বাৰেৰহণীয়া সাংস্কৃতিক সমাহাৰেৰে সমন্বয়ৰ ক্ষেত্ৰত পৰিনত হল মাজুলীৰ মৰাসুঁতিৰ পথাৰ…

বাৰেৰহণীয়া সাংস্কৃতিক সমাহাৰেৰে সমন্বয়ৰ ক্ষেত্ৰত পৰিনত হল মাজুলীৰ মৰাসুঁতিৰ পথাৰ…

author-image
asomiyapratidin
New Update
বাৰেৰহণীয়া সাংস্কৃতিক সমাহাৰেৰে সমন্বয়ৰ ক্ষেত্ৰত পৰিনত হল মাজুলীৰ মৰাসুঁতিৰ পথাৰ…

ডিজিটেল সংবাদ,মাজুলী : বিভিন্ন জাতি , জনজাতি , ভিন্ন ভাষা -ভাষি , সুকীয়া, সুকীয়া ধৰ্মীয় সাংস্কৃতিক সমন্বয়ৰ স্থল হল অসম ৷ বৈচিত্ৰ্যৰ মাজত একতাৰ পৰিচায়ক অসমৰ ৩৯ টা অভিন্ন জাতি , জনগোষ্ঠীৰ লোকনৃত্য , গীতৰ মিলন ভুমিত পৰিনত হল সত্ৰদ্বীপ মাজুলীৰ মৰাসুঁতিৰ পথাৰ ৷ সৃষ্টিৰ বাটত কৃষ্টিৰ বাট বুলি ৰাজ্যিক ছাত্ৰ আৰু যুৱকল্যাণ উপদেষ্টা সমিতিৰ উদ্যোগত বিশাল আয়োজনৰে দুদিনীয়া কাৰ্যসূচীৰে মাজুলীৰ মৰাসুঁতি পথাৰত দেওবাৰৰ পৰা অনুষ্ঠিত হোৱা ' সহোদৰ' ২০২০ -২০২১ ৰ সমন্বয় আৰু ভাতৃত্ববোধৰ এক প্ৰয়াস কাৰ্যসূচীৰে সোমবাৰে সামৰনি পৰে ৷

Advertisment

এই উপলক্ষে সোমবাৰে বিয়ল ৪ বজাত বিশ্বত মাজুলীবাসীক নৱসংযোগৰ প্ৰচেষ্টাৰেে শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হয় ৷ এই ব্যতিক্ৰমী অনুষ্ঠানত মাজুলীৰ বাহিৰত থাকি বিভিন্ন দিশত কাম কৰি মাজুলীলৈ সেৱা আগবঢ়াই মাজুলীৰ সামাজিক ক্ষেত্ৰলৈ গৌৰৱ কঢ়িয়াই অনা মাজুলীৰ সু সন্তান সকলক ভিডিঅ কণ্ফাৰেন্সিংৰ যোগেদি বিশেষ অভিনন্দন জনোৱা হয় ৷

ইয়াৰ পিছতেই লুইতৰ ৰঙা সুবাসে অকাঁ মাহাবাহুৰ বুকুত জন্ম লভা দ্বীপ জিলা মাজুলীক বিশ্ববাসীৰ আগত পৰিচয় কৰোৱাৰ মানসেৰে আন্তৰাষ্ট্ৰীয় খ্যাতসম্পন্ন নিত্য শিল্পী ৰুদ্ৰ জয়ন্ত ভাগৱতীৰ পৰিকল্পনাৰ 'দ্বীপৰ পৰা দিগন্তলৈ শীৰ্ষক এই অনুষ্ঠানত দেশ বিদেশত কৰ্মসূত্ৰে থাকি মাজুলীলৈ গৌৰৱ কঢ়িয়াই অনা বিশিষ্ট ব্যক্তি সকলৰ মাজত মত বিনিয়োগ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

ইয়াৰ সমান্তৰালকৈ প্ৰণামী ভাগৱতীয়ে ভাৰতীয় শাস্ত্ৰীয় তথা আংগিক মাতৃভাষাক সন্মান জনাই প্ৰস্তুত কৰা নৃত্য পৰ্দশন কৰাা হয় ৷ ইয়াৰ পিছতেই ভিন্ন সাংস্কৃতিক লোক নৃত্য গীতেৰে মুখৰ হৈ পৰে মৰাসুঁতিৰ পাৰ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা কেইবাটাও সাংস্কৃতিক দলে অসমীয়াৰ প্ৰাণস্পন্দন বিহু নৃত্য , ভোজপুৰী নৃত্য , ৰংগমাই ,চাওঁতাল , সোনোৱাল কছাৰী, মদাহী, চৰনীয়া কছাৰী , তিৱা , কোচ ৰাজবংশী , দেউৰী , কাৰ্বিৰ লগতে বিভিন্ন জাতি , জনজাতিৰ কৃষ্টি দলে নৃত্য পৰ্দশন কৰি বাৰেৰহণীয়া কৃষ্টিৰে মাজুলীৰ আকাশ বতাহ সাংস্কৃতিক সমাহাৰেৰে মুখৰিত কৰি তোলে ৷

নিশাৰ সংগীতানুষ্ঠানত সংগীত পৰিৱেশন কৰি দেৱজিৎ ছাহা, আৰোহন বৰদলৈ , জিতুল সোনোৱাল , বিদ্যাসাগৰ , কৃষ্ণমনি চুতীয়া, সুৰেক্ষা চেত্ৰীয়ে সংগীত পৰিৱেশন কৰি দৰ্শকক আপ্লুত কৰে ৷ মাজুলীত অসমৰ প্ৰতিষ্ঠিত সংগীত শিল্পীৰ গীতৰ শৰায়ে সকলোকে আপ্লুত কৰে। ওৰে ৰাতি মৰাসুতিঁ পথাৰ আনন্দত মতলীয়া হয়। সংগীতৰৰ লহৰত উটি গল সকলো দৰ্শকৰ উছাহ উদ্দীপনাই উৎসাহিত কৰিলে শিল্পী সকলক। শিৱসাগৰ বিহু দলে বিহু পৰিবেশন কৰি থাকোতে একাংশ ই প্ৰেক্ষাগৃৰৰ শেষৰ ফালে হুলস্থুল লীয়া পৰিবেশৰ সৃষ্টি কৰাত একাংশ দৰ্শক গৃহাভূমুখী হয় । অৱশ্যে পৰিস্থিতি পৰৱৰ্তী সময়ত নিয়ন্ত্ৰণ লৈ আহে।

এই সহোদৰ অনুষ্ঠানত মাজুলীৰ বিভিন্ন স্থানৰ পৰা অহা প্ৰায় ২০ হাজাৰৰো অধিক লোকৰ সমাগম হয় ৷ আনহাতে অনুষ্ঠানত দেখিবলৈ পোৱা গল বিলাতী সুৰাৰ মুকলি বেহা। অনুষ্ঠানৰ কাষত চাৰিওফালে বিলাসী সুৰাৰ বটলৰ লগতে মুকলিকৈ সুৰা বিক্ৰী আৰু সেৱন অৰি আছে।আবকাৰী বিভাগ আৰক্ষী প্ৰশাসনৰ নাই অস্তিত্ব। সত্ৰদ্বীপ মাজুলীত নাই সুৰা বিপনীৰ অনুজ্ঞাপত্ৰ কিন্তু মুখ্যমন্ত্ৰী সোনোৱালৰ বিশেষ পদক্ষেপ ত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ এই সহোদয় অনুষ্ঠানত মুকলি সুৰাৰ বেহা। সচেতন মহলে এই বিষয়টো গৰিহনা দিছে।