/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/93b7106a-d558-4d34-82df-afd4d5c4a859.jpg)
ডিজিটেল সংবাদ, লামডিঙঃ লামডিঙত লকডাউন ভংগ কৰি ওলাই আহিল সহস্ৰাধিক লোক। চিপিআইএমৰ কাৰ্যালয়ত দৰিদ্ৰ লোকক টকা প্ৰদান কৰা হব বুলি প্ৰচাৰ চলোৱাত ৰাতিপুৱাৰ পৰা শাৰী পাতিলে বহুলোকে। চিপিআইএমৰ লামডিঙ শাখাৰ সভাপতি গৌৰী পোষন চক্ৰৱৰ্তীয়ে গাঁৱৰ ৰাইজৰ মাজত প্ৰচাৰ কৰিছিল ধন প্ৰদান কৰা হ'ব বুলি।
ভোটাৰ আই ডিৰ জৰিয়তে ১০০০ টকা প্ৰদান কৰা হ'ব বুলি প্ৰচাৰ কৰিছিল সভাপতিয়ে। ঘটনাস্থলীত লামডিঙ আৰক্ষী উপস্থিত হৈ আটক কৰে কাৰ্যালয়ৰ সভাপতিকে ধৰি কৰ্মীসকলক। টকা নোপোৱাত ৰাইজে ক্ষোভ উজাৰি সৃষ্টি কৰে উত্তেজনা। অভিযোগ অনুসৰি চিপিআইএমৰ কৰ্মীয়ে এই টকা বিতৰণ ক'ৰ পৰা কৰিব, কেনেকৈ কৰিব সেই বিষয়ে প্ৰশাসনৰ পৰা কোনোধৰণৰ অনুমতি লোৱা নাছিল।