ৰঙীণ পৃথিৱীৰ সপোন দেখা বয়সত দৃষ্টিশক্তি হেৰুৱাই দিশহাৰা মাজুলীৰ কিশোৰী

author-image
Asomiya Pratidin
New Update
ৰঙীণ পৃথিৱীৰ সপোন দেখা বয়সত দৃষ্টিশক্তি হেৰুৱাই দিশহাৰা মাজুলীৰ কিশোৰী

ডিজিটেল সংবাদ, মাজুলী : মাজুলী কাৰ্কিচুকৰ ১৭ বছৰীয়া এজনী কিশোৰী। নাম তাইৰ মাজনী নৰহ। ঘৰ মাজুলী জিলাৰ ফুলনি কাৰ্কিচুকত।  জীৱনৰ ৰং উপলব্ধি কৰাৰ বয়সতে এই কিশোৰীগৰাকীয়ে দৃষ্টিশক্তি হেৰুৱাই পেলাইছে। অতি দৰিদ্ৰ পৰিয়ালৰ হোৱা বাবেই মাজনীৰ পৰিয়ালে উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিব পৰা নাই, যদিও যোৰহাটৰ চন্দ্ৰপ্ৰভা চকু চিকিৎসালয়লৈ নিছিল যদিও আৰ্থিক অনাটনৰ বাবে চিকিৎসা সম্পূৰ্ণ কৰিব পৰা হোৱা নাই।

Advertisment

এতিয়া মাজনীৰ দৃষ্টি শক্তি ঘূৰাই আনিবলৈ হ'লে উন্নত চিকিৎসাৰ প্ৰয়োজন । ইয়াৰ বাবে লাগিব বহু টকাৰ । মাজনীৰ দৰিদ্ৰ পিতৃয়ে হাজিৰা কৰি কোনোমতে ভাতমুঠি যোগান ধৰিছে যদিও মাজনীৰ চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা টকাৰ জোগাৰ কৰিব নোৱাৰি থমকি ৰ'ব লগা হৈছে। এতিয়া পৰিয়ালৰ শেষ আশা চৰকাৰ তথা কোনো হৃদয়বান লোকৰ সহায়ৰ । অৱশ্যে মাজনী নৰহৰ পৰিয়ালত উপস্থিত স্থানীয় মানৱদৰদী ব্যক্তি বিপুল শইকীয়াৰ লগতে কাৰাচাং ফুটবল ক্লাবে  সামান্য আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ লগতে ভৱিষ্যতে মাজনীৰ চিকিৎসাৰ বাবে সাহাৰ্য্য প্ৰদানৰ আশ্বাস প্ৰদান কৰে।

কোনো হৃদয়বান লোকে মাজনীক সহায়ৰ বাবে তলত দিয়া ধৰণে যোগাযোগ কৰিব পাৰে :

Bank : Assam Gramin Vikash Bank

Name of the Account holder: Rupali Narah.

Account Number : 7209026014160

IFSC: PUNB0RRBAGB

Also Read: ধুবুৰীৰ গোলকগঞ্জত বিলাসী বাহনৰ পৰা জব্দ গৰু

majuli