কিয় সংঘটিত হ’ল মণিপুৰৰ ননে জিলাত ভয়ংকৰ ভূমিস্খলন? খৰস্ৰোতা ইজেই নদীৰ বান্ধেই হ’ল নেকি কাল !

কিয় সংঘটিত হ’ল মণিপুৰৰ ননে জিলাত ভয়ংকৰ ভূমিস্খলন? খৰস্ৰোতা ইজেই নদীৰ বান্ধেই হ’ল নেকি কাল !

author-image
asomiyapratidin
New Update
হাফলঙৰ পিছত মণিপুৰৰ ন’নে জিলাঃ পাহাৰ খনন কৰি ৰে’ল পথ নিৰ্মাণেই হ’ল কাল ! কিদৰে সংঘটিত হৈছিল ভয়াৱহ ভূমিস্খলন…

ডিজিটেল সংবাদ ৱাখাঃ বুধবাৰে নিশা পশ্চিম মণিপুৰৰ ননে জিলাৰ জিৰিবাম-ইম্ফল সংযোগী ১১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ মেগা ৰেলৱে প্ৰকল্পৰ টুপুল ষ্টেচনৰ সমীপত সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনৰ ঘটনাত অতি কমেও ৮ জন টেৰিটৰিয়েল আৰ্মি নিহত হোৱাৰ ওপৰিও ৪৫ সেনা জোৱানসহ অসামৰিক লোক এতিয়াও সন্ধানহীন হৈ আছে। জানিব পৰামতে ভূমিস্খলনত নিহত হোৱা ১০৭ নং টেৰিটৰিয়েল আৰ্মিৰ জোৱানসকল জিৰিবাম- ইম্ফল মেগা ৰেলৱে প্ৰকল্পৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত আছিল ।

Advertisment

এই ভয়ংকৰ ভূমিস্খলন ঘটনাৰ পিছতে সেনাই আজি পুৱা ৫:৩০ বজাৰ চলোৱা উদ্ধাৰ অভিযানত ৮ টা মৃত্যদেহ আৰু ১৩ জন আহতলোকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । আহতসকলক ননে সেনা মেডিকেল ইউনিটে চিকিৎসা আগবঢ়াইছে। ইফালে ননী জিলাত হৈ থকা ধাৰাসাৰ বৃষ্টিপাত আৰু প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ কাৰ্য চলোৱাত বাধা সৃষ্টি হৈছে ।

জানিব পৰামতে জিৰিবাম- ইম্ফল ১১১ কিলোমিটাৰ দৈৰ্ঘ্য ৰেলৱে প্ৰকল্পৰ বাবে পাহাৰীয়া ইজেই নদীৰ প্ৰবাহক বাধা দি এটি বান্ধ নিৰ্মাণ কৰি জলাশয় সৃষ্টি কৰা হৈছিল । অঞ্চলটো বুধবাৰৰ পৰা হৈ থকা অবিৰাম বৃষ্টিপাতৰ ফলত বান্ধটো ভাঙি নিম্না অঞ্চলত প্লাৱিত সৃষ্টি কৰাৰ লগতে প্ৰকাণ্ড ভূমিস্খলন হয় আৰু নতুনকৈ নিৰ্মাণ কৰি থকা টুপুল ষ্টেচন নিৰাপত্তাৰ দায়িত্ব থকা টেৰিটৰিয়েল আৰ্মিৰ ফ্ৰণ্টিয়াৰ ৰেলৱে কৰ্মীসকল এনেদৰে মাটিয়ে পুতি পেলায় ।

এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনাৰ পাছতে জিলা প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বিভাগে যুদ্ধত গতিত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে । মুখ্যমন্ত্ৰী এন বীৰেন সিঙ এক জৰুৰী বৈঠক অনুষ্ঠিত কৰি পৰিস্থিতি আৰু উদ্ধাৰ কাৰ্য মূল্যায়ন কৰাৰ লগতে ঘটনাস্থলি উপস্থিত হয়।

ইফালে মণিপুৰৰ ননে জিলাৰ ভূমিস্খলনৰ ঘটনাত সেনা- ফ্ৰণ্টিয়া ৰেলৱে কৰ্মী নিহত হোৱাৰ খবৰ লাভ কৰাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙ আৰু কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে কথা পাতে । মণিপুৰৰ ৰেলৱে প্ৰকল্পত হোৱা ভয়ংকৰ ভূমিস্খলন ঘটনাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ফোন যোগে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে পৰিস্থিতি অধ্যয়ন কেন্দ্ৰৰ ফালৰ সাম্ভাব্য সকলো ধৰণৰ সাহায়ৰ আশ্বাস দিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভূমিস্খলনত নিহত হোৱা সেনাৰ প্ৰতি সমবেদনা প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে ।