ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিঙ হিচাপে দায়িত্ব গ্ৰহণ কৰিলে অসম সন্তান ৰাণাপ্ৰতাপ কলিতাই…

ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিঙ হিচাপে দায়িত্ব গ্ৰহণ কৰিলে অসম সন্তান ৰাণাপ্ৰতাপ কলিতাই…

author-image
asomiyapratidin
New Update
ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিঙ হিচাপে দায়িত্ব গ্ৰহণ কৰিলে অসম সন্তান ৰাণাপ্ৰতাপ কলিতাই…

ডিজিটেল ডেস্কঃ অসম সন্তান লেঃ জেনেৰেল ৰাণাপ্ৰতাপ কলিতাই মঙ্গলবাৰে ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিঙ (জি অ' চি) হিচাপে দায়িত্ব গ্ৰহণ কৰিলে। ভাৰতীয় সেনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তথা সন্মানীয় কমাণ্ড হিচাপে পৰিচিত এই ইষ্টাৰণ কমাণ্ডৰ জেনেৰল অফিচাৰ কমাণ্ডিং হিচাপে দায়িত্ব গ্ৰহণ কৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি ৰাণাপ্ৰতাপ কলিতা।

মঙ্গলবাৰে কলকাতাৰ ফ'ৰ্ট উইলিয়ামত থকা ইষ্টাৰ্ণ কমাণ্ডৰ সদৰ কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত লেঃ জেনেৰেল কলিতাই আনুষ্ঠানিকভাৱে এই দায়িত্ব গ্ৰহণ কৰে। দায়িত্ব গ্ৰহণ কৰি লেঃ জেনেৰেল কলিতাই ফ'ৰ্ট উইলিয়ামৰ পেৰেড গ্ৰাউণ্ডত ছহিদসকলৰ স্মাৰক হিচাপে নিৰ্মিত বিজয় স্মাৰকত শ্ৰদ্ধা জ্ঞাপন কৰি নিজ কাৰ্যালয়ত প্ৰৱেশ কৰে।