জন্মদিনত পিতৃ মহেন্দ্ৰ বৰাক সুঁৱৰি আৱেগিক হ’ল স্বপ্নামিতা

জন্মদিনত পিতৃ মহেন্দ্ৰ বৰাক সুঁৱৰি আৱেগিক হ’ল স্বপ্নামিতা

author-image
asomiyapratidin
New Update
জন্মদিনত পিতৃ মহেন্দ্ৰ বৰাক সুঁৱৰি আৱেগিক হ’ল স্বপ্নামিতা

ডিজিটেল ডেস্কঃ আজি অসমৰ এজন দিগ্বজ সাহিত্যিক মহেন্দ্ৰ বৰাৰ জন্মদিন। ১৯২৯চনৰ আজিৰ দিনটোতে জন্ম হৈছিল মহেন্দ্ৰ বৰাৰ। অসমীয়া সাহিত্যক, কবিতা, সমালোচনা লগতে ইংৰাজী সাহিত্য অনুবাদেৰে এক বিশেষ মাত্ৰা প্ৰদান কৰা জাতিস্মৰ স্ৰষ্টজনৰ অনুপস্থিতিত কঠিন সময় অতিবাহিত কৰিছে পৰিয়ালটোৱে।

Advertisment

তেওঁৰ এগৰাকী কন্যা স্বপ্নামিতা স্নায়ুজনিত ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ আছে। এদিন এই ঘৰখন ভৰি আছিল। পিতৃ তথা বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুৰ পাছত এই ঘৰখনৰ আৰ্থিক অৱস্থা জুৰুলা হৈ পৰিছে। ওৰেটো জীৱন সাহিত্য সাধনাতে বৰ্তিত কৰা মহেন্দ্ৰ বৰাই অসম সাহিত্যসভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল।

পিতৃৰ জন্ম দিনত শয্যাগত স্বপ্নামিতাই সুঁৱৰিলে পিতৃৰ কথা। আজি মহেন্দ্ৰ বৰাৰ পাহৰণিৰ এক অধ্যায় হ'ল যদিও, অসুস্থ স্বপ্নামিতাই ক'লে সেইবোৰ দিনবোৰৰ স্মৃতি- 'দেউতাই খুব ৰাতিপুৱা উঠিছিল। দিন-ৰাতি কেৱল পঢ়িছিল তেওঁ। সেই সময়ত তেওঁক চাহ একাপ দিলে তেওঁৰ মুখখন উজ্বলি উঠিছিল। ৰাতিপুৱা ৪বজাতে উঠিছিল তেওঁ। আৰু নিশা ২বজাত শুইছিল। দেউতাক মই প্ৰায়ে মাজে মাজে সপোনত দেখো। সেই স্মৃতিয়ে মোক আমনি কৰে। দেউতাৰ ওচৰলৈ মোৰ গুচি যাবলৈ মন যায়। মোক ইচ্ছামৃত্যু লাগে।' পিতৃৰ জন্মদিনত আকৌ এনেদৰে উচুপিলে স্বপ্নামিতাই।

ডিব্ৰুগড়ৰ জীৱনফুকন নগৰত বাস কৰা মহেন্দ্ৰ বৰাৰ পৰিয়ালৰ জ্যেষ্ঠ পুত্ৰজনো স্নায়ুজনিত ৰোগত আক্ৰান্ত। তেওঁ ভালদৰে খোজ কাঢ়িব নোৱাৰে। ইফালে, মহেন্দ্ৰ বৰাৰ পত্নী গীতা বৰাৰ বয়স যথেষ্ট হৈছে। কটন কলেজতো অধ্যাপনা কৰিছিল মহেন্দ্ৰ বৰাই। ৰঞ্জিত বৰপূঁজাৰীক হত্যা কৰাৰ সময়ত চৰকাৰৰ বিৰুদ্ধে কলম তুলি চৰকাৰৰ কোপদৃষ্টিত পৰিছিল মহেন্দ্ৰ বৰা। ক্ষমা খুজিবলৈ কৈছিল যদিও, ক্ষমা নুখুজি চাকৰিকে বাদ দিছিল এইগৰাকী বিশিষ্ট সাহিত্যিকে।

গোৱালপাৰা, তেজপুৰ আদি স্থানত অধ্যাপনা কৰি শেষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ লৈছিল বৰাই। অত্যন্ত তীক্ষ্ণ আৰু মেধাৱী আছিল মহেন্দ্ৰ বৰা। ১৯৮৭ চনত পাঠশালা অসম সাহিত্যসভাৰ সভাপতি আছিল মহেন্দ্ৰ বৰা। অসমীয়া কবিতাৰ ক্ষেত্ৰত মহেন্দ্ৰ বৰাৰ আছিল বিশেষ বৰঙণি। আধুনিক অসমীয়া প্ৰতিষ্ঠাৰ ক্ষেত্ৰত মহেন্দ্ৰ বৰা আছিল এটা উল্লেখযোগ্য নাম। কিন্তু বিভিন্ন পাকচক্ৰত পৰি মহেন্দ্ৰ বৰাক পিছৰ ফালে গণ বিচ্ছিন্ন হৈছিল।

তেওঁৰ প্ৰতিভা আৰু সৃষ্টিৰাজিৰ আজিও প্ৰকৃত মূল্যায়ন নহ'ল। অথচ এইগৰাকী বিশিষ্ট লেখক, কবিয়ে অসম আন্দোলনৰ সময়ত ৰাজ্যৰ বাহিৰত সেই আন্দোলনৰ সপক্ষে প্ৰচাৰ চলাবলৈ যোৱা লোকসকলৰ ভিতৰত অন্যতম আছিল। বহিঃৰাজ্যত অসম আন্দোলনৰ প্ৰাসংগিকতাক লৈ মহেন্দ্ৰ বৰাই ভালেকেইটা বক্তব্য প্ৰদান কৰিছিল।

আজি তেওঁৰ জন্মদিনত আনে নহ'লেও ৰোগীয়া স্বপ্নামিতাই দেউতাক সুঁৱৰিছে বিচনাৰ পৰাই। কান্দি কান্দি পুনৰ কৈছে সেই কথা- 'দেউতাক মই প্ৰায়ে সপোনত দেখো। মোৰ দেউতাৰ ওচৰলৈ গুচি যাব মন যায়'। উল্লেখযোগ্য যে, মহেন্দ্ৰ বৰাৰ এইগৰাকী কন্যা দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে। বিচনাৰ পৰা উঠিব নোৱাৰা স্বপ্নামিতাৰ স্বাস্থ্যও বেয়াৰ ফালে ঢাল খাইছে। নিজৰ কথা পাহৰি আজি স্বপ্নামিতাই পিতৃৰ সৈতে কটোৱা সেই সুদিনবোৰৰ কথা সুঁৱৰি আৱেগিক হৈ পৰিছে। দেউতাকৰ অতিকৈ মৰমৰ স্বপ্নামিতাই পিতৃৰ কাষলৈ গুচি যাব বিচাৰি আকৌ কৈছে- 'মোক ইচ্ছামৃত্যু লাগে। মই দেউতাৰ কাষলৈ গুচি যাব খোজো…'