/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/4089d0fd-b2d3-4857-a4fb-8c9fe92f71e5.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ কোৰোনা ভাইৰাছৰ বিৰুদ্ধে দেশজুৰি চলি থকা লকডাউনৰ মাজতে দেশৰ এই দুৰ্যোগৰ সময়ত চৰকাৰলৈ মঙলদৈৰ বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে আৰ্থিক বৰঙণি আগবঢ়োৱা পৰিলক্ষিত হৈছে। 'দ্য মঙলদৈ ক্লাবে' ৰাজ্য চৰকাৰৰ আৰোগ্য নিধিলৈ ২৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়। একে দৰে প্ৰফুল্ল নগৰৰ যুৱ টেণ্ট হাউচ ব্যৱসায়ী বলিন্দ্ৰ বনিয়াই আৰোগ্য নিধিলৈ বিধায়ক গুৰুজ্যোতি দাসৰ জৰিয়তে ২৫ হাজাৰ টকা আগবঢ়ায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/a891a8c8-64c7-4128-8dc6-c33a9f39a031.jpg)
পশ্চিম গেৰিমাৰী ভূমি অধিকাৰ সমিতিয়ে পোন প্ৰথমবাৰৰ বাবে ১৯ এপ্ৰিল তাৰিখে এদিনীয়াকৈ 'বহাগৰ এদিন আৰু জিলা ভিত্তিত ৰচী টনা প্ৰতিযোগিতা' আয়োজন কৰিবলৈ ভাবিছিল। কিন্তু কোৰোনাৰ প্ৰভাৱ আৰু চৰকাৰৰ নিৰ্দেশৰ বাবে এয়া বাতিল কৰা হৈছিল। প্ৰথমখন ৰাজহুৱা সভাত ৰাইজৰ পৰা যিখিনি দান অনুষ্ঠানটি পাতিবলৈ উঠিছিল সেই আটাইখিনি ধন এতিয়া মুখ্যমন্ত্ৰীৰ অসম আৰোগ্য নিধিলৈ বুলি মঙলদৈৰ বিধায়কৰ হাতত মুঠ ২০,২২০ টকা জমা দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/54e15258-dc40-4b31-a378-51a1e5fcf34c.jpg)
তদুপৰি মঙলদৈ চহৰৰ নিকটৱৰ্টী হাউলী মোহনপুৰৰ কদমতলি সঞ্চয় আৰু ঋণদান সমবায় সমিতিয়েও আৰোগ্য নিধিলৈ ২৫ হাজাৰ টকা আগবঢ়াইছে। মঙলদৈ চহৰৰ আন এক বিশিষ্ট ধৰ্মীয় প্ৰতিষ্ঠান মঙলদৈ সনাতন ধৰ্ম সভাই অসম আৰোগ্য নিধিলৈ ২৫ হাজাৰ টকা আগবঢ়ায়। মঙলদৈ শংকৰ নগৰৰ অংশুমান ডেকাই মঙলদৈ সমষ্টিৰ বিধায়কৰ জৰিয়তে ১০ হাজাৰ টকা, ভেবাৰঘাট জে পি ইঞ্জানিয়াৰিঙৰ স্বত্বাধিকাৰী যতীন হাজৰিকাই ১০ হেজাৰ টকা, ভেবাৰঘাট কৃষ্টিসংঘই ২৫ হেজাৰ টকা ,উদীয়মান যুৱক মৃদুল কুমাৰ ডেকাই ১০ হেজাৰ টকা, ইফতিকাৰ খানে ৫ হেজাৰ টকা আৰু মঙলদৈ হৰিজন কলনিৰ বাসিন্দা সকলে ৫ হাজাৰ টকা বিধায়কগৰাকীৰ জৰিয়তে আগবঢ়াইছে ।
সেইদৰে ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাপ্ৰাপ্ত দাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক শশাংক হাজৰিকাই বিধায়ক গুৰুজ্যোতি দাসৰ জৰিয়তে অসম আৰোগ্য নিধিলৈ ১০ হেজাৰ টকা আগবঢ়ায় । ইয়াৰ উপৰিও মঙলদৈ জ্যেষ্ঠ সাংবাদিক গগণ চহৰীয়াই আৰোগ্য নিধিলৈ আগবঢ়াই ১০ হাজাৰ টকা, মঙলদৈ ঈদগাহ আৰু কবৰস্থান সমিতিয়ে ২৫ হেজাৰ টকা, ভালুকখোৱাপাৰা সাংস্কৃতিক বিকাশ কেন্দ্ৰই ৫ হেজাৰ টকা, মঙলদৈ অসামৰিক চিকিৎসালয়ৰ লেবৰটৰী টেকনিচিয়ান হৰি প্ৰসাদ শৰ্মাই ১০ হেজাৰ টকা, যুৱ ব্যৱসায়ী ৰবীন্দ্ৰ কুমাৰ ডেকাই ২৫ হেজাৰ টকা, নগৰবাহী কৰিমীয়া দাৰুল উলুম আৰু মাজাৰ সমিতিয়ে ৫০ হেজাৰ টকা, মোৱামাৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী ৰেখা বিশ্বাসে ৫ হাজাৰ টকা আগবঢ়াইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/88ea6e0d-46f5-4c38-bd4d-9fc13c095f10-1024x768.jpg)
তদুপৰি অসম ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক প্ৰনৱ বৰুৱাই ৩ হাজাৰ, মুকুট চন্দ্ৰ নাথে ৫ হাজাৰ, মৃদুল কলিতা ১হাজাৰ, ৰঙামাটি সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে ১০হাজাৰ, নিজ ছপাই কপৌ পাহি আত্ম সহায়ক গোটে ৪ হাজাৰ, মুদৈবৰী সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে ১০হাজাৰ , বামুন পাৰাৰ মুকুল বৈশ্যই ৩ হাজাৰ, ৰাজীৱ কুমাৰ ডেকাই ২৫ হাজাৰ, অবিভক্ত দৰং ওডালগুৰি ব্ৰাহ্মণ সভাই ২৫ হাজাৰ, নৰ্থ মঙলদৈ ক্লাবে ৫০ হেজাৰ টকা, মঙলদৈ বৰ মছজিদ পৰিচালনা সমিতিয়ে ২৫ হাজাৰ , মোৱামৰিয়া হৰি মন্দিৰ পৰিচালনা সমিতিৰ উপৰিও মঙলদৈৰ বিভিন্ন অনুস্থান প্ৰতিস্থানৰ লগতে উল্লেখ নকৰা আন আন ব্যক্তি কিছু সংখ্যকেও বাতৰি লিখা সময়লৈকে মঙলদৈৰ বিধায়কৰ জৰিয়তে অসম আৰোগ্য নিধিলৈ আৰ্থিক অৰিহণা আগবঢ়াই মহানুভৱতা দাঙি ধৰিছে। অসম আৰোগ্য নিধিলৈ যি সকলে আৰ্থিক অনুদান আগবঢ়াইছে সেই সকল লোক তথা অনুস্থান-প্ৰতিস্থানক অসম চৰকাৰৰ হৈ মঙলদৈৰ বিধায়ক গুৰু জ্যোতি দাসে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।