Advertisment

সুদূৰ ছাইবেৰীয়াৰ পৰা অহা পৰিভ্ৰমী পক্ষীৰে মাজুলী ‘পক্ষীৰ ভূ-স্বৰ্গলৈ’ পৰিণত…

সুদূৰ ছাইবেৰীয়াৰ পৰা অহা পৰিভ্ৰমী পক্ষীৰে মাজুলী ‘পক্ষীৰ ভূ-স্বৰ্গলৈ’ পৰিণত…

author-image
asomiyapratidin
New Update
সুদূৰ ছাইবেৰীয়াৰ পৰা অহা পৰিভ্ৰমী পক্ষীৰে মাজুলী ‘পক্ষীৰ ভূ-স্বৰ্গলৈ’ পৰিণত…

ডিজিটেল সংবাদ, মাজুলী: শীতৰ আগমনৰ লগে লগে অনিন্দ্য সৌন্দৰ্যৰ প্ৰয়োভৰ মাজুলীত এতিয়া মাজুলী মুখৰিত হৈছে বিবিধ পক্ষীৰ কলাহলত৷ মাজুলীৰ কুমলীয়া চাপৰি, ভকত চাপৰি, দৰবাৰ চাপৰি, জেংৰাইমুখৰ খেৰকটীয়া নৈৰ পাৰ, পূৱ মাজুলীৰ মাগুৰ মৰা, উজনিৰ ভকতি বিল, দক্ষিণপাট বৰপাচী, বৰখোৱাবাৰী, গৰৈমাৰি, টুনিকে আদি কৰি পক্ষী বিচৰণৰ জলাশয় সমূহত পৰিভ্ৰমী পক্ষীৰ ভিৰ কৰাৰ এক নান্দনিক দৃশ্য পৰিলক্ষিত হৈছে ৷ বিভিন্ন পুখুৰী, জলাশয় নৈ আদিত বিশ্বৰ বিভিন্ন ঠাইৰ পৰা পৰিভ্ৰমী পক্ষী আহি মাজুলীত সৃষ্টি কৰিছে এক পক্ষীৰ ভূ-স্বৰ্গলৈ।

Advertisment

বিশেষকৈ উজনি মাজুলী শ্ৰীৰাম গাঁও পঞ্চায়তৰ অন্তৰ্গত অভয়পুৰ, ৰাঙলী বাহাৰ গাঁও, ঐতিহাসিক নৰসিংহ সত্ৰৰ সমীপত অৱস্থিত এটা ঐতিহাসিক ঠাই হৈছে চৰাইচুং। আহোম ৰজাৰ দিনত অসমৰ প্ৰথমখন ৰাজকীয় পক্ষী উদ্যান হিচাপে চৰাইচুং আছিল। সেই সময়ৰ পৰা এতিয়ালৈ যুগ যুগ ধৰি সুদূৰ ছাইবেৰিয়াৰ পৰা অহা চাইবেৰিয়ান কমনট্ৰেন, মধ্য পশ্চিম এচিয়াৰ পৰা অহা বিশেষ হাঁহৰ লগতে বনৰীয়া হাঁহ,ৰাজহংস, পিনটেইলৰ লগতে কাম চৰাই, বগলী, কনা মচুৰী, পানী কাউৰী, খৰালী,বৰটুকুলা, মনিৱৰী আদিকে ধৰি নানান প্ৰজাতিৰ চৰাইৰ কলৰৱত মুখৰিত কৰিছে মাজুলীৰ চৌপাশৰ অনাবিল পৰিৱেশ।

আহোম ৰাজত্বৰ সময়ত শ শ বিঘা ভূমিৰে আবৃত্ত এই চৰাইচুং জলাশয় যদিও বৰ্তমান জনবসতি বৃদ্ধি পাই অহাৰ লগে লগে ইয়াৰ ভৌগোলিক পৰিসীমা কিছু পৰিমাণে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। তথাপি পক্ষীৰ মাদকতাৰ সৌন্দৰ্য হ্ৰাস পোৱা নাই। আঘোণৰ প্ৰথম সময়ছোৱাতেই পৰিভ্ৰমী চৰাইবোৰ এই চৰাইচুংত থিতাপি লয়হি। পুৱাৰ পৰা জাক জাক চৰাইৰ উৰি ফুৰা তথা খেলি থকাৰ মনোৰম দৃশ্য চালে চকু ৰোৱা। দিনটো লৈ এই দৃশ্য উপভোগ কৰি থাকিও হেঁপাহ নপলায়। এই কথা সকলো লোকৰে মন জয় কৰিবলৈ সক্ষম হৈছে। পক্ষী চাবলৈ হাতত কেমেৰালৈ মাজুলীলৈ আহে দেশী-বিদেশী পৰ্যটক ৷ ব্যস্ত জীৱনৰ ক্লান্তি আঁতৰাই প্ৰাকৃতিক সৌন্দৰ্যত একাত্ম হ'বলৈ ইয়ালৈ আহে বহু লোক৷ মাজুলীৰ ঐতিহ্যৰ অন্যতম আধাৰ স্বৰূপ এই চৰাইচুং সুৰক্ষিত কৰাৰ বাবে স্হানীয় বিভিন্ন গাঁওবাসীয়ে দৃষ্টি দি আহিছে যাতে দুস্কৃতিৰ হাতত এই পক্ষী আক্ৰমণৰ লক্ষ্য হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ব্যৱস্থা গঢ়ি তুলিবলৈ প্ৰকৃতি সংগঠন তথা সচেতন মহলে আহ্বান জনাইছে।