ড্ৰাগছ ৰেকেটৰ বিৰুদ্ধে গুৱাহাটীত মানকাচৰ আৰক্ষীৰ অভিযান...

মহানগৰীৰ আমবাৰীত গ্ৰেপ্তাৰ থেমিছ মেডিকেয়াৰ কোম্পানীৰ আঞ্চলিক প্ৰবন্ধক; ধৃত মেনেজাৰ জনৰ নাম ৰাজেশ শ্বাহ...

author-image
Asomiya Pratidin
New Update
ড্ৰাগছ ৰেকেটৰ বিৰুদ্ধে গুৱাহাটীত মানকাচৰ আৰক্ষীৰ অভিযান...

ডিজিটেল সংবাদ, মানকাচাৰ : মানকাচাৰ আৰক্ষীয়ে ড্ৰাগছ ৰেকেটৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। নিশা মানকাচৰ আৰক্ষীৰ দল এটা গুৱাহাটী মহানগৰীৰ আমবাৰীত অভিযান চলাই থেমিছ মেডিকেয়াৰ কোম্পানীৰ আঞ্চলিক প্ৰবন্ধকক গ্ৰেপ্তাৰ কৰে।

Advertisment

আনহাতে বঙাইগাঁও এম জি ৰোড অঞ্চলৰ প্ৰয়াত হৰি মোহন শ্বাহৰ পুত্ৰ ৰাজেশ শ্বাহক মানকাচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী সুত্ৰে জানিব দিয়া মতে, থেমিছ মেডিকেয়াৰ কোম্পানীটোৰ পৰা নিচাযুক্ত টেবলেট আৰু কফ চিৰাফ ড্ৰাগছ ব্যৱসায়ীক যোগান ধৰি আহিছিল। কোম্পানীটোয়ে নিষিদ্ধ কফ চিৰাফ আৰু টেবটেল গুৱাহাটীৰ আদাবাৰীৰ এটা ড্ৰাগ বিতাৰকৰ দ্বাৰা গোৱালপাৰা ৰৌশন ড্ৰাগ ডিষ্ট্ৰিউবুটাৰলৈ কোৰিয়াৰ ছাৰ্ভিছযোগে প্ৰেৰণ কৰে।

আৰক্ষীয়ে জানিব দিয়া মতে, ৰৌশন ড্ৰাগ ডিষ্ট্ৰিউবুটৰ এটা ভুৱা ফাৰ্ম। ভুৱা ফাৰ্মৰ নামত ড্ৰাগছ ব্যৱসায়ীয়ে নিষিদ্ধ কফ চিৰাফ আৰু নিচাযুক্ত টেবলেট আনি মানকাচৰৰ বিভিন্ন এলেকাৰ লগতে মেঘালয় আৰু বাংলাদেশত সৰবৰাহ কৰে। ঘটনা সন্দৰ্ভত এতিয়ালৈ মানকাচৰ আৰক্ষীয়ে ৬ জনক গ্ৰেপ্তাৰ কৰিছে । পূ্ৰ্বে গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ মাফিয়া কেইটা হৈছে গুৱাহাটীৰ ঔষধ বিতাৰক ৰাকেশ মজুমদাৰ, গোৱালপাৰাৰ কোৰিয়াৰ চাৰ্ভিছৰ গৰাকী ত্ৰিদীপ গোস্বামী, ধুবুৰীৰ গাড়ী চালকৰূপী ড্ৰাগছ সৰবৰাহকাৰী মোবাৰক হুছেইন, মানকাচৰৰ ড্ৰাগছ ব্যৱসায়ী সঞ্জীৱ বৰ্মন আৰু মানকাচৰৰ মেহেতাব আলম ।

লক্ষণীয় যে ১৫২/২৩ নম্বৰত পঞ্জীয়ন হৈ থকা গোচৰৰ ভিত্তিত মানকাচৰ আৰক্ষীয়ে ড্ৰাগছ ৰেকেটৰ বিৰুদ্ধে এটাৰ পাচত আন এটা ড্ৰাগছ মাফিয়া গ্ৰেপ্তাৰ কৰি থকা পৰিলক্ষিত হৈছে। কিছুদিন পূৰ্বে মানকাচৰ আৰক্ষীয়ে ১০ লক্ষাধিক টকাৰ ড্ৰাগছ আৰু এটা বলেৰ' বাহন জব্দ কৰিছিল । পুনৰ এই ড্ৰাগছ ৰেকেটৰ বিৰুদ্ধে ধুবুৰীত মানকাচৰ আৰক্ষীয়ে অভিযান চলাব বুলিও জানিব পৰা হৈছে।

Also Read: কেদাৰনাথৰ ইতিহাস : মহাভাৰতে কি কয় কেদাৰনাথৰ কথা...

Assam police