ডিজিটেল সংবাদ, মাজুলীঃ মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকু বৰ্তমান ইমানেই বাম হৈ পৰিছে যে জলপৃষ্ঠ হ্ৰাস পালেই ব্ৰহ্মপুত্ৰত য'তে-ত'তে বালি চৰ পৰি বিশেষকৈ যোৰহাট মাজুলী জলপথত ফেৰী যাতায়তলৈ গভীৰ সংকট নামি আহে।
বিশেষকৈ যোৱা বানপানীৰ পিছৰে পৰা ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ অস্বাভাৱিক ভাৱে হ্ৰাস পাই বৰ্তমান নদীখনত সকলো ধৰণৰ ফেৰীৰ চলাচলৰ বাবে সমস্যাৰ সৃষ্টি হৈছে। বানপানীৰ পিছৰে পৰা ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ যথেষ্ট হ্ৰাস পোৱাৰ লগতে অফলামূখ আৰু কমলাবাৰী ফেৰী ঘাটৰ ব্ৰহ্মপুত্ৰৰ জলপথত য'তে ত'তে বালি পৰি বাম হৈ পৰাৰ পৰিপ্ৰেক্ষিতত বিশেষকৈ কমলাবাৰী ঘাটেৰে ফেৰী যাতায়তত যথেষ্ট খিনি সংকটে দেখা দি আহিছে।
যোৱা ছমাহৰ পৰা আৰম্ভ হোৱা উক্ত সমস্যাই এতিয়া চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। কমলাবাৰী ফেৰী ঘাটেৰে ইটোৰ পাছত সিটো জলপথ সলাই সলাই ফেৰী চলাচল বিভাগে অব্যাহত ৰাখিছে যদিও বৰ্তমান কোনো এটা ফেৰী চলাচলৰ চেনেলেই ফেৰী চলাচলৰ বাবে উপযোগী হৈ থকা নাই।
যাৰ বাবে সম্প্ৰতি কমলাবাৰী ঘাটেৰে মুঠ ৯ খন চিংগল ইঞ্জিনৰ ফেৰীৰে যাত্ৰীৰ পাৰাপাৰ অব্যাহত ৰাখিছে যদিও যোৱা ছমাহৰ পৰাই চিংগল ইঞ্জিনৰ ফেৰীও প্ৰতিদিনেই যাত্ৰী সহ ব্ৰহ্মপুত্ৰত আৱদ্ধ হৈ পৰে।
আগন্তুক ঐতিহাসিক আউনীআটী সত্ৰৰ মহাপালনাম আৰু ৰাসৰ সময়ত এনে পৰিস্থিতি অব্যাহত থাকিলে মাজুলীলৈ দৰ্শনাৰ্থী অহাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব।