/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/lurin-da-boko-theft-news-mangaldoi-vaccination-covid-vaccine-news-face-for-web-AP-full-no-ad-2-copy.jpg)
ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলা ১০৫ নং মাহমৰা বিধান সভা সমষ্টিত অসম জাতীয় পৰিষদৰ হৈ নিৰ্বাচনী যুঁজত অৱৰ্তীণ হোৱা দলীয় প্ৰাৰ্থী মাণিক গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰা উদ্দেশ্য মঙলবাৰে লাকুৱাৰ গমধৰ কোঁৱৰ ৰাজহুৱা খেল পথাৰত আয়োজিত এক বিশাল জনসভাত দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে অংশ গ্ৰহণ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/74028388-6d07-47b9-a683-1247071fbe02-1024x1024.jpg)
সভাত দলটোৰ সভাপতি গৰাকীয়ে নিজৰ ভাষণত বিগত পাঁচ বছৰত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ বিভিন্ন কাম কাজৰ ক্ষুৰধাৰ সমালোচনা কৰি জাতি মাটি ভেটি ৰক্ষাৰ সলনি অসমৰ খিলঞ্জীয়া জনতাৰ স্বাধিকাৰক বিসৰ্জন দি কেৱল ক্ষমতা ৰক্ষাৰ স্বাৰ্থত জাতিটোক বিক্ৰী কৰিবলৈ লোৱা বিজেপিক সমাগত নিৰ্বাচনত বৰ্জন কৰিবলৈ আহ্বান জনায়। তেওঁৰ বক্তব্যত দীৰ্ঘকাল কংগ্ৰেছ আৰু বিজেপি দলৰ অন্যায়, অবিচাৰ প্ৰত্যক্ষ কৰিলে।
'কা' আন্দোলনত চৰকাৰী নানা অত্যাচাৰ ভোগ কৰিলে। সেয়ে ২০২১ ৰ নিৰ্বাচনত অসমৰ জনতাই সকলো অন্যায়, অবিচাৰ আৰু অত্যাচাৰৰ কথা মনত ৰাখি বিবেকেৰে ভোটদান কৰিলে অসমৰ মাটিত নিশ্চিত ৰূপত এখন জাতীয়তাবাদী চৰকাৰ প্ৰতিষ্ঠা হ'ব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে উক্ত সভাত জাতীয় মহিলা শক্তিৰ সভানেত্ৰী মৈত্ৰেয়ী প্ৰিয়দৰ্শিনী, সংগাঠিক সম্পাদিকা লাকিমণি বৰুৱা, কেন্দ্ৰীয় নেতা টংকেশ্বৰ কোঁৱৰ , বিশ্বজিত টিপমীয়া আৰু প্ৰাৰ্থী মানিক গগৈ উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us