লকডাউন অমান্য কৰাৰ বাবে অসমত প্ৰথমজন লোকক গ্ৰেপ্তাৰ…

লকডাউন অমান্য কৰাৰ বাবে অসমত প্ৰথমজন লোকক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, চেঙাঃ মাৰাত্মক কোৰোনা ভাইৰাছে বিশ্বত সন্ত্ৰাস সৃষ্টি কৰাৰ সময়তে দেশৰ লগতে ৰাজ্যখনত এই ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে জাৰি কৰিছে লকডাউন। এতিয়াও বহু সংখ্যক লোকে যেন এই লকডাউনক ভেঙুচালি কৰাৰ দৃশ্য প্ৰত্যক্ষ হৈ আছে।

বৰপেটা জিলাৰ সৰ্থেবাