/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/TRIKEN.jpg)
ডিজিটেল সংবাদ, চেঙাঃ কোৰোনা ভাইৰাছৰ আতংক আৰু লকডাউনৰ বাবে ঘৰতে আৱদ্ধ হৈ পৰা পঢ়ুৱৈ সমাজলৈ হকাৰসকলে কাহিলী পুৱাতে বিশ্বৰ খবৰ কঢ়িওৱা বাতৰি কাকতসমূহ যোগান ধৰি আহিছে । একাংশই হকাৰসকলক হতাশ কৰি ন্যস্ত স্বাৰ্থ পূৰণৰ বাবে অপপ্ৰচাৰৰ মাধ্যমত খবৰ কাগজ বিতৰণ ব্যৱস্থাত ব্যাঘাত জন্মাবলৈ অহৰহ চেষ্টা চলোৱাৰ বিপৰীতে তেওঁলোকক প্ৰত্যাহ্বান জনাই এই হকাৰসকলে নীৰৱে এনেদৰে নিজৰ সমান্তৰালভাৱে বৃত্তিগত সামাজিক দায়িত্বও নিষ্ঠাৰে পালন কৰি গৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/1f8d1c7c-b679-4375-8776-a560d2408081-1024x768.jpg)
ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ দৰে নলবাৰী জিলাৰ দৌলাশালৰ হকাৰ টিকেন বৰ্মনেও ইয়াৰ ক্ৰুটি কৰা নাই । পুৱা ৫ বজাতে উঠি দৌলাশালস্থিত দত্ত ব্ৰাদাৰ্চ নিউজ পেপাৰ এজেন্সিৰ পৰা বাতৰি কাকতসমূহ লৈ নলবাৰী আৰু বৰপেটা জিলাৰ সীমামূৰীয়া অঞ্চলসমূহত তেওঁ নিতৌ বাতৰি কাকত বিতৰণ কৰে । এই ক্ষেত্ৰত তেওঁ কোৰোনাৰ সংক্ৰমণৰ বিষয়টোৰ প্ৰতি গুৰুত্ব দি মুখত মাস্কো পৰিধান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/fba7d82a-0f85-4c20-9bd5-babf4fdb3e60-683x1024.jpg)
লকডাউনত আৱদ্ধ হৈ থকা শিশুৰ পৰা বৃদ্ধলৈকে বহুজনে বিশ্বৰ খবৰ জানিবলৈ বাতৰি কাকতখনৰ প্ৰতি পুৱাৰে পৰা আগ্ৰহেৰে বাট চাই থাকে সেইদৰেই বাতৰি কাকত বিতৰণৰ বৃত্তিটোৰেই বৰ্মনে তেওঁৰ পৰিয়ালটো পোহপাল দিয়াৰ ক্ষেত্ৰতো বহু সকাহ পাইছে । অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক টিকেন বৰ্মনে চাইকেলেৰেই দৌলাশাল , ক্ষুদ্ৰ বামুনবড়ী , গৰৈমাৰী , ছাতা , মাজদিয়া , কুকাৰপাৰ , খংৰা, চেঙা ( পেট্ৰ'ল পাম্প ) আদি বিভিন্ন অঞ্চলত সজাগ আৰু সতৰ্ক হৈ বাতৰি কাকত যোগান ধৰি আহিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/6e3cac70-e67c-44ed-8130-de0a52805ad6-768x1024.jpg)
বাতৰি কাকত বিতৰণ কৰিয়েই প্ৰায় চৈধ্য বছৰ ধৰি দৰিদ্ৰ পিতৃ-মাতৃক পোহপাল দিয়া টিকেন বৰ্মনে জানিবলৈ দিয়া মতে লকডাউনৰ সময়খিনিত বাতৰি কাকতৰ বিক্ৰী প্ৰায় কমি গৈছে । একাংশই আকৌ কোৰোনা ভাইৰাছ সংক্ৰমণৰ ভয়ত কাকত ল'বলৈকে এৰি দিলে । উল্লেখ্য যে বাতৰি কাকতৰ পৰা ভাইৰাছ সংক্ৰমণ হ'ব পাৰে বুলি চলা উৰা বাতৰিৰ বাবেই লকডাউনৰ প্ৰথম দিনটোত কাকত বিতৰণ কৰিব পৰা নাছিল হকাৰ টিকেন বৰ্মনে ।