ৰাৰ্থিত্ব বঞ্চিত ক্ষুব্ধ সমৰ্থকে জ্বলাই দিলে দলীয় পতাকা-বেনাৰ…

ডিজিটেল সংবাদ, ৱাখাঃ সমাগত মণিপুৰ নিৰ্বাচনৰ পূৰ্বেই প্ৰাৰ্থিত্ব প্ৰদানক কেন্দ্ৰ কৰি এন বীৰেন সিং নেতৃত্বাধীন শাসনাধিস্থ বিজেপি দল বিসম্বাদ, দলীয় অন্তঃকন্দলত উত্তপ্ত হৈ পৰিছে। দেওবাৰে ৬০ জনীয়া মণিপুৰ বিধানসভাৰ বাবে বিজেপিৰ হাইকামাণ্ডে দলীয় প্ৰাৰ্থী নাম ঘোষণা কৰাৰ মাত্ৰ কেইঘণ্টামান পিছতে একাংশ প্ৰাৰ্থীত্ব বঞ্চিত প্ৰাক্তন বিধায়কৰ হাজাৰ হাজাৰ সমৰ্থক ক্ষুব্ধ হৈ বিজেপিৰ কাৰ্যালয় লণ্ডভণ্ড কৰি বেনাৰ পতাকা জ্বলাই দিয়ে । ক্ষুব্ধ বিজেপিৰ সমৰ্থক সকলে দলীয় টিকট প্ৰদানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী এন বীৰেন সিং আৰু কেন্দ্ৰীয় নেতৃত্বই স্বজন-তোষণ আৰু পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰাৰ বুলি গুৰুত্ব অভিযোগ তুলি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ।

Advertisment

ৰাজপথত খোদ বিজেপি সমৰ্থকৰ এনে ক্ষোভৰ উদগীৰণ দেখি প্ৰশাসনে ইম্ফলত থকা ভাজপাৰ মুখ্য কাৰ্যালয়ত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলে । উল্লেখযোগ্য যে, কালি বিজেপিয়ে ঘোষণা কৰা ৬০ জনীয়া প্ৰাৰ্থীত্ব তালিকাত বৰ্তমানৰ তিনি গৰাকী বিধায়ক ক্ৰমে বাংকেই সমষ্টিৰ ৱাই এৰাবট সিঙ ,মৈৰাঙ সমষ্টিৰ পি শৰৎ চন্দ্ৰ আৰু কাকিংগ সমষ্টিৰ এম ৰামেশ্বৰ সিঙ নাম নথকাত তেওঁলোকৰ সমৰ্থসকলে প্ৰাৰ্থীত্ব পৰা বঞ্চিত কৰা অভিযোগ তুলি কেইবাটাও কাৰ্যালয় লণ্ডভণ্ড কৰি দলৰ পতাকা জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে । তদুপৰি একাংশ মহিলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী , গৃহমন্ত্ৰী অমিত শ্বাহক আৰু এন বীৰেন সিঙৰ ফটো সম্বলিত বেনাত চৰিয়াই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ।

বিজেপি সমৰ্থকসকলে অভিযোগ কৰামতে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ আশ্ৰয় লৈ নিজৰ আত্মীয় এছ এছ অলিছ আৰু জোঁৱাইক দলীয় টিকট লাভ সহায় কৰিছে । ইফালে দলীয় টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছতে ৱাই এৰাবট সিঙ , পি শৰৎচন্দ্ৰ আৰু এম ৰামেশ্বৰ সিঙে দলীয় সমৰ্থকৰ পদত্যাগ কৰি ক্ৰমে এন পি পি আৰু কংগ্ৰেছ দলত যোগদান কৰাৰ সিদ্ধান্ত লৈছে । সম্প্ৰতি মণিপুৰত বিজেপি দলৰ মাজত এনেদৰে তীব্র অসন্তুষ্টি আৰু ক্ষোভ সৃষ্টিয়ে নিৰ্বাচনত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে ।