মাহমৰা, ৰহা, বিহপুৰীয়া সমষ্টিত কোন হ’ব প্ৰাৰ্থীঃ আলোচনা অব্যাহত অখিল-লুৰীণৰ…

মাহমৰা, ৰহা, বিহপুৰীয়া সমষ্টিত কোন হ’ব প্ৰাৰ্থীঃ আলোচনা অব্যাহত অখিল-লুৰীণৰ…

ডিডিটেল ডেস্কঃ ৰাইজৰ দল আৰু  অসম জাতীয় পৰিষদৰ মাজত প্ৰাৰ্থিত্ব কেন্দ্ৰিক আলোচনা চলিছে যদিও তিনিটা সমষ্টিক লৈ দল দুটাৰ মাজত এতিয়ালৈকে কোনো সিদ্ধান্ত ল'ব পৰা হোৱা নাই। মাহমৰা সমষ্টিত অসম জাতীয় পৰিষদৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে কিছুদিনৰ পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি পদৰ পৰা গৈ এজেপিত যোগদান কৰা মানিক গগৈয়ে।

ইয়াৰ বিপৰীতে ৰাইজৰ দলৰ পৰা দলটোৰ সাধাৰণ সম্পাদক লোহিত গগৈয়ে প্ৰাৰ্থিত্ব বিচাৰিছে। উল্লেখযোগ্য যে, লোহিত গগৈ তাই আহোম ছাত্ৰ পৰিষদৰ নেতা আছিল। ইফালে, ৰাইজৰ দলৰ অনূপ জ্যোতি শইকীয়াই বিহপুৰীয়া সমষ্টিত প্ৰাৰ্থিত্ব বিচৰাৰ বিপৰীতে এই সমষ্টিটোত অসম জাতীয় পৰিষদৰ পৰা প্ৰাৰ্থিত্বৰ দাবীদাৰ হৰেণ চুতীয়া।

আন এটা সমষ্টিক লৈ ৰাইজৰ দল আৰু এজেপিৰ মাজত চলি আছে আলোচনা। ৰহা সমষ্টিত ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰুবুল দাস প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল। এই সমষ্টিটোত অসম জাতীয় পৰিষদে উৎপল বনিয়াক প্ৰক্ষেপ কৰিছে। এই তিনিটা সমষ্টিৰ বাদে কেইবাটাও সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰায় চূড়ান্ত কৰা হৈছে। সোণাৰী সমষ্টিত এইবাৰ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ উমৈহতীয়া প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দ্বিতা কৰিব পলাশ চাংমাই।

আনহাতে, অগপ আৰু বিজেপিৰ মাজৰ সমষ্টিৰ ভাগ বতৰা কেন্দ্ৰিক আলোচনা এতিয়াও অব্যাহত আছে। মন্ত্ৰী অতুল বৰাৰ ঘৰত এইবাৰ বৈঠকত বহিছে অগপ নেতৃত্ব। ইফালে জিএমচিএইচত দেখা পোৱা গ'ল নিৰ্বাচনী ব্যস্ততা। আবেলি ভাগত লুৰীণজ্যোতি গগৈকে ধৰি অসম জাতীয় পৰিষদৰ এক প্ৰতিনিধি দলে চিকিৎসাধীন হৈ থকা অখিল গগৈক সাক্ষাৎকাৰত মিলিত হয়। জানিব পৰা মতে, প্ৰাৰ্থিত্ব প্ৰত্যাক্ষী আন কেইবাজনো লোকো জিএমচিএইচলৈ গৈ সাক্ষাৎ কৰে অখিল গগৈক। ইফালে, এইবাৰ অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব আপৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in