হাফলঙৰ পিছত মণিপুৰৰ ন’নে জিলাঃ পাহাৰ খনন কৰি ৰে’ল পথ নিৰ্মাণেই হ’ল কাল ! কিদৰে সংঘটিত হৈছিল ভয়াৱহ ভূমিস্খলন…

হাফলঙৰ পিছত মণিপুৰৰ ন’নে জিলাঃ পাহাৰ খনন কৰি ৰে’ল পথ নিৰ্মাণেই হ’ল কাল ! কিদৰে সংঘটিত হৈছিল ভয়াৱহ ভূমিস্খলন…

author-image
asomiyapratidin
New Update
হাফলঙৰ পিছত মণিপুৰৰ ন’নে জিলাঃ পাহাৰ খনন কৰি ৰে’ল পথ নিৰ্মাণেই হ’ল কাল ! কিদৰে সংঘটিত হৈছিল ভয়াৱহ ভূমিস্খলন…

ডিজিটেল ডেস্কঃ মণিপুৰৰ ননে জিলাত সংঘটিত হোৱা ভয়াৱহ ভূমিস্খলনে ৭ জনকৈ সেনা জোৱানৰ লগতে কেইবাজনো শ্ৰমিকৰ প্ৰাণ কাঢ়িলে। এতিয়াও সেনা জোৱানৰ লগতে অসমৰ ১৭জনকৈ শ্ৰমিক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰীয়ে অব্যআহত ৰাখিছে উদ্ধাৰ অভিযান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইতিমধ্যে এই ঘটনাৰ শোক প্ৰকাশ কৰাৰ লগতে উদ্ধাৰ অভিযান তৎপৰ কৰিবলৈ যিধৰণৰ সহায়ৰ প্ৰয়োজন সকলো কৰিব বুলি মণিপুৰৰ মুখ্যমন্ত্ৰীক টেলিফোনৰ জৰিয়তে জনাইছে।

Advertisment

এই ভয়াৱহ ভূমিস্খলন সংঘটিত হৈছে জিৰবাম-ইম্ফল সংযোগী ৰে'ল প্ৰকল্পত। দেশৰ ৰে'ল মানচিত্ৰত মণিপুৰক সংযুক্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে মণিপুৰত চলাই আছে নিৰ্মাণ কাৰ্য। ১১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই বৃহৎ ৰে'ল প্ৰকল্পৰ নিৰ্মীয়মাণ টুপুল ষ্টেচনত বৃহস্পতিবাৰে সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনৰ ফলত নিমিষতে মৃত্যু উপত্যকাত পৰিণত হয়।

হাফলং ষ্টেচনত সংঘটিত ভয়ংকৰ ভূমিস্খলন আৰু জলপ্ৰলয়ৰ পিচত মণিপুৰৰ টুপুল ষ্টেচনত সংঘটিত এই ভূমিস্খলন দেশৰ এক বৃহৎ প্রাকৃতিক দুৰ্যোগ হিচাপে পৰিগণিত হৈছে। প্ৰবল বৰষুণৰ ফলত টুপুল ষ্টেচন এলেকাত পাহাৰৰ এটা বৃহৎ অংশ খহি পৰাৰ ফলত নিশ্চিহ্ন হৈছে ৰে'লৰ ৰেষ্ট হাউছ, টেৰিট'ৰিয়েল আৰ্মিৰ শিবিৰ, নির্মাণ কোম্পানীৰ শিবিৰ তথা শ্রমিকৰ শিবিৰ।

চলিত বছৰটোত দেশৰ এক বৃহৎ প্রাকৃতিক দুর্যোগ হিচাপে পৰিগণিত এই ভূমিস্খলনৰ ঘটনাত অর্ধশতাধিক লোক সন্ধানহীন হৈছে। এন ডি আৰ এফ আৰু আছাম ৰাইফলছে ভূমিস্খলনস্থলীৰ পৰা বৰ্তমানলৈকে ১৩ টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰে ভিতৰত টেৰিট'ৰিয়েল আৰ্মিৰ ৮ জন জোৱানৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আন ১৮ জন লোকক গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰি ননে সেনা হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ৰেল বিভাগৰ অভিযন্তা, নির্মাণ কোম্পানীৰ অভিযন্তা, টেৰিট'টৰিয়েল আৰ্মিৰ বিষয়া-জোৱান, শ্রমিকসহ কমেও ৫৫ জন লোক নিখোজ হৈ আছে।

