লামডিঙত বৃদ্ধি পাইছে স্কুলীয়া ছাত্ৰ-ছাত্ৰী নিৰুদ্দেশৰ ঘটনা...

লামডিঙত দিনে দিনে বৃদ্ধি পাইছে ছাত্ৰ-ছাত্ৰী নিৰুদ্দেশৰ ঘটনা

author-image
Asomiya Pratidin
New Update
লামডিঙত বৃদ্ধি পাইছে স্কুলীয়া ছাত্ৰ-ছাত্ৰী নিৰুদ্দেশৰ ঘটনা...

lumding kidnap

ডিজিটেল ডেস্ক : লামডিঙত দিনে দিনে বৃদ্ধি পাইছে ছাত্ৰ-ছাত্ৰী নিৰুদ্দেশৰ ঘটনা ৷ লামডিঙৰ প্ৰণৱ বিদ্যাপিঠ বিদ্যালয়ৰ ছাত্ৰ বিকি সৰকাৰ যোৱা ১৪ তাৰিখৰ পুৱাৰে পৰা নিৰুদ্দেশ হৈ আছে ৷

Advertisment

ইয়াৰ পূৰ্বেও আন এগৰাকী ছাত্ৰ নিৰুদ্দেশ হৈছিল। এই ঘটনা সন্দৰ্ভত বিকি সৰকাৰৰ পৰিয়ালৰ লোকে লামডিং থানাত গোচৰ ৰুজু কৰি এখনি এজাহাৰ দাখিল কৰিছিল । কিন্তু এতিয়ালৈকে কোনো সন্ধান ওলোৱা নাই ছাত্ৰজনৰ ৷

উল্লেখ্য যে লামডিং ৰামঠাকুৰ অঞ্চলৰ নিৱাসী বিকি সৰকাৰৰ পিতৃ-মাতৃয়ে নিজৰ সন্তানক নাপায় এতিয়া কান্দোনত ভাঙি পৰিছে ৷

assam lumding kidnap