
ডিজিটেল সংবাদ চেঙাঃ বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত মাজদিয়া- গৰেমাৰী নৱ-জাগৰণ মঞ্চৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান দেওবাৰে মাজদিয়া হাইস্কুল খেলপথাৰত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। বেচৰকাৰী সামাজিক অনুষ্ঠান মাজদিয়া-গৰেমাৰী নৱ-জাগৰণ মঞ্চৰ উপদেষ্টা তথা অৱসৰপ্ৰাপ্ত শিক্ষক চৈয়দ লতিফুৰ ৰহমানৰ সভাপতিত্বত বিয়লি অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিৰিণা গোষ্ঠী, অসমৰ সভাপতি লীলাধৰ পাঠকে কয় যে – "শিক্ষা এখন সমাজৰ চালিকা শক্তি । শিক্ষাৰ পৰাহে জ্ঞান হয় । জ্ঞানৰ প্ৰতি ধাউতি থাকিলেহে বৌদ্ধিক চিন্তাৰ উত্তৰণ ঘটিব আৰু তেতিয়াহে সমাজ প্ৰগতিৰ দিশত গতি কৰিব । সামাজিক দায়বদ্ধতা নাথাকিলে উচ্চ শিক্ষা অৰ্থহীন । এখন উত্তৰণমুখী সমাজ গঠন প্ৰক্ৰিয়াত নিজকে সমৰ্পণ কৰিব পৰাকৈ আমিবোৰে শিক্ষিত হ'ব লাগিব । উন্নয়নৰ চাবি-কাঠি বৰ্তমান যুৱ প্ৰজন্মৰ হাতত। তেওঁলোক শিক্ষিত, সৎ , নিকা আৰু চৰিত্ৰবান হ'লেহে সমাজখন নিকা হ'ব– জ্ঞানৰ বন্তি জ্বলিব । এইক্ষেত্ৰত নৱজাগৰণ মঞ্চৰ কৰ্মকৰ্তাসকলে যি চিন্তা-ভাবনাৰে অনুষ্ঠানটো গঢ় দি তেওঁলোকৰ ভাৱনাক এক সুপৰিকল্পনাৰে আজিৰ এই মৰ্য্যাদা প্ৰদান কৰিবলৈও সক্ষম হৈছে এই পৰিকল্পনাৰেই সমাজখনৰ ভৱিষ্যত কাৰ্যপন্থা নিৰূপিত হ'ব ।"
মঞ্চৰ সম্পাদক আবিদুল ইছলামে উদ্দেশ্য ব্যাখ্যা কৰা মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনিৰ্বাণ ৰাহাং আৰু মাজদিয়া- চেঙা- কুকাৰপাৰ আঞ্চলিক ঈদগাহ হাট ও বজাৰ কমিটিৰ সভাপতি ফেদ্দুছ আলীয়ে ভাষণ প্ৰসংগত নৱ-জাগৰণ মঞ্চৰ কাম-কাজক প্ৰশংসা কৰে। অনুষ্ঠানটোৰ আঁত ধৰে ইফতিয়াৰ জাহানে।
উক্ত সভাখনত অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক ইউনুছ আলী, বিশিষ্ট কবি- সমালোচক তথা মাজদিয়া গৰেমাৰী গাঁও উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক জিয়াউৰ ৰহমান, গৰেমাৰী গাঁৱৰ গাঁওপ্ৰধান শ্বেখ ফৰিদ আলী, বিশিষ্ট অধিবক্তা আনোৱাৰ হুছেইন, দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুৰজিত কাথাৰ, বিশিষ্ট চিত্ৰশিল্পী জাকিৰ হুছেইন, সমাজকৰ্মী আমিৰ হুছেইন, ক্ৰীড়া সংগঠক আবুল কালাম আজাদৰ উপৰিও কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে।
উল্লেখ্য যে পুৱা মঞ্চৰ সভাপতি ৰাফেল কামৰাজে মঞ্চৰ পতাকা উত্তোলন কৰাৰ পিছতেই গছপুলি ৰোপণ কৰে ১৫ নং দক্ষিণ পূব সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী জেচমিনা চুলতানাই। ইয়াৰ পিছতেই দৌৰ, লং জাপ, আকস্মিক বক্তৃতা, কবিতা আবৃত্তি প্ৰতিযোগিতা, চিত্ৰাংকণ প্ৰতিযোগিতা, চকীত বহা প্ৰতিযোগিতা , ভলীবল খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। মুকলি সভাত স্থানপ্ৰাপ্ত খেলুৱৈ আৰু দলক বঁটাসমূহ প্ৰদান কৰা হয় ।