স্থানীয় সূত্ৰই জনোৱামতে এই ভয়ংকৰ ভূমিস্খলনৰ ফলত হতাহতৰ সংখ্যা শতাধিক হ'ব। এইপর্যন্ত হতাহতৰ প্ৰকৃত সংখ্যা পোহৰলৈ অহা নাই। সন্ধানহীনসকলৰ ভিতৰত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ তিনিগৰাকী অভিযন্তা— কমলেশ তালুকদাৰ, ৰামানুজ কুমাৰ আৰু দীপক কুমাৰ আছে। একেদৰে বি আই পি এল নামৰ নিৰ্মাণ কোম্পানীটোৰ তিনিজন অভিযন্তা নিজ কুশ্বৱাহা, সুবোধ সিং আৰু উপেন্দ্ৰ কুমাৰ পাল সন্ধানহীন বুলি জনা গৈছে।

টেৰিটৰিয়েল আৰ্মিৰ বিষয়া কপিলদেৱ পাণ্ডে, জুনিয়ৰ কমাণ্ডিং অফিচাৰ উমেশ লামা, সজিত চুৱা আৰু সীতাৰাম ৰায়ৰো সম্ভেদ ওলোৱা নাই। এই ভয়ংকৰ ঘটনাৰ পিচত মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেন সিঙে ৰাজ্য প্ৰশাসনৰ মুৰব্বী বিষয়াসকলৰ সৈতে কেইবালানিও জৰুৰী বৈঠকত মিলিত হৈছে।

ইতিমধ্যে দেশৰ বিভিন্ন স্থানৰ পৰা এন ডি আৰ এফৰ দল মণিপুৰ অভিমুখে ৰাওনা হৈছে। ভয়ংকৰ ভূমিস্খলনৰ ফলত পাহাৰীয়া ইজেই নদীৰ জলপ্ৰৱাহ বাধাগ্ৰস্ত হৈ এটা বৃহৎ হ্ৰদৰ সৃষ্টি হৈছে। ফলত যিকোনো সময়তে নৈখনৰ পানী নামনি অঞ্চললৈ বৈ আহি আন এক প্রলয় সংঘটিত কৰাৰ আশংকাই দেখা দিছে।

ন'নে জিলাৰ উপায়ুক্তই ইতিমধ্যে নামনি অংশৰ ৰাইজক নৈৰ পাৰৰ পৰা আঁতৰি থাকিবলৈ সতৰ্ক জাৰি কৰিছে। বৰষুণ আৰু বোকা-পানীৰ ফলত উদ্ধাৰ অভিযান আশা কৰাধৰণে আগবঢ়া নাই টুপুল ষ্টেচনত। প্রাপ্ত তথ্য অনুসৰি টুপুল ষ্টেচন এলেকাটোত ৰে'ল বিভাগে শিবিৰ পাতি ব্ৰডগজৰ কাম অব্যাহত ৰাখিছিল।

টুপুল ষ্টেচনৰ দাঁতিত আছিল ৰে'ল বিভাগৰ ৰেষ্ট হাউছ। ৰেষ্ট হাউজটোত তিনিগৰাকী অভিযন্তা, ৰান্ধনি, চাফাই কৰ্মী, জেনেৰেটৰ অপাৰেটৰ আদি কেইবাগৰাকীও বেটেলিয়নৰ শিবিৰ, ইয়াৰ কিছু নিলগত বি আই পি এল নামৰ কৰ্মচাৰী আছিল। ৰেষ্ট হাউছৰ দাঁতিত টেৰিটৰিয়েল আর্মিৰ ১০৭ নং বেটেলিয়নৰ শিবিৰ, ইয়াৰ কিছু নিলগত বি আই পি এল নামৰ কোম্পানীটোৰ শিবিৰ আৰু শ্ৰমিকৰ শিবিৰ আছিল।

বুধবাৰে নিশা ভাত- পানী খাই অভিযন্তা, শ্রমিক বিষয়াসকল শোৱাপাটীলৈ যোৱাৰ পিচতে মাজনিশা অকস্মাৎ দাঁতিকাষৰীয়া পাহাৰৰ এটা বৃহৎ অংশ খহি পৰে। এই ভূমিস্খলন ইমানেই ভয়ানক আছিল যে কোনো এজন বিষয়া-শ্রমিক, নিৰাপত্তাৰক্ষীয়ে নিৰাপদ স্থানলৈ দৌৰি প্ৰাণ ৰক্ষা কৰাৰ সুযোগ নাপালে।

