
ডিজিটেল সংবাদ, গড়মূৰ: ভদীয়া বানৰ সংহাৰী ৰূপৰ মাজতে সত্ৰ নগৰী মাজুলীত উলহ মালহেৰে উদযাপন শ্ৰীশ্ৰী কৃষ্ণৰ জন্মাষ্টমী । কৃষ্ণ ৰসত বিলিন হৈছে সত্ৰপীঠ মাজুলীৰ প্ৰায় তিনি শতাধিক নামঘৰ আৰু ৩৫ খন সত্ৰৰ ভকত বৈষ্ণৱ৷ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে মাজুলীৰ ভোগপুৰ সত্ৰ, আউনীআটী সত্ৰ, গড়মূৰ সত্ৰ, বেঙেনাআটী সত্ৰ, দক্ষিণপাট সত্ৰ, এলেঙি নৰসিংহ সত্ৰ, উত্তৰ কমলাবাৰী সত্ৰ, নতুন কমলাবাৰী সত্ৰকে ধৰি কেওখন সত্ৰ ৷ কেৱল ভাৰততেই জন্মাষ্টমী উদযাপন কৰে এনে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তত হিন্দু ধৰ্মালম্বী লোক সকলে জন্মাষ্টমী পালন কৰিছে৷ ভাগৱতত উল্লেখ থকা অনুসৰি ভগৱান কৃষ্ণৰ জন্ম ভাদ মাহৰ কৃষ্ণ পক্ষৰ ৰোহিনী নক্ষতৰ অষ্টমী তিথিত হৈছিল ৷
সেই উপলক্ষে সোমবাৰে পুৱাৰ পৰা মাজুলীৰ বিভিন্ন স্থানত পালন হৈছে এই উৎসৱ ৷ ভদীয়া বানৰ বাবে নদী পৰীয়া লোক সকলৰ জন্মাষ্টমী পালন কৰাত অসুবিধাৰ সন্মূখীন হৈছে যদিও শিশু কৃষ্ণৰ গুণ-গৰিমা, বন্দনাৰে মুখৰিত হৈছে মাজুলীৰ চৌদিশ। ইফালে, সোৱণশিৰিৰ বানে ভয়াৱহ ৰূপ ধাৰণ কৰাত নামনি মাজুলীত অৱৰ্ণনীয় পৰিৱেশৰ সূচনা হৈছে। ঘৰ-দুৱাৰ বানত বুৰ যোৱাৰ লগতে বৰগঞাৰ বালিগাঁৱৰ নামঘৰ বানত বুৰ যোৱাত মিছিং জনগোষ্ঠীৰ লোকসকলে নামঘৰৰ সন্মুখত শিশুসকলক একত্ৰিত কৰি সমূহীয়াভাৱে ব্যতিক্ৰমী ভাৱে পালন কৰিছে শ্ৰীশ্ৰী কৃষ্ণৰ জন্মাষ্টমী ।
বান পানীৰ বাবে নাৱত উঠি কৃষ্ণৰ সাজ পোছাক পৰিধান কৰি কৃষ্ণ নৃত্য পৰিবেশনৰ বাবে আহিল শিশু। শিশু কৃষ্ণ লগতে আহিছে গাঁওখনৰ কণমানি গোপী সকল৷ জন্মাষ্টমী উপলক্ষে সোমবাৰে গাঁওখনত অনুষ্ঠিত কৰা দশৱতাৰ নৃত্যৰ লগতে শিশু কৃষ্ণৰ বিভিন্ন নৃত্যগীতৰ অময়া সুৰ আকৰ্ষণীয় লহৰে আপ্লুত কৰিছে গাঁওবাসীক৷ মাজুলীত খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসনে মিছিং সম্পদায়ৰ মাজত গ্ৰাস কৰাৰ সময়ত এই জনগোষ্ঠী প্ৰধান বৰগঞাৰ বালিগাঁৱত ব্যতিক্ৰমী ভাৱে উদযাপন কৰা এই অনুষ্ঠানে এক আদৰ্শনীয় দিশ ফুটাই তুলিছে ৷ কৃষ্ণ সংস্কৃতিৰ প্ৰতি ধাবিত হোৱা এই জনগোষ্ঠীয় লোক সকলে সত্ৰপীঠ মাজুলীত দীৰ্ঘদিনৰ পৰা সোনত সুৱগা চৰাইছে৷ সকলো জাতি – জনগোষ্ঠীৰ মিলনভুমী মাজুলীত আজি দেখা পোৱা গল বৈচিত্ৰ্যৰ মাজত একতাৰ অনন্য ৰূপ ৷
আনহাতে, আজি মাজুলীত থকা একল বিদ্যালয় সমুহে মাজুলীৰ বিভিন্ন স্থানত উখল-মাখলেৰে জন্মাষ্টমী পালন কৰে৷ উত্তৰ পূৱ শিশু বিকাশ কেন্দ্ৰৰ উদ্যোগত, একল বিদ্যালয়ৰ সহযোগত মাজুলীৰ ২৭০ খন একল বিদ্যালয়ত আৰু ৩০খন কৈ বিদ্যালয় লগ লাগি মাজুলীৰ মুঠ ৯টা স্থানত আজি শ্ৰীশ্ৰী কৃষ্ণৰ জন্মাস্তমী পালন কৰে । দুয়োটা অনুস্থানৰ সভাপতি তথা শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দন দেৱ গোস্বামীয়ে অসম বাসীলৈ জন্মাষ্টমীৰ শুভেচ্ছা জনোৱাৰ লগতে কৃষ্ণ সংস্কৃতিয়ে হল বিশ্বৰ এক সান্ত সমাহিত সংস্কৃতি , কৃষ্ণ সংস্কৃতিয়ে মানৱৰ মাজত একতা , ভাতৃত্ববোধ , মানৱতাৰ প্ৰমূল্যবোধৰ এক উৎকৃষ্ট নিৰ্দশন তুলি ধৰিছে ৷ এই দুয়োটা অনুস্থানৰ সম্পাদক জয়ন্ত কুমাৰ বৰাই মানৱক কৃষ্ণ সংস্কৃতিৰ মাজত থাকি জীৱন জীয়াবলৈ আহ্বান জনায়৷ ইফালে, সোমবাৰে নিশাৰ ভাগত মাজুলীৰ প্ৰতিটো নাম ঘৰত আৱাল বৃদ্ধ বনিতাই একত্ৰিত হৈ দবা , শংখ বজাই , এক আধ্যাত্মিক পৰিৱেশৰ মাজত উদযাপন কৰিব কৃষ্ণৰ জন্মাষ্টমী ৷