/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/agrani-news-750x430.jpg)
ডিজিটেল সংবাদ, মুছলপুৰঃ মানকাচৰৰ মানুল্যাপাৰাত উত্তপ্ত পৰিস্থিতি। স্বাধীনতা দিৱস উপলক্ষে নিশা আয়োজন কৰা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানকলৈ সৃষ্টি হৈছে এই পৰিস্থিতি। ঘটনা অনুসৰি উক্ত অনুষ্ঠানত মানুল্যাপাৰাৰ বামুণপাৰা আৰু বাংগলাপাৰা ৰাইজৰ মাজত মাৰপিটৰ সৃশ্টি হৈছিল।
উক্ত ঘটনাক কেন্দ্ৰ কৰি শনিবাৰে বাংগলাপাৰা গাঁৱৰ আইজাল হক সহ দুৰ্বৃত্তৰ দল এটাই বামুণপাৰা গাঁৱৰ ছাত্ৰ-ছাত্ৰী, ৰাইজক ৰাস্তাৰে অহা-যোৱা কৰাত বাধা প্ৰদান কৰে। স্কুললৈ যোৱা ছাত্ৰ ছাত্ৰীক লাঠি দেখুৱাই ঘৰলৈ উভতাই পঠিওৱাৰ পাছতেই আন একাংশ লোক উত্তেজিত হৈ পৰে।
বামুণপাৰা গাঁৱৰ পৰা মানুল্যাপাৰা বজাৰ তথা কেইবাখনো বিদ্যালয়লৈ যোৱা একমাত্ৰ পথ হৈছে বাংগলাপাৰা গাঁৱৰ পথ। এই সুযোগ লৈ বাংগলাপাৰাৰ আইজালে বামুণপাৰা গাঁৱৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীক যাতায়তত বাধা প্ৰদান কৰে। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত আইজাল হক সহ তেওঁৰ দল পলায়ন কৰে।
ইফালে স্কুললৈ যাব নোৱাৰা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বজাৰত যাব নোৱাৰা ব্যৱসায়ী ৰাইজে বামুণপাৰাত একত্ৰিত হৈ উচিত তদন্তৰ দাবী জনাইছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
Also Read: বিশ্বৰ সৰ্বাধিক মুছলমান থকা দেশত কি দৰে পৰিছিল ভাৰতীয় ভাষা-সংস্কৃতিৰ প্ৰভাৱ