এই যাদুঘৰ আছে অসমত। আছে তাত বহু আপুৰুগীয়া সম্পদ। কিন্তু ৰাজ্য চৰকাৰে মূল বুজা নাই সেই সম্পদৰাজিৰ। চলাইছিল তাত উচ্ছেদ অভিযানো। এজন ব্যক্তিৰ উদ্যোগত গঢ় লৈ উঠা বিশ্ববাসীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব পৰা সেই সংগ্ৰহালয়ৰ গৰাকী পিকলু ডেকাৰ সৈতে মৃদুল কুমাৰ সন্দিকৈৰ 'মনৰ কথা'…
এটা আপুৰুগীয়া সম্পদৰ ভঁড়াল। এই সংগ্ৰহালয়টোত থকা প্ৰত্যেকটো বস্তুৱে বহন কৰিছে ঐতিহ্য। ১৯৬০ চনতে ছেলফ ষ্টাৰ্ট হোৱা স্কুটাৰ চলিছিল ভাৰতত। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সেনা বাহিনীয়ে ব্যৱহাৰ কৰা বহুতো সা-সামগ্ৰী, যান-বাহনেৰে ভৰি পৰিছিল অসম।
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বিমানৰ পৰা পেৰাছ্যুতেৰে জঁপিওৱা সেনাই পিঠিত লৈ আহিছিল ফল্ডিং বাইচাইকেল। কেৱল বাইচাইকেলে নহয়, পিঠিত লৈ আহিব পৰা মটৰ চাইকেলো আছিল তেতিয়া। কিন্তু এইবোৰ এতিয়া অতীত। সেই পুৰণি ঐতিহ্যপূৰ্ণ সম্পদবোৰে বহন কৰে অতীতৰ স্বাক্ষৰ।
ব্ৰিটিছে ভাৰত তথা অসমত শাসন কৰা সময়ত ন ন যন্ত্ৰ ব্ৰিটিছৰ জৰিয়তে অসমলৈ আমদানি হৈছিল। হিটলাৰে প্ৰস্তুত কৰিবলৈ দিয়া বিশ্বৰ আটাইতকৈ জনপ্ৰিয় বাহনখনো তেতিয়াই আহিছিল অসমলৈ । সময়ৰ সোঁতত সেইবোৰ পুৰণি হ'ল যদিও তাৰ ঐতিহাসিক মূল্য এতিয়াও হ্ৰাস পোৱা নাই। বৰঞ্চ তেনে সম্পদবোৰৰ মূল্য দিনকদিনে বৃদ্ধি পাইছে।
গুৱাহাটী উপকন্ঠ অঞ্চলতে আছে এনে এটা সংগ্ৰহালয়। পূৰ্বতে পৃথক স্থানত এজন ব্যক্তিৰ প্ৰচেষ্টাত এই সংগ্ৰহালয়টো গঢ় লৈ উঠিছিল। পিপলু ডেকা নামৰ বিদ্যুৎ পৰিষদত কৰ্মৰত ব্যক্তিগৰাকীয়ে ব্যক্তিগত প্ৰচেষ্টাৰে গঢ়ি তোলা এই সম্পদৰাজিলৈ বিশ্ববাসীৰে চকু।
বিভিন্ন প্ৰান্তৰ পৰা তেওঁৰ সৈতে যোগাযোগ কৰিছে যে, বিশাল ধনৰ বিনিময়ত তেওঁৰ এই সম্পদৰাজি বিক্ৰী কৰিব লাগে। কিন্তু তেওঁ সেয়া কৰিব নিবিচাৰে। তেওঁৰ মতে এয়া অসমৰ সম্পদ। ব্ৰিটিছে অসমৰ বহু মূল্যবান সম্পদ লৈ গৈছিল। তাৰ ভিতৰত আছিল গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰ। সেই অভিজ্ঞতাৰে তেওঁ দৃঢ় প্ৰতিজ্ঞ এই মূল্যবান সম্পদ সমূহ অসমৰ কৰি ৰখোৱা।
পূৰ্বৰ যি স্থানত তেওঁ এই সংগ্ৰহালয় গঢ়ি তুলিছিল, দুবছৰমানৰ পূৰ্বে তাত চলিছিল উচ্ছেদ অভিযান। বন বিভাগৰ মাটি বুলি তেওঁ নজনাকৈ ক্ৰয় কৰিছিল সেই ভূমি। সেয়েহে বন বিভাগৰ উচ্ছেদ অভিযানৰ বাবে তেওঁ স্থানান্তৰ কৰিব লগা হৈছিল অতি কষ্টৰে জেপৰ ধন খৰচ কৰি গঢ় দিয়া এই সংগ্ৰহালয়টো।
