মঙলদৈত ব্যয়বহুল মাৰ্বলৰে নিৰ্মিত মা দুর্গাৰ প্ৰতিমাৰে পূজা…

মঙলদৈত ব্যয়বহুল মাৰ্বলৰে নিৰ্মিত মা দুর্গাৰ প্ৰতিমাৰে পূজা…

ডিজিটেল সংবাদ, মঙলদৈঃ সাম্প্ৰতিক সময়ত মহামাৰী কোৰোণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে চৰকাৰে দুৰ্গা পূজা পালনৰ ক্ষেত্ৰত পূজা সমিতি সমূহক কেতবোৰ নীতি-নিৰ্দেশনা বান্ধি দি কম সংখ্যক ভক্তৰে দুৰ্গা পূজা অনুষ্টুপীয়াকৈ পালনৰ নিৰ্দেশ দিয়াৰ সময়তে দৰং জিলাৰ মঙলদৈত এখন পূজা মণ্ডপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই পূজা ইতিমধ্যে আৰম্ভ হৈছে মঙলদৈৰ এক নং বামুণপাৰাত।

উল্লেখযোগ্য যে, মঙলদৈ নগৰৰ নিকটৱৰ্তী ১ নং বামুণপাৰা এখন ৪০০ বছৰীয়া পুৰণি গাওঁ। এই গাওঁ খনত ২০০ বছৰ পূৰ্বৰ পৰাই মহা আৰম্বৰ পূৰ্ণ ভাৱে দেৱ-দেৱী সকলৰ পূজা চলি অহা বুলি জানিব পৰা গৈছে । ১৯৯৩ চনৰ পৰা চলি অহা এই দুৰ্গা পূজা এইবাৰ এক  ব্যতিক্ৰমী প্ৰচেষ্টাৰে পালন কৰা হৈছে। ৪০ লাখ টকা খৰচ কৰি ৰাজস্থানৰ জয়পুৰৰ পৰা কিনি অনা হৈছে  মাৰ্বল পাথ্বৰেৰে নিৰ্মিত ব্যয়বহুল দুৰ্গাৰ প্ৰতিমূৰ্তি।

দূৰ্গাৰ লগতে নিৰ্মাণ কৰা হৈছে গণেশ, কাৰ্তিক, লক্ষ্মী আৰু সৰস্বতীৰ মূৰ্তি। নৱৰাত্ৰি তৃতীয় দিনা স্থাপন কৰা হয় এই মূৰ্তি । চৰকাৰী কোনো অনুদান নোহোৱা কৈ ৰাইজৰ দান বৰঙণিৰ দ্বাৰা মুঠ প্ৰায় ১ কোটি টকা খৰচ কৰি চালে চকুৰোৱা দুৰ্গা মন্দিৰ নিৰ্মান কৰি ষষ্ঠী দিনা খনৰ পৰা সম্পূৰ্ণ বৈদিক প্ৰথাৰে পূজা অৰ্চনা কৰি অহা হৈছে। শনিবাৰে দিনটো মহা ধুমধামেৰে অষ্টমী পূজা পালন কৰা হৈছে। অৱশ্যে দুদিন ধৰি হৈ থকা বৰষুণৰ বাবে আহুকালত পৰিছে পূজা উদযাপন সমিতি। ইতিমধ্যে নাম -প্ৰসংগ ওজাপালি আদিৰে অঞ্চলটোত বিৰাজ কৰিছে উৎসৱ মুখৰ পৰিৱেশ।

পূজা উদযাপন সমিতিৰ সভাপতি প্ৰণৱ কুমাৰ শৰ্মাই কয় যে, অসমৰ ভৌগোলিক মানচিত্ৰত দৰং জিলাৰ এক সুকীয়া স্থান আছে । বিশেষকৈ সনাতন ধৰ্মপ্ৰচাৰৰ ক্ষেত্ৰত বিশেষ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে দৰং জিলাই। বিভিন্ন প্ৰদূষণ আৰু জীৱকুলৰ  কথা চিন্তা কৰি এইবাৰ দুৰ্গা পূজাৰ প্ৰতিমূৰ্তি বিসৰ্জনৰ পৰা বিৰত থকাৰ কথা সদৰী কৰে  বামুনপাৰা দুৰ্গা পূজা উদযাপন কমিটিয়ে । কিয়নো, বিসৰ্জনৰ ফলত প্ৰতিমূৰ্তিত  থকা বিভিন্ন ৰাসায়নিক পদাৰ্থ সমূহেও পানী প্ৰদুৰ্ষণ কৰে সেয়েহে বামুনপাৰা দুৰ্গা পূজা কমিটীয়ে স্থায়ী মাৰ্বল পাথৰৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে। লগতে বিসৰ্জনৰ পৰা দূৰত থাকিব। বৰ্তমান দৰং জিলাৰ  সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে বামুণপাৰাৰ এই দুৰ্গা মন্দিৰ। 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in