/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/lurin.jpg)
ডিজিটেল সংবাদ শিলচৰঃ মিজো আৰক্ষীৰ গুলিত ৬ জন অসম আৰক্ষীৰ মৃত্যু আৰু আৰক্ষী সহ ৬২ জন লোক আহত হোৱা ঘটনাৰ বাবে কেন্দ্রীয় চৰকাৰেই জগৰীয়া । সংকীৰ্ণ ৰাজনীতিৰ স্বাৰ্থত উত্তৰ পূৱৰ ৰাজ্য সমূহৰ মাজত সংঘাতৰ সৃষ্টি কৰিছে কেন্দ্র চৰকাৰে । উত্তৰ পূৱৰ ৰাজ্য সমূহৰ মাজত 'ডিভাইড এণ্ড ৰুল পলিছি" নীতিৰে সংঘাত আৰু বিভাজনৰ সৃষ্টি কৰিছে কেন্দ্রীয় চৰকাৰে। যোৱা সোমবাৰে মিজোৰামে অসম আৰক্ষীৰ ওপৰত চলোৱা আক্ৰমণ ইয়াৰে ফল । কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ।
সোমবাৰে লাইলাপুৰত মিজো আৰক্ষীৰ গুলিত আহত হৈ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন ৰোগী সকলৰ স্বাস্হ্যৰ বুজ লৈ লুৰিণজ্যোতি গগৈয়ে এই অভিযোগ কৰে । উত্তৰ পূৱৰ ৰাজ্য সমূহ যাতে একত্রিত হব নোৱাৰে তাৰবাবেই সীমা সমস্যা জীয়াই ৰাখিছে কেন্দ্রই ।
অসম আৰক্ষীৰ ওপৰত চলোৱা মিজোৰ এই আক্রমণৰ আৰঁত আন্ত:ৰা্ষ্ট্রীয় শক্তি জৰিত থকা বুলি মুখ্যমন্ত্রীয়ে কৰা মন্তব্য সন্দৰ্ভতো নিজৰ প্রতিক্রিয়া ব্যক্ত কৰে লুৰিণজ্যোতি গগৈয়ে ।তেওঁ কয়, আন্ত:ৰা্ষ্ট্রীয় শক্তি জড়িত যদি আছেই তেন্তে, তাৰ তথ্য উদ্ঘাটন কৰিবলৈ প্রধানমন্ত্রী, গৃহমন্ত্রী আৰু বৈদেশিক মন্ত্রনালয় আছে । তেওঁলোকে এই বহি:ৰাষ্ট্রৰ শক্তিটোক উৎখাত কৰক । মূখ্যমন্ত্রীয়ে তাকে লৈ মূৰ ঘমাবলগীয়া নাই । ৬ জন জোৱানৰ মৃত্যুৰ বাবে দায়ী চৰকাৰ । এই মুল বিষয়টো বিভ্রান্তি কৰিবলৈয়ে চৰকাৰে এনে প্রচাৰ চলাইছে বুলি মন্তব্য লুৰিণ জ্যোতিৰ ।
ইফালে, মাটি ভেটি ৰক্ষাৰ নামত প্রাণ আহুতি দিয়া অসম আৰক্ষীৰ বীৰ শ্বহিদ সকলে যাতে ন্যায় লাভ কৰে তাৰ বাবে সীমা সমস্যাৰ স্হায়ী সমাধান কৰিবলৈ লুৰিণ জ্যোতিয়ে চৰকাৰৰ ওচৰত দাবী জনায়। তেওঁ কয়, কেন্দ্রীয় চৰকাৰে সীমা সমস্যা জীয়াই ৰখা আৰু অমিত শ্বাহৰ উপস্হিতিত শ্বিলঙত অনুষ্ঠিত উত্তৰ পূবৰ মুখ্যমন্ত্রী সকলৰ বেঠক চুড়ান্ত ভাবে ব্যৰ্থ হোৱাৰ ফলতেই ৬ জন আৰক্ষীয়ে প্রাণ হেৰুৱাবলগীয়া হ'ল । কেন্দ্রই বিচাৰিলে বৰাক উপত্যকা গুৱাহাটী সহ নলবাৰী এৰি দিব বুলি মুখ্যমন্ত্রীয়ে কৰা মন্তব্যৰো তীব্র সমালোছনা কৰে লুৰিণ জ্যোতি গগৈয়ে ।
অসমৰ এক ইঞ্চিও মাটি কাকো এৰি দিয়া নহ'ব বুলি স্পষ্ট কৰি লুৰিণ জ্যোতিয়ে কয় যে আমি এই সংকটৰ সময়ত বৰাকবাসীৰ লগত আছো আৰু ভবিষ্যতেও থাকিম । কাকো বিভাজনৰ ৰাজনীতি কৰিবলৈ দিয়া নহ'ব । বিভাজন ৰাজনীতি কৰিবলৈ চৰকাৰে অপ প্রচাৰ চলাই কৈছে সীমান্তত হেনো অবৈধ বিদেশীয়ে আগ্রাসন কৰিছে । কিন্তু সিনহা ৰয় আদি বিভিন্ন উপাধীৰ লোক গুলিবদ্ধ হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । চৰকাৰৰ ব্যৰ্থতা ঢাকিবলৈ মূখ্যমন্ত্রীয়ে এনে দৰে অপপ্রচাৰ চলাইছে বুলি অভিযোগ লুৰিণ জ্যোতিৰ ।
ইফালে,নিহত আৰক্ষী জোৱান সকলৰ প্রতি শ্রদ্ধাঞ্জলি জনোৱাৰ লগতে আহত সকলৰ আশু আৰোগ্য কামনা কৰে অসম জাতীয় পৰিষদে । লগতে আৰক্ষী অধীক্ষকক প্রেৰন কৰাৰ দৰে গুৰুতৰভাৱে আহত লোক সকলকো উন্নত চিকিৎসাৰ বাবে বহি:ৰাজ্যলৈ প্রেৰন কৰাৰ দাবী জনায় গগৈয়ে । তাৰোপৰি, গুৰুতৰ আহত লোক সকলক এক লাখৰ পৰিবৰ্তে পাচঁ লাখ টকাৰ আৰ্থিক সাহায্য প্রদানৰো দাবী জনায় লুৰিণ জ্যোতি গগৈয়ে ।
উল্লেখ্য লুৰিণ জ্যোতিৰ নেতৃত্বত বৰাকলৈ অহা অসম জাতীয় পৰিষদৰ ছয়জনীয়া দলটোত আছিল উপ সভাপতি চমছেৰ সিং, মিল্টন কুইয়া, মূখপত্র জিয়াউৰ ৰহমান, কাৰ্য নিৰ্বাহক সদস্য সম্ভিদ শৰ্মা ইফতিকাৰ হুছেইন । আহত লোক সকলৰ খা-খবৰ লোৱাৰ পূৰ্বে শিলচৰ চিকিৎসা মহাবিদ্যায়ৰ অধ্যক্ষ ডা: বাবুল কুমাৰ বেজবৰুৱাকো সাক্ষাৎ কৰে দলটোৱে। শুকুৰবাৰে দলটো লাইলাপুৰ সীমান্তলৈ যোৱাৰ কথা ।