কোৰোনাৰ অৱস্থিতি ধৰা পৰাৰ পিছতে নগাঁৱৰ যুৱকে মহাৰাষ্ট্ৰত কৰিলে আত্মহত্যা…

কোৰোনাৰ অৱস্থিতি ধৰা পৰাৰ পিছতে নগাঁৱৰ যুৱকে মহাৰাষ্ট্ৰত কৰিলে আত্মহত্যা…

author-image
asomiyapratidin
New Update
কোৰোনাৰ অৱস্থিতি ধৰা পৰাৰ পিছতে নগাঁৱৰ যুৱকে মহাৰাষ্ট্ৰত  কৰিলে আত্মহত্যা…

ডিজিটেল ডেস্ক: অসমৰ এজন যুৱকে দেহত কোৰোনা ধৰা পৰাৰ পিছতে মহাৰাষ্ট্ৰত আত্মহত্যা কৰিছে। শুকুৰবাৰে কোৰোনা পজিটিভ বুলি ধৰা পৰিছিল নগাঁও জিলাৰ ৩০ বছৰীয়া যুৱকজন। আকলা জিলাত এখন চৰকাৰী চিকিৎসালয়ত যুৱকজনে আত্মহত্যা কৰিছে। ৭ তাৰিখে মহাৰাষ্ট্ৰত শ্ৰমিক হিচাবে কাম কৰা যুৱকজন ভৰ্তি কৰা হৈছিল আলকাৰ Government Medical College and Hospitalত। তাৰ পিছতে তেওঁৰ দেহত শুকুৰবাৰে কোৰোনা ধৰা পৰিছিল।

Advertisment

শনিবাৰে পুৱা ৫ বজাতে তেওঁ আত্মহত্যা কৰে। জিলাখনত শুকুৰবাৰে ৩ জন লোকৰ দেহত কোৰোনা ধৰা পৰিছিল। বৰ্তমানলৈকে জিলাখনত ১৩জন লোকৰ দেহত কোৰোনা ধৰা পৰিছে। আৰক্ষীৰ সৈতে যোগাযোগ কৰাত তেওঁলোকে এইয়া আত্মহত্যাৰ ঘটনা বুলিয়ে প্ৰাথমিক তদন্তত নিশ্চিত কৰিছে। অধিক তথ্যৰ বাবে এতিয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত। জানিবলৈ পোৱা অনুসৰি যোৱা মাহত নিজামুদ্দিনৰ মাৰ্কাজলৈও গৈছিল যুৱকজন। তেওঁ ব্লেডেৰে ডিঙিত ৰেপি আত্মহত্যা কৰিছে।