
ডিজিটেল সংবাদ, ওদালগুৰিঃ মগলদৈ লোকসভা সমষ্টিত বিজেপি আৰু কংগ্ৰেছৰ প্ৰাৰ্থীক প্ৰত্তুত্বৰ দিবলৈ সাজু হৈছে ইউপিপিএল। বিটিচিৰ বিৰোধী ৰাজনৈতিক দল ইউ পি পি এলে কোকৰাঝাৰ আৰু মংগলদৈ সমষ্টিৰ প্ৰাৰ্থী ঘোষনাৰ পিছত শনিবাৰে ওদালগুৰিত মঙলদৈ লোকসভা সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ দৈমাৰীক এবছু-এনডিএফবি(প্ৰ)ৰ লগতে বিভিন্ন দল সংগঠনে বিপুল আদৰনী জনায়।
দৈমাৰীক আদৰণি জনোৱাৰ উদ্দেশ্যে শনিবাৰে ওদালগুৰি বিষ্ণুৰাভা প্ৰাংগণত এবছুৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক নেৰখাং খাকলাৰীৰ পৰিচালনাত অনুষ্ঠিত আদৰনী অনুষ্ঠানত অংশগ্ৰহণ কৰি এবছুৰ কেন্দ্ৰীয় উপসভাপতি দ্বিপেন বড়োৱে বিজেপি আৰু কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় – বিজেপিয়ে একাদিক্ৰমে তিনিবাৰ মঙলদৈ সমষ্টিক প্ৰতিনিধিত্ব কৰিলে তাৰে ভিতৰত ৰমেন ডেকাই দহবছৰে প্ৰতিনিধিত্ব কৰিলে কিন্তু তেওঁ সমষ্টিটোৰ উন্নয়নৰ হৈ সদনত মাত মতা পৰিলক্ষিত নহ'ল। আনহাতে বিগত নিৰ্বাচনৰ সময়ত বিজেপিয়ে বড়োসমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি নিৰ্বাচনী বৈতৰনী পাৰ হয় যদিও সাংসদ গৰাকীৰ লগতে বিজেপি চৰকাৰে বড়ো ৰাইজক চৰম প্ৰতাৰণা কৰা বুলি এবছু নেতা গৰাকীয়ে অভিযোগ কৰে। তেওঁ বড়ো ৰাইজৰ লগতে সকলো জনগোষ্ঠীক মঙলদৈ লোকসভা সমষ্টিত সৱল নেতৃত্বৰ বাৱে ইউপিপিএলৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ দৈমাৰীক জয়ী কৰাবলৈ আহ্বান জনায়।
ইপিনে এনডিএফবি(প্ৰ)ৰ নেতা এম গৰেমাই অনুষ্ঠানত ভাষন দি বিজেপিয়ে ৰাইজক প্ৰতাৰণা কৰা বুলি অভিযোগ কৰে। তেওঁ কয় বড়ো সমস্যাৰ সমাধানৰ বাৱেই আমি বিগত নিৰ্বাচনত বিজেপিক সমৰ্থন জানাছিলো। কিন্তু নিৰ্বাচনত জিকাৰ পিছত বিজেপি সাংসদ গৰাকীয়ে একো ভুমিকা গ্ৰহন নকৰিলে। সেয়েহে নিজৰ প্ৰতিনিধি প্ৰেৰণৰ বাৱেই ইউপিপিএলৰ বেনাৰত একত্ৰিত ভাৱে নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰা বুলি এনডি এফবি নেতা গৰাকীয়ে মন্তব্য কৰি আগল্তুক সময়ত সকলোৰে সহযোগিতা কামনা কৰে।