/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/11/himanta68494d27-fd9d-4e63-9e39-ac7fdba62623.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ "সুধাকন্ঠই অসম সাহিত্য সভাৰ সভাপতি হিচাবে নিৰ্বাচিত হোৱাৰ সময়ত নিৰ্মমভাবে অন্যায় কৰিছিল একাংশই। তেওঁ দাদা চাহেব ফাল্কে বঁটা লাভ কৰোতেও বহুতে সমালোচনা কৰিছিল যে এই বঁটা ৰাজনীতিৰ বাবেহে পাইছিল।"- ড০ হিমন্ত বিশ্ব শৰ্মা।
২০১১ চনৰ ১১ নৱেম্বৰ তাৰিখে ভাৰত ৰত্ন, সুধাকণ্ঠ, সংগীত সূৰ্য্য ডঃ ভূপেন হাজৰিকাদেৱে তেখেতৰ গুনমুগ্ধ আত্মীয় কুতুম্ব এৰি আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে গুচি গৈছিল। তেখেতৰ মৃত্যু দিনটো "স্মৃতি দিৱস" হিচাপে পালন কৰি অহা হৈছে। অসমৰ আন ঠাইৰ লগতে মঙলবাৰে মঙলদৈত ড০ ভূপেন হাজৰিকা স্মৃতিৰক্ষা সমিতি দৰঙৰ উদ্যোগত সুধাকণ্ঠৰ অষ্টম স্মৃতি দিবস আৰু মঙলদৈস্থিত ড০ ভূপেন হাজৰিকা উদ্যানৰ মুখ্যতোৰণ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয় । এই মুখ্যতোৰণ উন্মোচন কৰে অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই।
অনুষ্ঠানৰ কাৰ্যসূচী হিচাপে ৰাতিপুৱা ৭ বজাত ভূপেন হাজৰিকা উদ্যানত গছ পুলি ৰোপন কৰে বিশিষ্ট চিকিৎসক ডাঃ অৰবিন্দ ডেকাই । ৮.৩০ বজাত ড০ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ পতাকা উত্তোলন কৰে স্মৃতিৰক্ষা সমিতিৰ সভাপতি মঙলদৈ বিধান সভা সমষ্টিৰ বিধায়ক গুৰু জ্যোতি দাসে । ৯.৩০ বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ড০ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তিত মাল্য প্ৰদান কৰে স্মৃতিৰক্ষা সমিতিৰ কাৰ্যকৰী বাসৱ চন্দ্ৰ ডেকাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/11/himanta-8acc2e84-d999-47b9-812b-a64fcbbd2881-1024x682.jpg)
বন্তি প্ৰজ্বলন কৰে ড০ ভূপেন হাজৰিকা দেৱৰ প্ৰতিমূৰ্তিৰ আৰু উদ্যানৰ তোৰণ দাতা কুলেন হাজৰিকাই । ১০ বজাত ড০ ভূপেন হাজৰিকাৰ উদ্যানৰ মুখ্যতোৰণ শিক্ষাগুৰু বাপুৰাম হাজৰিকা স্মৃতি তোৰণ উন্মোচন অনুস্থান হৈ যায় । তোৰণ উন্মোচনী সভাত উপস্থিত থাকে মঙলদৈ বিধান সভা সমষ্টি বিধায়ক তথা স্মৃতিৰক্ষা সমিতিৰ সভাপতি গুৰুজ্যোতি দাস। ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া লগতে দৰং জিলাৰ উপায়ুক্ত ঘণশ্যাম দাসকে ধৰি আন বহু লোক ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/11/himanta-9923ae70-3fc0-43f5-adea-67227eba06c6-1024x682.jpg)
উন্মোচনী ভাষণত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূপেন হাজৰিকাৰ জীৱন কালৰ বিষয়ে সোঁৱৰণ কৰি কয়- 'সুধাকন্ঠই অসম সাহিত্য সভাৰ সভাপতি হিচাবে নিৰ্বাচিত হোৱাৰ সময়ত নিৰ্মমভাবে অন্যায় কৰিছিল একাংশই। আনকি তেওঁ দাদা চাহেব ফাল্কে বঁটা লাভ কৰোতেও বহুতে সমালোচনা কৰিছিল যে এই বঁটা ৰাজনীতিৰ বাবেহে পাবলৈ সক্ষম হৈছে। কিন্তু সেই গৰাকী ব্যক্তিৰ আজি মৃত্যুৰ পিছতো যশ কৃতিত্ব থাকি গ'ল। ২০১১চনৰ আজিৰ দিনটোত শদিয়াৰ পৰা ধুবুৰীলৈ মানুহৰ মাজত যি শোকৰ ছাঁ পৰিছিল, জালুকবাৰীত মানুহৰ যি সমদল হৈছিল তাতেই প্ৰমাণিত হৈছিল ভূপেন হাজৰিকা অসমৰ অসমীয়াৰ কোন আছিল । এইয়াই আচলতে এজন মানুহৰ কৃতিত্ব।'