মঙলদৈ সমষ্টিত ৰমেন ডেকাৰ প্ৰাৰ্থীত্বক লৈ চৰ্চা, বড়ো ভোট বিভাজনৰ আশংকা

মঙলদৈ সমষ্টিত ৰমেন ডেকাৰ প্ৰাৰ্থীত্বক লৈ চৰ্চা, বড়ো ভোট বিভাজনৰ আশংকা

author-image
asomiyapratidin
New Update
মঙলদৈ সমষ্টিত ৰমেন ডেকাৰ প্ৰাৰ্থীত্বক লৈ চৰ্চা, বড়ো ভোট বিভাজনৰ আশংকা

ডিজিটেল সংবাদ, ওদালগুৰিঃ শনিবাৰে ঘোষনা হ'ব বিজেপিৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা। ফলত মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থীক লৈ ওদালগুৰিকে ধৰি লোকসভা সমষ্টিটোৰ ভিন্ন প্ৰান্তত চলিছে ব্যাপক চৰ্চা। উল্লেখ্য যে, বিগত দুটাকৈ লোকসভা নিৰ্বাচনত ৮ নম্বৰ মঙলদৈ লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হিচাপে ৰমেন ডেকাই জয়লাভ কৰি দহ বছৰ প্ৰতিনিধিত্ব কৰিলে সমষ্টিটোক। কিন্তু এইবাৰ সমষ্টিটোত ৰমেন ডেকাৰ প্ৰাৰ্থীত্বক লৈ বিভিন্ন মহলত চলিছে ভিন্ন চৰ্চা।

Advertisment

ইফালে ৰাষ্ট্ৰীয় দলটোৰ মঙলদৈ সমষ্টিৰ প্ৰাৰ্থী তালিকাত আছে ৰমেন ডেকাৰ লগতে জয়ন্ত মল্ল বৰুৱা আৰু দিলীপ শইকীয়াৰ নাম। বিজেপিৰ সৈতে বুজাবুজি মৰ্মে মঙলদৈ সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক সমৰ্থন জনাব বিপিএফ দলে। বিপিএফে সমষ্টিটোৰ বাবে বিচাৰে সাংসদ ৰমেন ডেকাক। এই কথা বিপিএফৰ ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে ইতিমধ্যে ইংগিত দিছে।

প্ৰদীপ কুমাৰ দৈমাৰী…
প্ৰদীপ কুমাৰ দৈমাৰী…

উল্লেখ্য যে, মঙলদৈ সমষ্টিৰ অন্তৰ্গত ওদালগুৰি জিলা খনত বিপিএফৰ ব্যাপক প্ৰভাৱ আছে। জিলাখনৰ তিনিটাকৈ বিধানসভা সমষ্টিত আছে বিপিএফ বিধায়ক। তেনে ক্ষেত্ৰত বিজেপিয়ে উক্ত সমষ্টিটোত কাক প্ৰাৰ্থীত্ব প্ৰদান কৰে সেয়া লক্ষনীয় হৈ পৰিছে। আনহাতে বিপিএফ-বিজেপিৰ বুজা বুজিত আউল লগাবলৈ সাজু হৈছে বিটিচিৰ বিৰোধী ৰাজনৈতিক দল ইউজি ব্ৰহ্মৰ নেতৃত্বাধীন ইউপিপিএল। মঙলদৈ লোকসভা সমষ্টিৰ বাবে দলটোৱে প্ৰাৰ্থীত্ব ঘোষণা কৰিছে এবছুৰ প্ৰাক্তন উপ-সভাপতি, বিএচিৰ প্ৰাক্তন উপাধ্যক্ষ তথা ইউপিপিএলৰ সাধাৰন সম্পাদক প্ৰদীপ কুমাৰ দৈমাৰীক।

সাংসদ ৰমেন ডেকা…
সাংসদ ৰমেন ডেকা…

য'ত আছে বড়ো জাতীয় সংগঠন এবছু আৰু এনডিএফবিৰ প্ৰত্যক্ষ সহযোগ। ফলত বড়ো ভোট বিভাজন হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে। এনে প্ৰেক্ষাপটত যি বিপিএফৰ সমৰ্থনৰ বাবেই সাংসদ ডেকাই তৃতীয়বাৰৰ বাবে মঙলদৈত বিজেপিৰ দলীয় প্ৰাৰ্থীত্বৰ দাবীদাৰ হৈ পৰিছে তেনে ক্ষেত্ৰত ইউপিপিএলৰ প্ৰাৰ্থীত্বই বিপিএফ আৰু বিজেপিৰ নিৰ্বাচনী সমীকৰনত আউল লগোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। অৱশ্যে নিৰ্বাচনৰ বাবে দলসমূহে কি ৰণকৌশল তৈয়াৰ কৰে সেয়া হ'ব লক্ষণীয়।