ডিজিটেল সংবাদ, মাজুলীঃ মাজুলীৰ ঐতিহ্যমণ্ডিত উত্তৰ কমলাবাৰী সত্ৰৰ বিশিষ্ট বৈষ্ণৱ-শিল্পী উপেন বৰা বৰগায়নৰ দ্বাৰা ৰচিত, শিল্পীগৰাকীয়ে নিজে কণ্ঠদান কৰা ‘মা তুমি ধৃতিৰঞ্জনা’ শীৰ্ষক আধুনিক গীতৰ শ্ৰব্যৰূপটি আজি মাজুলী মহাবিদ্যালয়ত শুভউন্মোচন কৰা হয়। গীতটি উন্মোচনৰ উদ্দেশ্যে আজি মাজুলী মহাবিদ্যালয়ৰ সত্ৰাধিকাৰ পদ্মকান্ত দেৱ গোস্বামী সভাগৃহত আয়োজিত উন্মোচনী সভাখনিত সভাপতিত্ব কৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়াই।
উত্তৰ কমলাবাৰী শঙ্কৰদেৱ কৃষ্টিসংঘৰ সম্পাদক তথা সাংবাদিক তীৰ্থ ভূঞা বৰগায়নে আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে অকাডেমি বঁটাপ্ৰাপক সত্ৰৰ জ্যেষ্ঠ বৈষ্ণৱ অধ্যাপক ভবেন বৰবায়নে বন্তি প্ৰজ্বলন কৰাৰ পাচতে উদ্বোধন কৰি উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে আশীৰ্বচন প্ৰদান কৰে ৷
আয়োজক সমিতিৰ হৈ শিল্পী মুহিকান্ত বৰবায়নে আদৰণী ভাষণ দিয়া অনুষ্ঠানত গীতটি উন্মোচন কৰি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰোদ বৰুৱাই কয়, “আজন্ম শিল্পী উপেন বৰগায়নে নিজৰ অভ্যন্তৰত সোমাই থকা শিল্পীসত্তাক সঠিকভাৱে কৰ্ষণ কৰিলে সকলোৰে উপকাৰ হ’ব।” সভাখনিত সভাপতিৰ মন্তব্যত অধ্যক্ষ ড° দেৱজিৎ শইকীয়াই কয়, ”সত্ৰীয়া সংস্কৃতিৰ নিখুঁত সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে আগবাঢ়ি আহি অক্লান্ত সাধনাৰে নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে সমাজখনক আগবঢ়াই লৈ যাবলৈ সদাযত্নপৰ বৈষ্ণৱ উপেন বৰগায়নে যথেষ্ট ত্যাগ কৰি সত্ৰীয়া কৃষ্টিক পাৰ্যমানে আগুৱাই নিছে।
নিজৰ আশাশুধীয়া ঐকান্তিক সাধনাৰে মহাপুৰুষ দুজনাৰ বৰগীতসমূহ কমলাবৰীয়া পৰম্পৰাৰ আৰ্হিৰে সমাজলৈ আগবঢ়াই দি সকলোৰে ধন্যবাদৰ পাত্ৰ হৈছে।” সভাত বক্তব্য দাঙি ধৰি মাজুলীৰ বিশিষ্ট চিন্তাবিদ কৰুণা বৰা, ডঃ ৰাজেন চন্দ্ৰ বৰা, শিল্পী জগন্নাথ বৰবায়ন, সমাজকৰ্মী মুনীন্দ্ৰ ভূঞা, জাহ্নু বৰুৱা আদিয়ে সত্ৰীয়া সংস্কৃতিৰ অধ্যেতা উপেন বৰগায়নৰ পদক্ষেপক শলাগ লয়।
সভাত উপেন বৰগায়নৰ পিতৃ মথুৰা হাজৰিকা, প্ৰজ্ঞা পাৰমিতা কৌশিক, ইন্দ্ৰেশ্বৰ নাথ, কৃষ্ণকমল শইকীয়া, লোহিত বৰা, যোগেন শইকীয়া, লোকনাথ শইকীয়া, গোলাপ বৰবায়ন, নৃপেন কলিতা, দীপক বৰুৱা, বিৱেক দত্ত, ৰূপা দত্ত, দ্বীজেন দত্ত, উপেন শইকীয়া, গোলাপ বৰুৱা, শিল্পী দিব্যজ্যোতি শইকীয়া, নিৰঞ্জন শইকীয়া, অতুল বৰা, অংকুৰজ্যোতি বৰা, বসন্ত শইকীয়া, যদুমণি বায়ন, কণ্ঠশিল্পী মিতালী গোস্বামী, সমাজ সংগঠক ধ্ৰুৱজোতি বৰা, ৰেখা বৰা বৰুৱা, সীমান্ত বৰা, পাপুল শইকীয়া আদি বিশিষ্ট ব্যক্তিসকল সমন্বিতে ডেৰ শতাধিক লোক উপস্থিত থাকে। সভাখনিৰ অন্তত সকলোকে শলাগ জ্ঞাপন কৰে শিল্পী উপেন বৰা বৰগায়নে।