স্থানৰ অভাৱত এতিয়া সোণাপুৰৰ মেধিকুছি অঞ্চলত ৩০ হাজাৰ টকা ভাড়া লৈ এই সংগ্ৰহালয়টো পুনৰ গঢ়িছে। ধন আৰু বিজ্ঞান সন্মত সংৰক্ষণৰ অভাৱত বহু সা-সম্পত্তি জহিও গৈছে। প্ৰতিমাহে পকেটৰ পৰা ৫০ হাজাৰ টকাৰো অধিক ধন ব্যয় কৰে তেওঁ।
য'তেই পুৰণি সা-সামগ্ৰীৰ সন্ধান পাই, তালৈকে তেওঁ দৌৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে পৰ্যটন বিভাগক এই ঐতিহ্যপূৰ্ণ আৰু মূল্যবান সম্পত্তিসমূহ উপযুক্ত সংৰক্ষণ দিবলৈ নিৰ্দেশ দিছিল যদিও, সেই নিৰ্দেশ কাৰ্যত কাৰ্যকৰী নহ'ল।
তাৰপাছত তেওঁ এইদৰে এই বিশাল সম্পদৰাজিক লৈ চিন্তিত হৈ পৰিছে। বাহিৰৰ বণিক গোষ্ঠীৰ চকু পৰিছে তেওঁৰ এই সম্পদৰ ওপৰত। বিশ্বৰ প্রথমখন মটৰ চাইকেল সংৰক্ষণ কৰি ৰাখিছে তেওঁ। ৰাজীৱ গান্ধীয়ে মিজোৰাম ভ্ৰমণলৈ আহোতে নিজেই এখন বাহন চলাই ছোনিয়া গান্ধীৰ সৈতে মিজোৰাম ফুৰিছিল।
সেই বিশেষ বাহনখনো তেওঁৰ সংগ্ৰহালয়ত আছে। ইয়াৰ উপৰিও আছে অবিশ্বাস্য যেন লগা বহু পুৰণি সম্পদ। কিন্তু ৰাজ্য চৰকাৰে এনে এক প্ৰচেষ্টাক উদঙণি জনোৱাৰ সলনি তেওঁৰ সংগ্ৰহালয়ত চলালে উচ্ছেদ অভিযান।
এতিয়া তেওঁ এই সম্পদৰাজিক লৈ চিন্তিত। এদিন তেওঁ গুচি যাব এই সংসাৰ এৰি। তেতিয়া কোনে চাব এই সম্পদবোৰ। তেওঁৰ বাবে এয়া এক হবিয়ে নহয়, এই সম্পদবোৰতে লুকাই আছে তেওঁৰ প্ৰাণ। ৰাজ্য চৰকাৰে আজিও এই সম্পদৰাজিৰ মূল্য বুজা নাই।
এটা গাড়ী নিৰ্মাণ কোম্পানীয়ে তেওঁক দিছিল প্ৰস্তাৱ। সমগ্ৰ সম্পদৰাজিৰ বিনিময়ত তেওঁক দিব বিচাৰিছিল ৮-১০ কোটি টকা। কিন্তু তেওঁ সেয়া কৰিব নিবিচাৰে। তেওঁৰ বাবে এয়া অসমৰ স্বাভিমান। 'মনৰ কথা'ত তেওঁ ব্যক্ত কৰিলে এই সম্পদৰাজি কেনেদৰে সংগ্ৰহ কৰিছিল আৰু সেইবোৰক লৈ কি পৰিকল্পনা আছে। লগতে ক'লে ৰাজ্য চৰকাৰে অলপ সহায় কৰিলেই তেওঁ এইবোৰ আৰু অধিক বিজ্ঞান সন্মতভাৱে সুসংৰক্ষিত কৰি থৈ যাব পাৰিলে হয়।
ইফালে, বিশিষ্ট সমাজকৰ্মী মুকুল দত্তই পিপলু ডেকাৰ এই সম্পদৰাজি ৰাজ্য চৰকাৰে উপযুক্ত সংৰক্ষণৰ বাবে সহযোগ আগবঢ়াবলৈ আহ্বান জনায়। ভাড়া মাটিত তেওঁ সেই সম্পদবোৰ কিদৰে সংৰক্ষণ কৰিছে তাক চৰকাৰে বিবেচনা কৰি ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণৰ অনুৰোধ কৰে। তেওঁ কয়- এই সম্পদৰাজি কেৱল পিকলু ডেকাৰে নহয়, এয়া অসমৰে সম্পদ।
যিসময়ত ৰাজ্য চৰকাৰে বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিছে, সেই সময়ত এই ধৰণৰ ইতিহাস বিজড়িত সা-সামগ্ৰী সংৰক্ষণৰ বাবেও এজন স্বাভিমানী অসমীয়াক সহায় কৰাৰ প্ৰয়োজন বুলি মন্তব্য কৰিছে বিভিন্নজনে।