মাজনিশা এই দুর্যোগ সংঘটিত হোৱা বাবে হতাহতৰ সংখ্যাও বৃদ্ধি পায়। আজি কাহিলি পুৱা স্থানীয় গাঁওবাসীয়ে এই ঘটনাৰ কথা ন'নে জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাৰ পিচত হাহাকাৰ লাগে। ঘটনাৰ খবৰ পাই স্থানীয় আৰক্ষী, আছাম ৰাইফলছ আৰু কিছু সময় পিচত এন ডি আৰ এক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

ন'নে জিলাৰ উপায়ুক্ত হাউলিয়ানলাল গুইটে প্ৰকাশ কৰামতে ইতিমধ্যে নিৰাপত্তা বাহিনী, স্থানীয় আৰক্ষী আৰু প্ৰশাসনে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰিছে। আজি সন্ধিয়াহে হতাহতসকলৰ তালিকা প্রকাশ পাইছে যদিও এই সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। এই ঘটনা সংঘটিত হোৱাৰ সময়ত অসমৰ ২৩ জন শ্ৰমিকো সেই স্থানত আছিল।

সেই ২৩ জন শ্ৰমিকৰ ভিতৰত ৫ জনক জীৱন্তে উদ্ধাৰ কৰা হৈছে যদিও ১৭ জন সন্ধানহীন হৈ আছে। আনহাতে এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে ঘটনাৰ খবৰ পোৱাৰ পিচতে এক জৰুৰী বৈঠকত মিলিত হৈ ঘটনাস্থলীলৈ চিকিৎসক, এম্বুলেন্সসহ উদ্ধাৰকাৰী দল প্রেৰণৰ নিৰ্দেশ দিয়ে। কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ সৈতে এই ঘটনা সন্দৰ্ভত বাৰ্তালাপ কৰি উদ্ধাৰ অভিযানৰ বাবে এন ডি আৰ এফৰ অতিৰিক্ত বাহিনী প্ৰেৰণৰ নিৰ্দেশ দিয়াৰ কথা উল্লেখ কৰিছে।

হতাহতসকলৰ ভিতৰত তিনিগৰাকী স্থানীয় বাসিন্দা থকা বুলিও প্ৰকাশ পাইছে। অৱশ্যে সময় আগবঢ়াৰ লগে লগে সন্ধানহীন লোকৰ সংখ্যা হ্ৰাস পাইছে আৰু উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। পাহাৰৰ বৃহৎ অংশ এটাই পুতি পেলোৱা অঞ্চলটোত সন্ধানহীনসকলক জীৱন্তে উদ্ধাৰ কৰাৰ আশা ক্ষীণ হৈ পৰিছে।

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা সন্ধানহীন লোকৰ তালিকা অনুসৰি চন্দন গুৰুত্ব, দীপকৰ প্রধান, বেধ্যায়ন ৰায়, ছেন্টু বেনাৰ্জী, নিমা অঞ্জু চেপা, উমেশ লিম্বু, ছেদুপ লামা, বিক্ৰং চার্কি, বিশাল চেত্ৰী, ভূপেন ৰায়, বলৰাম শৰ্মা, প্রীতম কুমাৰ দত্ত, প্রশান্ত দেৱ, প্ৰিয়ম দত্ত, সঞ্জয় ওৰাওন, টেগবাহাদুৰ থাপা, বাংড়ি তামাং, প্রকাশ নেৱাৰ, সিদ্ধান্ত চেত্রী, লামুক তামাং, সঞ্জয় দেবনাথ, এছ কে মহিউদ্দিন আহমেদ, শুভম কুমাৰ সিং সন্ধানহীন হৈ আছে। ইয়াৰ বাহিৰে মিলন তামাং, ছেৰিং লেপছা, দিবাকৰ থাপা, শংকৰ চেত্ৰী, বেঞ্জামিন ৰায়, মঃ জিয়াৰুল হক, মার্কাজ গুরুঙৰ মৃতদেহ উদ্ধাৰ হৈছে।

উত্তৰ-পূব সীমান্ত ৰেলৱে মণিপুৰ চৰকাৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি উদ্ধাৰ অভিযানৰ তদাৰক কৰিছে। ৰেলপথ নিৰ্মাণৰ বাবে পাহাৰ খন কৰাৰ পৰিণতিতে এই ভয়াবহ দুর্যোগ সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।