গ্ৰন্থৰ সুবাসেৰে উদ্ভাসিত হ’ল মঙলদৈ গ্ৰন্থমেলা ২০২১…

গ্ৰন্থৰ সুবাসেৰে উদ্ভাসিত হ’ল মঙলদৈ গ্ৰন্থমেলা ২০২১…

author-image
asomiyapratidin
New Update
গ্ৰন্থৰ সুবাসেৰে উদ্ভাসিত হ’ল মঙলদৈ গ্ৰন্থমেলা ২০২১…

ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ সহযোগত ২৩ ফ্ৰেব্ৰুৱাৰীৰ পৰা ২৮ ফ্ৰেব্ৰুৱাৰী ২০২১ তাৰিখলৈ ছয় দিনীয়াকৈ মঙলদৈ প্ৰেছ ক্লাবৰ সন্মুখত জিলা পুথিভঁৰাল বাকৰিত মঙলদৈ গ্ৰন্থ মেলা ২০২১ আৰম্ভ হ'ল ৷ মঙ্গলবাৰে বিয়লি ৩ বজাত দৰং জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই দ্বাৰ উন্মোচন কৰি মুকলি কৰে গ্ৰন্থ মেলাৰ।

ইয়াৰ পিছতেই গ্ৰন্থমেলা আয়োজক সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক গুৰুজ্যোতি দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় উদ্বোধনী সভা । সভাতেই বহু কেইজন নবীন প্ৰবিনৰ গ্ৰন্থ উন্মোচন কৰা হ'ল।

গ্ৰন্থ মেলাত উন্মোচন হোৱা গ্ৰন্থ সমুহ ভাৱনাৰ মালিতা, লিখক মনিন্দ্ৰ বৈশ্য, উন্মোচক ড পৰমা ৰাজবংশী। ভেট ফুলৰ মৌ , কবি লিলি বৈশ্য কলিতা, উন্মোচক তৰুণ আজাদ ডেকা, বীৰ বীৰঙ্গানাৰ কাহিনী,লিখক ড,লীনা শইকীয়া,উন্মোচক উপায়ুক্ত দিলীপ কুমাৰ বৰা।সন্ধিয়া ৬ বজাত অসম নাট্য সন্মিলনৰ মঙলদৈ গোটৰ নিবেদন বিপুল কুমাৰ চলিহাৰ পৰিচালিত " বাহীৰ আৰৰ হাঁহি " নামৰ এখন নাট প্ৰদৰ্শন কৰা হ'ব ৷