পাগলাদিয়া বাঢ়নী পানীয়ে প্লাবিত কৰিলে মাজবাটৰ কেইবাখনো গাঁও। বানপানী পৰ্যবেক্ষণ জিতু কিষানৰ…

পাগলাদিয়া বাঢ়নী পানীয়ে প্লাবিত কৰিলে মাজবাটৰ কেইবাখনো গাঁও। বানপানী পৰ্যবেক্ষণ জিতু কিষানৰ…

 পাগলাদিয়া বাঢ়নী পানীয়ে প্লাবিত কৰিলে মাজবাটৰ কেইবাখনো গাঁও। বানপানী পৰ্যবেক্ষণ জিতু কিষানৰ

ডিজিটেল সংবাদ,ওৰাং: যোৱা কেইবাদিন ধৰি ৰাজ্যত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত পাগলাদিয়া নদীত ফেনে ফুটুকাৰে বাঢ়ি অহা বাঢ়নি পানীয়ে বানপানীৰ সৃষ্টি কৰিছে ।এই বানৰ কবলত পৰিছে মাজবাট ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাওঁ। পাগলাদিয়া নদীৰ বাঢ়নি পানীয়ে মাজবাট ৰাজহ চক্ৰৰ অন্তৰ্গত জামুগুৰি, সোনাজুলী, পশ্চিম গেলাবিল, কলবাৰী, জংঘল ব্লক, চুবুৰা-চুবুৰী, বেঙেনাবাৰী আদি গাঁৱ বানৰ তলত । জামুগুৰি, সোণাজুলী,পশ্চিম গেলাবিল, চুবুৰা-চুবুৰী গাঁৱত পাগলাদিয়া নদীৰ বাঢ়নি পানীয়ে বহু লোকৰ ঘৰ দুৱাৰ প্লাবিত কৰিছে। প্ৰতিবছৰে পাগলাদিয়া নদীৰ বাঢ়নি পানীয়ে বানপানীৰ সমস্যা সৃষ্টি কৰে জামুগুৰি, সোনাজুলী, পশ্চিম গেলাবিল, কলবাৰী আৰু বেঙেনাবাৰী অঞ্চলত।

বছৰ বছৰ ধৰি পাগলাদিয়া নদীৰ বাঢ়নি পানীয়ে অঞ্চলটোত বানপানীৰ সৃষ্টি কৰাৰ ফলত অঞ্চলটোৰ ৰাইজৰ যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে। পাগলাদিয়া নদীৰ বাঢ়নি পানীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বানপানীৰ সৃষ্টি কৰাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে থকা ঘৰ দুৱাৰ সমূহ ডুব যায় বাঢ়নি পানীত। পাগলাদিয়া নদীৰ দুয়োপাৰে মথাউৰিৰ অভাৱতে প্ৰতিবছৰে ওৰাং মৌজাৰ অন্তৰ্গত প্ৰায় সাত আঠখন গাঁৱৰ লোকে পাগলাদিয়া নদীৰ বাঢ়নি পানীৰ ফলত সৃষ্টি হোৱা বানপানীত ককবকাব লগীয়া হয়। পাগলাদিয়া নদীত বাৰিষা ফেনে ফুটুকাৰে বাঢ়নি পানী বাঢ়িলেই চিন্তিত হৈ বানপানীত ককবকাব লৈ সাজু হ'ব লগা হয় নৈপৰীয়া কেইবাখনো গাঁৱৰ লোকে।

পাগলাদিয়া নদীৰ দুয়োপাৰে বিজ্ঞানসন্মত মথাউৰি নিৰ্মাণ নোহোৱাৰ বাবেই বছৰ বছৰ ধৰি পাগলাদিয়া নদীৰ বাঢ়নি পানীয়ে সৃষ্টি কৰা বানপানীত ককবকাই আহিছে নৈপৰীয়া প্ৰায় সাত আঠ খন কৈ গাঁৱৰ লোকে।পাগলাদিয়া নদীৰ বাঢ়নি পানীয়ে বানপানী সৃষ্টি কৰা জামুগুৰি আৰু সোনাজুলী গাঁৱত গৈ বান পৰিস্থিতিৰ বুজ লয় ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য জিতু কিষানে। বছৰ বছৰ ধৰি নৈপৰীয়া গঞা ৰাইজে পাগলাদিয়া নদীৰ বানপানীৰ সমস্যাত ভোগি অহা সমস্যা সমাধানৰ বাবে ওদালগুৰি জিলা উপায়ুক্ত আৰু মাজবাট ৰাজহ চক্ৰ বিষয়াক সমস্যাৰ বিষয়ে অৱগত কৰে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য জিতু কিষানে। লগতে পাগলাদিয়া নদীৰ বাঢ়নি পানীয়ে বানপানী সৃষ্টি কৰা সমস্যা যথা শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় মন্ত্ৰীক অনুৰোধ জনাই জিতু কিষানে।

ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য জিতু কিষানে বানপানীৰ সমস্যাৰ বিষয়ে মাজবাট ৰাজহ চক্ৰ বিষয়াক অৱগত কৰোৱাৰ লগে লগেই পাগলাদিয়া নদীৰ বাঢ়নি পানীয়ে সৃষ্টি কৰা বানপানীৰ সমস্যাৰ বুজ লৈ সমস্যা সমাধানৰ বাবে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰোৱাৰ আশ্বাস প্ৰদান কৰে মাজবাট ৰাজহ চক্ৰ বিষয়া সৰুজ সোণোৱালে। বানপানীৰ কবলত পৰা ৰাইজে অতি শীঘ্ৰে পাগলাদিয়া নদীৰ দুয়োপাৰে বিজ্ঞানসন্মত মথাউৰি নিৰ্মাণ কৰি নৈপৰীয়া গঞা ৰাইজক বানপানীৰ সমস্যাৰ পৰা মুক্ত কৰিবলৈ চৰকাৰ তথা বিভাগীয় মন্ত্ৰী, জনপ্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষই আহ্বান জনাইছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in