/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/e9e72e87-f120-4a68-9a81-b7dab130fd00.jpg)
ডিজিটেল সংবাদ, লামডিংঃ কোৰোনা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ বাবে দেশত অব্যাহত আছে বৰ্তমান লকডাউন৷ লকডাউনৰ ফলত লামডিঙত দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা লোক সকলে এতিয়া আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে৷ বৰ্তমান পৰিস্থিতিত চৰকাৰৰ প্ৰতিনিধি বাহিৰেও লামডিঙৰ দৰিদ্ৰ পৰিয়ালৰ দুৰ্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়াইছে ধৰ্মীয় সংস্থা-সংগঠনে৷ আৰ্তনাদ সকলৰ কাষত থিয় হ'বলৈ পিছ পৰি নাথাকিল একাংশ ৰেল কৰ্মচাৰী৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/b390897c-1217-49e2-ac36-d90d005d0d68-1-1024x1024.jpg)
লামডিং গামাঞ্চলকে ধৰি বিভিন্ন অঞ্চলত প্ৰতিদিনেই বিভিন্নজনে কেজিয়ে কেজিয়ে চাউল, দালি, তেল, হালধি, নিমখ ,চাবোন, আলু, পিয়াজ, বিস্কুট, পাচলি বিতৰণ কৰি মানৱ সেৱা আগবঢ়োৱাৰ পৰিলক্ষিত হৈছে৷ ভূপেন দাৰ সেই "মানুহে মানুহৰ বাবে যদি হে অকণো নাভাৱে" কালজয়ী গীতটোৰ আধাৰতে ওলাই আহিছে মানুহে মানুহৰ বাবে৷
লামডিংস্থিত শাস্ত্ৰী গাৱ, মুৰাবস্তি ,পটুপথাৰ, পাথৰপানী, গান্ধী কলনিকে ধৰি বিভিন্ন অঞ্চলত বিতৰণ কৰা হৈছে প্ৰচুৰ পৰিমানৰ খাদ্য সামগ্ৰী৷ ধর্মীয় সংস্থা ক্রমে- ৰামকৃষ্ণ মিচন, আনন্দ মার্গ্, ইচকনে সাহায্য আগবঢ়োৱাৰ লগতে ভাৰত সেৱা আশ্রম সঙ্ঘই ডেৰশ পৰিয়ালক বিতৰণ কৰিলে চাউল দালিকে ধৰি গাখীৰৰ পেকেট পৰ্যন্ত ৷
আনফালে বৰ্তমান শনিবাৰে দিনটোলৈ আসাম চেম্বাৰ অফ কমাৰ্চে নিজাববীয়া ৩০০তকৈ অধিক পৰিয়ালক সকলো প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা পৰিলক্ষিত হয় ৷আচাম চেম্বাৰ অফ কমাৰ্চৰ উদ্যোগত ব্যৱসায়ী সঞ্জয় ৰায় কৰ্মকাৰ, সঞ্চিতা দে ছেত্ৰী, ৰেলৱে কৰ্মচাৰী দিগন্ত হাজৰিকা, লামডিং মহাবিদ্যালয়ৰ কৰ্মী ৰাজীৱ ৰায় আৰু লামডিঙ প্ৰেছ ক্লাৱৰ একাংশ সাংবাদিকেও আজি ৭০টা পৰিয়ালক সাহায্য আগবঢ়ায়৷
আনফালে লামডিং শাখা আৰ এছ এছ সংগঠনৰ তৰফৰ পৰা মুঠ চাৰি শতাধিক দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰি আগবঢ়াইছে মানৱ সেৱা৷ কেৱল এয়াই নহয় লামডিং ৰেলৱে এমপ্লয়িজ ইউনিয়নৰ তৰফৰ পৰা ৰেলৱে কলনি সমূহ তথা বজাৰত চেনিটাইজ কৰি মানৱ সেৱা আগবঢ়াইছে ৷ ইয়াৰ মাজতে ৰতন মহাজন নাম বজাৰৰ ক্ষু্দ্ৰ পাচলি ব্যৱসায়ী গৰাকীয়ে বিশেষ পদক্ষেপ হাতত লৈছে ৷ ৰতন মহাজনে দুই শতাধিক পৰিয়ালক পচুৰ পৰিমানে বিনামূল্যে পাচলি যোগান ধৰি বৰ্তমান মানৱ ধৰ্মৰ ডাঙৰ উদাহৰণ দাঙি ধৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/046f60e8-dbed-4559-a931-dd72e0db7571-1024x481.jpg)
ৰাইজক পাচলি যোগান ধৰাৰ লগতে মহাজনে ৰাজপথত থকা গৰু-ছাগলীকো নিজৰ দোকানৰ পাচলি যোগান ধৰিছে ৷লামডিং বন বিভাগৰ বন বিষয়া মন্টু কুমাৰ বৰায়েও মুৰাবস্তিত শতাধিক লোকক আগবঢ়াইছে খাদ্য সামগ্ৰী ৷ ময়ী কেলাশ নামৰ লামডিঙৰ যুৱক জনেও ৭০ জন পৰিয়ালক যোগান ধৰিছে চাউল, দালি, তেল, বিস্কুটকে আদি কৰি বিভিন্ন সামগ্ৰী ৷ এই জটিল সন্ধিক্ষণত চৰকাৰক সহাৰি জনাই হোজাই জিলাৰ উপায়ুক্তৰ জড়িয়তে লামডিং শিতলা বাড়ীৰ সাৰ্বজনীন শ্ৰী শ্ৰী শীতলা মা মন্দিৰে চৰকাৰক ৫১,০০০টকা আৰ্থিক অনুদান আগবঢ়াই ৷
আনফালে গুলোকেশ দত্তই দহ হাজাৰ, ব্যৱসায়ী অৰ্জুন ধৰে দহ হাজাৰ টকা বিধায়ক শিবু মিশ্ৰৰ জৰিয়তে চৰকাৰলৈ সাহায্য আগবঢ়োৱাৰ লগতে সঞ্জয় ৰায় কৰ্মকাৰে ৫০০০ টকা ,বাবুল দেৱ ৫০০০ টকা,কীৰ্তিবাস ধৰে ৩০০০ আৰু সুব্ৰত আচাৰ্যীয়ে ৩০০০ টকা বেংক একাউন্টৰ জড়িয়তে চৰকাৰলৈ আৰ্থিক অনুদান আগবঢ়াই ৷ বৰ্তমান লকডাউনৰ সময়চোৱাত লামডিঙৰ কোনো দৰিদ্ৰ পৰিয়ালে পেটৰ তাড়নাত লক আত্মহত্যাৰ পথ বাচি ল'বলগীয়া নহয় সেইবাবে এইসকল লোকে প্ৰতিদিনে অহৰহ চেষ্টা চলাই খাদ্য যোগান ধৰাত৷