মাণিকপুৰক উপ-জিলা ঘোষণা কৰাৰ দাবীত শ শ ৰাইজৰ প্ৰতিবাদী পদযাত্ৰা

মাণিকপুৰক উপ-জিলা ঘোষণা কৰাৰ দাবীত শ শ ৰাইজৰ প্ৰতিবাদী পদযাত্ৰা

author-image
Asomiya Pratidin
New Update
মাণিকপুৰক উপ-জিলা ঘোষণা কৰাৰ দাবীত  শ শ ৰাইজৰ প্ৰতিবাদী পদযাত্ৰা

ডিজিটেল সংবাদ, বঙাইগাঁওঃ বঙাইগাঁও জিলাৰ মাণিকপুৰক উপ জিলা ঘোষণা কৰাৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথৰে বৃহৎ পদযাত্ৰা বাহিৰ কৰে মাণিকপুৰ বাসী ৰাইজে । মাণিকপুৰৰ পৰা বঙাইগাওঁ জিলা আয়ুক্ত কাৰ্যালয় লৈ পদযাত্ৰা কৰি মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ উদ্দেশ্যেৰে এই যাত্ৰা ।

Advertisment

এমাহ যোৰা ধাৰাবাহিক ভাবে আন্দোলনৰ অন্তত বৃহস্পতিবাৰে পুৱা ৭-৩০ বজাৰ মাণিকপুৰ অৰ্দ্ধ সাপ্তাহিক বজাৰ গৃহৰ পৰা বঙাইগাঁও আয়ুক্ত কাৰ্যালয় লৈ পদযাত্ৰা । শ শ পুৰুষ মহিলাই এই পদযাত্ৰা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে মাণিকপুৰক প্ৰথম অৱস্থাত সমষ্টি হিচাপে চৰকাৰে ঘোষণা কৰিছিল যদিও পৰৱৰ্তী সময়ত সমষ্টি কৰ্তন কৰে। ফলত উপ জিলাৰ পৰা বঞ্চিত হয় মাণিকপুৰ বাসী ৰাইজ ।মাণিকপুৰক উপ জিলা ঘোষণা নকৰিলে এনেধৰনৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব বুলি উল্লেখ কৰে প্ৰতিবাদী সকলে ।

Also Read: ইজৰাইলক মুকলি প্ৰত্যাহ্বান ইৰাণৰ! আন এক যুদ্ধৰ আশংকা