মাজুলীত বিধায়ক অখিল গগৈ…

মাজুলীত বিধায়ক অখিল গগৈ…

author-image
asomiyapratidin
New Update
মাজুলীত বিধায়ক অখিল গগৈ…

ডিজিটেল সংবাদ, মাজুলীঃ মাজুলীত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ। দেওবাৰে নিমাতী কমলাবাৰী ফেৰীৰে বিয়লি ৪.১৫ বজাত মাজুলীত উপস্থিত হয় অখিল গগৈ। অখিল গগৈক আদৰণি জনাবলৈ মাজুলীৰ একাংশ ৰাইজৰ দলৰ সমৰ্থকে ফেৰী ঘাটত ভিৰ কৰেহি। অখিলে ফেৰী ঘাটত মিছিং নৃত্যৰ এটা দল আৰু ঢোল-পেঁপা লৈ সাজু হৈ থকা পৰিবেশ দেখি অসন্তুষ্টি প্ৰকাশ কৰে আৰু ফেৰীৰ পৰাই ঘূৰি যাম গৈ বুলি উল্লেখ কৰে।

অখিল গগৈয়ে সাধাৰণ মানুহ মই সাধাৰণ ভাবেই আহিছোঁ ইয়াত আৰু সাংস্কৃতিক দল লৈ আদৰাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰে। আনহাতে, ফেৰী ঘাটতে দলীয় নেতা-কৰ্মীয়ে গামোচা পিন্ধাই আদৰণি জনায়। ইয়াৰ পাছতে সংবাদ মাধ্যমৰ আগত। উপ-নিবাৰ্চনৰ বাবে মূলত মাজুলী অহাৰ কথা উল্লেখ কৰাৰ লগতে মাজুলী ৰাস চোৱাৰ হেঁপাহ আছে দীৰ্ঘদিনে। কিন্তু ৰাসৰ সময়ত জেলত থাকিব লগা হয় বাবে চাবলৈ নোপোৱাৰ কথা উল্লেখ কৰে।