লামডিঙত পৰিত্যক্ত ৰেলৰ টেংকাৰত অগ্নিকাণ্ড

লামডিঙত পৰিত্যক্ত ৰেলৰ টেংকাৰত অগ্নিকাণ্ড

author-image
asomiyapratidin
New Update
লামডিঙত পৰিত্যক্ত ৰেলৰ টেংকাৰত অগ্নিকাণ্ড

ডিজিটেল সংবাদ, লামডিংঃ ৰেল নগৰী লামডিঙত শনিবাৰে সংঘটিত হয় ভয়াবহ অগ্নিকাণ্ড। ৰেলৱে কলনী দক্ষিণ ৱাৰ্ডৰ পৰিত্যক্ত তিনিটা তেল কঢ়িওৱা টেংকাৰত এই অগ্নিকাণ্ড। দাউদাউকৈ জ্বলি উঠা জুইৰ লেলিহান শিখাই সমগ্ৰ অঞ্চলটো আৱৰী ধৰে।

অগ্নিকাণ্ডত কথামপি ৰক্ষা পৰিল ৰেলৱে কলনীৰ এটা বৃহৎ অঞ্চল। বহুদিন ধৰি পৰিত্যক্ত অৱস্থাত থকা তেল টেংকাৰত কেনেকৈ অগ্নি সংযোগ হ'ল ইয়াক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে লামডিঙত। ইফালে ঘটনাস্থলীত ৰেল আৰক্ষী উপস্থিত হৈছে যদিও অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী বহু পলম কৈ উপস্থিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। আনহাতে, বৰ্তমানেও জানিব পৰা হোৱা নাই অগ্নিকাণ্ড কাৰণ।

অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই আৰু বৰ্তমান লৈকে ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই। আনহাতে ৰেল
নগৰীখনত ৰেলৰ টেংকাৰৰ পৰা একাংশ লোকে তেল চুৰিৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ বাবে এবছৰ পূৰ্বে চুৰি তেলৰ গুদাম এটাত অগ্নিকাণ্ড সংঘটিত হৈছিল বুলি অনুমান কৰা হৈছে।