
ডিজিটেল সংবাদ, মাজুলী: মাজুলী উপ-নিৰ্বাচনক লৈ ৰাজনৈতিক বতাহ ক্ৰমান্বয়ে গৰম হ'বলৈ আৰম্ভ হোৱাৰ সময়তে উন্নয়ন বিছাৰি ৰাজপথলৈ ওলাই আহিছে মাজুলী ভকত চাপৰিৰ বহু গাঁৱৰ জনসাধাৰণে। সত্ৰনগৰী মাজুলীৰ এটি অতি পিচপৰা আৰু চৰকাৰী সা- সুবিধাৰ পৰা সদা বঞ্চিত অঞ্চল হৈছে বৃহত্তৰ ভকত চাপৰি । বিভিন্ন সমস্যা জৰ্জৰিত ভকত চাপৰিবাসীক বিগত কংগ্ৰেছ চৰকাৰেই হওক বৰ্তমানৰ বিজেপি নেতৃত্বতাধীন চৰকাৰখনেও । যি মাজুলীত স্বয়ং প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিনিধিত্ব কৰিছিল।
একবিংশ শতিকাৰ এই বিশ্বায়নৰ যুগতো ৰাস্তা- ঘাট বিচাৰি আজি বুধবাৰে শতাধিক লোকে ৰাজপথ উত্তাল কৰাৰ লগতে ৭ মাৰ্চত অনুষ্ঠিত হ'ব লগা আসন্ন মাজুলী উপ-নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰৰ হেমাহি আৰু চৰম গাফিলতিৰ বাবেই সদায় পিছপৰি আহিছে শস্য মৎস্যৰে সম্ভাৱনা পূৰ্ণ মাজুলীৰ এই ভকত চাপৰি। প্ৰতিটো নিৰ্বাচনতে আশা, প্ৰতিশ্ৰুতি আদিৰ ফুলজাৰিৰ বাদে বৰ বৰ নেতা সকলৰ মুখেৰে ওলোৱা ধৰণৰ একো কথাৰ ফুলজাৰি বাস্তৱত পৰিণত হোৱা নেদেখিলে অঞ্চলবাসীয়ে। যাৰ বাবে এতিয়া অতিষ্ঠ ৰাইজে বাচি লৈছে ভোট বৰ্জনৰ দৰে সিদ্ধান্ত।
এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি চৰকাৰ প্ৰশাসনক আকৌ এবাৰ সকীয়াই দিয়ে। অসম চৰকাৰ হাই হাই ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদী জনতাই। দীৰ্ঘদিন ধৰি মাজুলীৰ ভকত চাপৰিবাসী ৰাইজে বান খহনীয়াৰ ফলত যমৰ যন্ত্ৰণা ভোগ কৰি আহিছে। বান গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আজিকোপতি কোনো এখন চৰকাৰে একো ফলপ্ৰসু ব্যৱস্থা হাতত ন'ললে। আজি পৰ্যন্ত ভকত চাপৰিৰ ৰাইজৰ নহ'ল কোনো ধৰণৰ উন্নয়ন। ৰাইজৰ এই সিদ্ধান্তৰ পাছতেই সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এখন গণতান্ত্ৰিক দেশত গণতন্ত্ৰৰ সবাটোতকৈ ডাঙৰ কথা নিৰ্বাচনত চৰকাৰৰ চৰম প্ৰৱচঞ্চাৰ বাবে ভোট বৰ্জন কৰিব লগীয়া হোৱাটো । ই সমগ্ৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ বাবে দুখজনক।