Published on :
Updated on :
- অসমত উপ-ৰাষ্ট্রপতি এম ভেংকায়া নাইডু।
- উপ ৰাষ্ট্ৰপতি গৰাকীয়ে গুৱাহাটীৰ পানবজাৰত উদ্বোধন কৰিলে 'Heritage Cum Cultural Center'।
- তাৰপাছত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত উদ্বোধন কৰিলে 'PET MRI' মেচিন।
- ৬২ কোটি টকা ব্যয়েৰে স্থাপন কৰা হৈছে 'PET MRI' মেচিনটো।
- চৰকাৰী খণ্ডত দেশৰ ভিতৰত প্রথম স্থাপন এই মেচিন।
- জিএমচিএইচৰ চিকিৎসক সকলৰ উপস্থিতিত বিশেষ অনুষ্ঠান অনুষ্ঠিত।
- জিএমচিএইচৰ এই অনুষ্ঠানত উপ-ৰাষ্ট্রপতি অসমীয়াতে সম্বোধন কৰি এম ভেংকায়া নাইডুৱে কয়-
- 'মই বহুত আনন্দিত'
- 'অসমৰ লোকক মোৰ শুভকামনা'
- 'কোৰোনা মহামাৰীৰ পৰা আমি লাহে লাহে মুক্ত হৈছো'
- 'সকলোৱে নিজৰ স্বাস্থ্যৰ প্রতি সচেতন হওঁক'
- অসমৰ ইতিহাসক সংৰক্ষণ কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিলে উপ-ৰাষ্ট্রপতিগৰাকীয়ে।
- উপ ৰাষ্ট্ৰপতি নাইডুৱে লগতে কয়-
- 'সমাজৰ বিষয়সমূহ জনাটো মোৰ উদ্দেশ্য'
- 'যাৰ বাবে মই দেশৰ বিভিন্ন প্রান্তত ঘূৰিছো'
- 'নিজকে সুস্থ ৰাখিবলৈ দৈনিক ব্যায়াম কৰিব লাগে'
- 'খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগে'
- 'তেতিয়া কৰ্কট ৰোগ ৰোধ কৰিব পৰা যায়'
- 'উত্তৰ পূবত ২০২০ত ৫২,০০০ নতুন কেন্সাৰ ৰোগী চিনাক্ত হৈছে'
- 'কেন্সাৰ কেয়াৰৰ ক্ষেত্রত অসম চৰকাৰৰ পদক্ষেপ প্রশংসনীয়'
- 'নতুনকৈ আৰু ৭খন মেডিকেল কলেজ হ'ব বুলি জানিব পাৰিছো'
- 'অসমৰ খাদ্য-সম্ভাৰ ভাল'
- 'আজিকালিৰ ল'ৰা-ছোৱালীক নিজৰ সংস্কৃতিৰ বিষয়ে শিকাব লাগে'
Asomiya Pratidin
www.asomiyapratidin.in