ত্ৰয়োদশী উৎসৱ উপলক্ষে ভক্তৰ সমাবেশেৰে মুখৰিত মদন কামদেৱ দেৱালয়..

ত্ৰয়োদশী উৎসৱ উপলক্ষে ভক্তৰ সমাবেশেৰে মুখৰিত মদন কামদেৱ দেৱালয়..

author-image
Asomiya Pratidin
New Update
ত্ৰয়োদশী উৎসৱ উপলক্ষে ভক্তৰ সমাবেশেৰে মুখৰিত মদন কামদেৱ দেৱালয়..

ডিজিটেল সংবাদ,ৰঙিয়াঃ হেজাৰ হেজাৰ ভক্তৰ সমাবেশেৰে মুখৰিত হৈ পৰিল কামৰূপৰ ঐতিহ্যমণ্ডিত মদন কামদেৱ দেৱালয়। মদন ত্ৰয়োদশী উৎসৱ উপলক্ষে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা অনুষ্ঠানত ভক্তই পুৱাৰে পৰা চাকি বন্তি জ্বলায়। পুৱা ৯ বজাত ধৰ্মধব্বজা উত্তোলন কৰে সদৌ অসম দেৱালয় সংঘৰ কাৰ্যকৰী সভাপতি মদন চন্দ্ৰ ডেকাই।

Advertisment

পৰৱৰ্তি সময়ত গছপুলি ৰোপণ,পানী তোলা কাৰ্যসূচী অনুষ্ঠিত হয়।উক্ত কাৰ্যসূচীত উপস্থিত থাকে বাইহাটা চাৰিআলিৰ বি এড কলেজৰ অধ্যাপিকা ড° পৰিস্মিতা শৰ্মা। দিনৰ ১০:৩০ বজাত পূজা আৰম্ভ হয়। পাছত গদাধৰ নাগাৰা নাম দলৰ পাঠিকা কনকলতা ৰাজবংশীৰ নাগাৰা নাম পৰিবেশন আৰু দুপৰীয়া ১ বজাত হোম, পুষ্পাঞ্জলী, প্ৰসাদ বিতৰণ কৰে। সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলনেৰে উৎসৱৰ সামৰণি পৰে ।

Also Read: বিহপুৰীয়াত সোণোৱাল কছাৰী জনগোষ্ঠীৰ বহুৱা নৃত্য প্ৰদৰ্শন

মদন কামদেৱ কামৰূপ নিউজ