ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ প্ৰতিটো শৌচালয়ৰ বাবদ এক হেজাৰ টকা দিয়ক আৰু তাৰ পাছত বিল লৈ যাওক- মহকুমা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এগৰাকী উপ সংমণ্ডলৰ বিৰুদ্ধে এই অভিযোগ আনিছে ঠিকা লৈ কাম কৰা একাংশ বেচৰকাৰী স্বেচ্ছাসেৱী সন্থাই। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অধীনত থকা একমাত্ৰ মহকুমা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত দীৰ্ঘদিনৰ পৰা টকাৰ খেল চলি থকাৰ অভিযোগ উত্থাপন হৈছে।
দৰিদ্ৰ সীমা ৰেখাৰ তলৰ হিতাধিকাৰীৰ বাবে চৰকাৰে একো একোটা শৌচালয় নিৰ্মান কৰি দিয়ে অনাময় আঁচনিৰ যোগেদি। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে কামৰ বাবে দায়িত্ব দিয়া হয় এনজিঅ' অৰ্থাৎ বেচৰকাৰী স্বেচ্ছাসেৱী সন্থাক। কিন্তু একাংশ এনে সন্থাই সঠিক ভাবে কাম নকৰি দৰিদ্ৰ লোকৰ প্ৰাপ্য খিনিও কাঢ়ি নি দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া।
আনহাতে, একাংশ পঞ্চায়তত কাম নকৰাকৈয়ে শৌচালয়ৰ ধন আত্মসাৎ কৰাৰ অভিযোগ এনজিঅ', জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে আৰু ইয়াৰ মাজতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এছ ডিঅ' অৰ্থাৎ উপ সংমণ্ডল বিষয়া ছফিয়ৰ ৰহমান মৌগল একো একোটা শৌচালয়ৰ বিল আদায় দিয়াৰ নামত এহাজাৰ টকাকৈ এনজিঅ'ৰ পৰা দাবী কৰাত এইদৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হৈছে। এনজিঅ'ৰ কৰ্মকর্তা সকলে বিষয়াজনক ঘেৰাও কৰি এইদৰে ধন লোৱাৰ অভিযোগ উত্থাপন কৰিছে।
জিলাখনত বৰাইৰ আলগা গাঁও পঞ্চায়তত শ শ শৌচালয় নিৰ্মাণৰ কৰা হৈছে বুলি কাগজে-কলমে উল্লেখ আছে। কিন্তু বাস্তৱত পঞ্চায়তখনত দুই চাৰিটাৰ বাহিৰে নাই কোনো শৌচালয়। পাঞ্চায়ত খনত কিমান শৌচালয় নিৰ্মান কৰা হৈছে বুলি সাংবাদিকে প্ৰশ্ন কৰাত বিষয়া জনে উত্তৰ দিব নোৱাৰাৰ বিপৰীতে জিলা খনত ৫টা পানী যোগান আঁচনি চলি থকাৰ দাবী কৰিছে। প্ৰকৃততে জিলাখনত লাখ লাখ টকাৰে নিৰ্মান কৰা পৰা ৪০টা বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ এখন আচঁনিও বাস্তৱত চলি থকাৰ নজিৰ নাই।