
ডিজিটেল সংবাদ, মাজুলীঃ সোমবাৰে সন্ধিয়া মাজুলীৰ গড়মূৰ মিনি ষ্টেডিয়ামত মাজুলী জিলা বিজেপিয়ে বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। সন্ধিয়া ২০২১ গচি মাটিৰ চাকিৰে লিখিলে 'THANK YOU AMIT SHAHJI FOR VISITING MAJULI' । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰথম মাজুলী ভ্ৰমণৰ পাছত সন্ধিয়াৰ ভাগত গড়মূৰ মিনি ষ্টেডিয়ামত মাটিৰ চাকি জ্বলাই অভিনৱভাৱে ধন্যবাদ জনালে।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মাজুলীৰ পৰা বিধানসভালৈ জয়ী কৰোৱাৰ লগতে পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰোৱাৰ চেষ্টাত ব্ৰতী থকা মাজুলীবাসীক সহযোগিতা আগবঢ়াবলৈ অহা গৃহমন্ত্ৰী গৰাকীৰ আগমনৰ পাছত মাজুলীত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। মাজুলী বিজেপিৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰভাৰী ৰূপা কামান, গুৱাহাটীৰ সাংসদ কুইন ওজা সহ বহুকেইগৰাকী নেতাই। মাজুলী ফুলনিত সোমবাৰে অমিত শ্বাহে সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।