/asomiyapratidin/media/media_files/2025/05/09/eh5lJD7xPcei6fk1zwgK.jpg)
ডিজিটেল ডেস্কঃ বৰ্তমানৰ দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলো বিহুৰ অনুষ্ঠান বাতিল কৰিলে শিল্পী মানস ৰবীনে। সামাজিক মাধ্যমৰ জৰিয়তে শিল্পীগৰাকীয়ে এই বিষয়ে অৱগত কৰিছে। তেওঁ ফেচবুকত লিখিছে- ''বৰ্তমান দেশৰ পৰিস্থিতি অনুধাৱন কৰি আৰু চুক্তি হৈ থকা উদযাপন সমিতিসমূহৰ লগত আলোচনা কৰি ৰাজ্যৰ মূৰব্বী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানলৈ সঁহাৰি জনাই ১০মে' তাৰিখৰ পাছৰ সকলোবোৰ সাংস্কৃতিক অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ (অসম্পাদিত)।''
উল্লেখ্য যে, আজি পুৱাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ১০ মে'ৰ পাছত সকলো বিহুৰ অনুষ্ঠান বাতিল কৰিবলৈ আহ্বান জনাইছিল। দেশৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
তেওঁৰ এক্স হেণ্ডেলত ১০ মে’ৰ পিছৰ সকলো বিহুৰ অনুষ্ঠান বাতিল কৰাৰ আহ্বান জনাই এক পোষ্ট কৰিছে। য’ত তেওঁ বিগত এমাহে অতি আনন্দৰে সমগ্ৰ অসমতে বিহুৰ সাংস্কৃতিক অনুষ্ঠান উদযাপন কৰাৰ কথা কৈ ইয়াৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জনাইছে।
তেওঁ এতিয়া এই উৎসৱৰ সামৰণি মৰাৰ সময় আহি পৰিছে বুলি উল্লেখ কৰি কয়, ১০ মে’ৰ পৰা নিৰ্ধাৰিত বাকী থকা সকলো বিহু অনুষ্ঠান সৌজন্যতাৰে বাতিল কৰিবলৈ বিনম্ৰ আহ্বান জনাইছো।
উল্লেখ্য যে, বৃহস্পতিবাৰৰ পৰা যি পূৰ্ণ পৰ্যায়ৰ যুদ্ধৰ দৰে এক পৰিস্থিতিৰ সূচনা হৈছে তাৰ মাজতো বিহুৰ অনুষ্ঠান অনুষ্ঠিত হৈ থকাক লৈ সামাজিক মাধ্যমতো বিশেষ চৰ্চা লাভ কৰিছিল। বহুতেই দাবী কৰিছিল এনে বিহুৰ অনুষ্ঠান বাতিল কৰিবলৈ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যুদ্ধ পৰিস্থিতিৰ কথা উল্লেখ নকৰিলেও বৰ্তমানৰ এই পৰিস্থিতিৰ বাবেই যে বিহুৰ অনুষ্ঠান বাতিলৰ আহ্বান জনাইছে সেয়া স্পষ্ট হৈছে।
Over the past month, we have joyfully celebrated Bihu across Assam through numerous cultural events. I sincerely thank everyone for their enthusiastic participation and contributions.
— Himanta Biswa Sarma (@himantabiswa) May 9, 2025
However, the time has now come to conclude this festive season. I humbly appeal that all…