লকডাউনৰ সময়ত জ্যেষ্ঠ নাগৰিকৰ ঘৰে ঘৰে গৈ খবৰ ল’লে মঙলদৈ প্ৰেছ ক্লাবৰ সদস্যই…

লকডাউনৰ সময়ত জ্যেষ্ঠ নাগৰিকৰ ঘৰে ঘৰে গৈ খবৰ ল’লে মঙলদৈ প্ৰেছ ক্লাবৰ সদস্যই…

author-image
asomiyapratidin
New Update
লকডাউনৰ সময়ত জ্যেষ্ঠ নাগৰিকৰ ঘৰে ঘৰে গৈ খবৰ ল’লে মঙলদৈ প্ৰেছ ক্লাবৰ সদস্যই…

ডিজিটেল সংবাদ, মঙলদৈঃ লকডাউনৰ সময়চোৱাত সমগ্ৰ দেশৰ সৰ্বসাধাৰণ ৰাইজ ঘৰৰ ভিতৰতে আৱদ্ধ হৈ পৰিছে। বয়োজ্যেষ্ঠ জনৰপৰা কণমানিটোলৈ সকলোৱে গৃহবন্দি হৈ দিন অতিবাহিত কৰিব লগীয়া হোৱাটো অসহ্যকৰ হৈ পৰিছে। তেনে এক দিঘলীয়া জটিল সময়ত মঙলদৈ প্ৰেছ ক্লাবৰ সদস্য সকলে বাতৰি পৰিৱেশনৰ দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ লগতে স্বাস্থ্যৰ বুজ লৈছে মঙলদৈ চহৰৰ বহু বয়োজ্যেষ্ঠ নাগৰিকৰ। জ্যেষ্ঠ লোকসকলে এই লকডাউনৰ সময়ছোৱাত কেনেদৰে সময় অতিবাহিত কৰিছে তাৰো বুজ লয় সাংবাদিক সকলে।

Advertisment

মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি আব্দুল খালেক আৰু সম্পাদক মুকুট ৰাজ শৰ্মাৰ নেতৃত্বত উপদেষ্টা কন্দৰ্প চহৰীয়া, মদন বৰুৱা, সহকাৰী সম্পাদক লক্ষীনন্দন কলিতা, কাৰ্যালয় সম্পাদক উজ্জ্বলজ্যোতি ডেকা, সাংবাদিক নৱ মহন্ত, ধৰ্ম বৰুৱা, প্ৰাঞ্জল মহন্ত, প্ৰবীণ বৰুৱা , ৰমেশ নাথ, দ্বীপেন বৰুৱা আদিয়ে বিশিষ্ট বয়োজ্যেষ্ঠ ব্যক্তি ক্ৰমে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি, গীতিকাৰ তথা অৱসৰী অধ্যাপক ইদ্ৰিছ আলি, অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰ তথা অৱসৰপ্ৰাপ্ত মহকুমা চিকিৎসা বিষয়া ৮৬ বছৰীয়া ডাঃ চিৰাজুল হক, অনুবাদ সাহিত্যৰ বাবে সাহিত্য একাডেমী বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক তথা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তপেশ্বৰ শৰ্মা, দৰং জিলা মহিলা সমিতিৰ সভানেত্ৰী ৰাণী দেৱী, সুচিকিৎসক তথা দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱকে ধৰি বহু লোকৰ সৈতে মত বিনিময় কৰে।