জাজৰিত দিন দুপৰতে দুৰ্বৃত্তই লুটিলে লক্ষাধিক সম্পত্তি…

জাজৰিত দিন দুপৰতে দুৰ্বৃত্তই  লুটিলে লক্ষাধিক সম্পত্তি…

ডিজিটেল সংবাদ ,বেবেজীয়া: নগাঁও জিলাৰ বেবেজীয়া অঞ্চলৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত জাজৰি ন-ভেটিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দিন দুপৰতে ঘৰত কোনো নথকাৰ সুযোগ লৈ দুৰ্বৃত্ত ই লুট কৰিলে লক্ষাধিক সম্পত্তি।

জাজৰি ন- ভেটি নিৱাসী অৱসৰপ্ৰাপ্ত শিক্ষক দম্পত্তি উমেশ বৰুৱা আৰু মীনা শইকীয়া বৰুৱাৰ ঘৰত দিন দুপৰতে সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে বুধবাৰে দুপৰীয়া ঘৰত শিক্ষক দম্পত্তি হাল নথকাৰ সুযোগ লৈ দুৰ্বৃত্তই তেওঁলোকৰ পিছফালৰ খিৰিকীৰ ৰদ বেকা কৰি ভিতৰত প্ৰৱেশ কৰে আৰু বহু মূল্যৱান সম্পত্তি অনিষ্ট কৰাৰ লগতে গড্ৰেজৰ দুৱাৰ ভাঙি নগদ ধন আৰু কাপোৰ কানিৰ লগতে মূল্যবান অলংকাৰ লৈ উধাও হয়।

অৱসৰপ্ৰাপ্ত শিক্ষক দম্পতীদ্বয়ে ইতিমধ্যে এই সন্দৰ্ভত জাজৰি আৰক্ষী থানাত গোচৰ তৰিছে যদিও বাতৰি লিখা সময়লৈকে কোনো দুৰ্বৃত্তক আৰক্ষীয়ে আটক কৰিব পৰা নাই। উল্লেখ্য যে উক্ত এলেকাত সময়ে সময়ে এনেধৰণৰ অসামাজিক দুষ্কাৰ্য সংঘটিত হৈ আহিছে। কিন্ত্ত স্থানীয় আৰক্ষীয়ে বিগত দিনত বিশেষ গুৰুত্বপূৰ্ন প্ৰদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই। সেয়েহে স্থানীয় ৰাইজে আৰক্ষীক এক বিশেষ ভূমিকা লোৱাৰ আহ্বান জনাইছে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in