ইস্কনৰ নামত ভূমি দখলৰ চেষ্টা অসাধু চক্ৰৰ : মঙলদৈত প্ৰতিক্ৰিয়া, আন্দোলনৰ হুংকাৰ….

ইস্কনৰ নামত ভূমি দখলৰ চেষ্টা অসাধু চক্ৰৰ : মঙলদৈত প্ৰতিক্ৰিয়া, আন্দোলনৰ হুংকাৰ….

ডিজিটেল সংবাদ মঙলদৈঃ মঙলদৈ চহৰৰ মাজমজিয়াত এল এন বি ৰোডত অৱস্থিত ঐতিহাসিক পানীটেংকীৰ পুখুৰী বেদখলত নামিল এক মাফিয়া চক্ৰ। আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় অনুষ্ঠান ইস্কন নামৰ অনুষ্ঠানটিৰ গাত ভেজা দি মাফিয়া চক্ৰটোৱে পুখুৰীটোৰ প্ৰায় ১ বিঘা মাটি বাহুবলেৰে পুতি বেদখল কৰাৰ অভিযোগ উথাপিত হৈছে। এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিয়ে উক্ত পুখুৰীটো পুতি উক্ত স্থানত নির্মাণ কাৰ্য্য চলোৱাৰ তীব্ৰ বিৰোধিতা কৰিছে ।

সংগঠনটোৱে জিলা উপায়ুক্তক স্মাৰকপত্ৰ যোগে অৱগত কৰে যে মঙলদৈ পৌৰসভাই উক্ত স্থানত প্ৰায় ডেৰ বছৰ মান আগত ব্যক্তিগত প্রতিষ্ঠানক আৱণ্টন দিবলৈ বিচৰাত সংগঠনটোৰ লগতে মঙলদৈৰ নাগৰিক সমাজ আৰু বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানে বিৰোধীতা কৰাত জিলা প্রশাসনে উক্ত স্থানত সকলো ধৰণৰ নিৰ্মাণ কাৰ্য্য বন্ধ ৰাখি মুকলি কৈ ৰখাৰ বাবে ফলক আঁৰি দিছিল। সেই স্থানটো চহৰৰ পৰিবেশ সন্তোলন কৰি ৰখাৰ বাবেও মুকলিকৈ থকাৰ অতি প্রয়োজন আছিল যদিও বৰ্তমান এই মাফিয়া চক্ৰটোৱে বাহুবল, ধনবলেৰে মাটিখিনি হস্তগত কৰিবলৈ উঠিপৰি লাগিছে।

আনকি একাংশ বিষয়া কৰ্মচাৰীকো ধনবলেৰে মেনেজ কৰিবলৈ চেষ্টা চলাই আছে । বিশেষ সূত্ৰৰ মতে "ইস্কন" ক মঙলদৈ চহৰৰ অন্য স্থানত ইতিমধ্যে মাটি আবণ্টন দিয়া হৈছে। গতিকে পুৰণা পুখুৰী থকা ঠাইখিনি মুকলি কৈ ৰাখি উক্ত স্থানত অবৈধ ভাবে ইস্কনৰ নাম লৈ মাফিয়া চক্ৰই বেদখল কৰা মাটিখিনি অনুষ্ঠানটোক আবণ্টন নিদিবলৈ আৰু সকলো ধৰণৰ স্থায়ী নিৰ্মাণ কাৰ্য্য মঙলদৈবাসীৰ বৃহৎ স্বাৰ্থত বন্ধ কৰিবলৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিয়ে দাবী জনাইছে । নতুবা গনতান্ত্ৰিক ভাৱে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে সংগঠনটোৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in