/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/majuli-sankardev.jpg)
ডিজিটেল সংবাদ মাজুলীঃ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ ভেটি নিৰ্মাতা, জাতীয় জীৱনৰ চিৰ নমস্য মহাপুৰুষগৰাকীৰ উচ্চ আধ্যাত্মিক আদৰ্শ আৰু মহান কৰ্মৰাজীয়ে চিৰদিন অসমবাসীক উদ্বুদ্ধ কৰি ৰখা ৰূপান্তৰৰ খনিকৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৩ সংখ্যক জন্ম জয়ন্তী সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীতো উদযাপন কৰিছে। মাজুলীতো গুৰু জনাৰ হৰি নামৰ ধ্বনিৰে মুখৰিত হৈছে সত্ৰ নামঘৰ। দ্বিতীয় বৈকুণ্ঠলৈ পৰ্যবেশিত হৈছে মাজুলী।
মাজুলীৰ ৩৫ খন সত্ৰৰ লগতে তিনি শতাধিক নামঘৰ আৰু ১৫ খনকৈ অধিক ৰাজহুৱা মঞ্চত শংকৰদেৱৰ জন্ম জয়ন্তী ভাগি উলহ মালহেৰে উদযাপন কৰিছে। সত্ৰ সমূহত নাম প্ৰসংগ গায়ন বায়ন নাচ নৃত্য আদি পৰিবেশনৰ জড়িয়তে গুৰুজনালৈ শ্ৰদ্ধা আগবঢ়াইছে। মাজুলীৰ ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰ, নতুন কমলাবাৰী সত্ৰ,মধ্য কমলাবাৰী সত্ৰ,ভোগপুৰ সত্ৰত সত্ৰৰ পৰম্পৰা অনুসৰি পুৱা পুৱাগীত,ইয়াৰ পাছতে নামলগোৱাই দীনদায়াশীল দেৱ… কুলুপীয়া ঘোষা গোৱাৰ পাছত পাঠকে কীৰ্তন পাঠ কৰে বুঢ়াভকতে মহাপুৰুষ জনাৰ জন্মৰ ওপৰত মৌখিক চৰিত পাঠ কৰে ইয়াৰ পাছতে খোল প্ৰসংগ কৰে।
আনহাতে আউনীআটী সত্ৰতো শৰাই আগবঢ়াই নাম প্ৰসংগ কৰাৰ লগতে হিয়ানাম পৰিবেশন কৰে। ঐতিহাসিক নতুন চামগুৰি প্ৰাচীন চামগুৰি, দলনি চামগুৰি গড়মূৰ সত্ৰ, গড়মূৰ সৰু সত্ৰ, এলেঙী নৰসিংহ সত্ৰ, আদি এলেঙী,বৰ এলেঙী,বিহিমপুৰ, বাহজেঙনী সত্ৰতো শৰাই আগবঢ়াই নাম কীৰ্তনৰ মাজেৰে গুৰু জয়ন্তী উদযাপন কৰে। ঠায়ে ঠায়ে আলোচনা চক্ৰ মুকলি সভা আৰু বৰগীত দিহানাম প্ৰতিযোগিতা আয়োজন কৰিছে। মাজুলীৰ বিভিন্ন নামঘৰ তথা আঞ্চলিক ভিত্তিত দুই-তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিছে গুৰু জনাৰ ৫৭৩ সংখ্যক জন্মজয়ন্তীৰ ৷
মেৰবিল চাপৰি ( বেংগলী ) নামঘৰত ভকতিদুৱাৰ শ্ৰীৰাম আঞ্চলিক ধৰ্মালোচনী সভাৰ উদ্যোগত গুৰুজনাৰ জন্মজয়ন্তীৰ লগত সংহতি ৰাখি তিনিদিনীয়া ভাগৱত পাঠৰ আয়োজন ৷ মাজুলী কমলাবাৰী,বেজগাৱ,আদি বিহিমপুৰ,মধ্য মাজুলী শিল্পী সমাজ, পতিয়াগাৱ, মেখেলীগাৱ, ৰাৱনাপাৰ, বনগাৱ, ফুলনি, জেংৰাইমুখৰ মিছিংসমাজেও উদযাপন কৰিছে শংকৰ জয়ন্তী জেংৰাইমুখ সৰ্বোদয় সংঘ, নামনি বৰপমুৱা, মধ্য বৰপমুৱা ,লখিমী বৰ পমুৱা সৰ্বোদয় সংঘত পুৱা নাম কীৰ্তন ধৰ্মালোচনী সভা অনুস্থিত কৰিছে। কুহিয়াবাৰী, নয়াবজাৰ,গাটিয়ালা,ৰঙাচাহী, গড়মূৰ, গড়মূৰ খোনাচুক আঞ্চলিক ভাৱে গড়মূৰ খোনাচুক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামঘৰ,আদি অঞ্চলত গুৰুজয়ন্তী উদযাপন কৰিছে। মাজুলী আদি বিহিমপুৰত আজি বৰগীত দিহানামৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে।পুৱা বৰ্নিল সাংস্কৃতিক শোভাযাত্ৰা, ভাগৱত ভ্ৰমন,ঠায়ে ঠায়ে ধৰ্মালোচনী সভা, শংকৰদেৱৰ ওপৰত আলোচনাচক্ৰ অনুষ্ঠিত হৈছে।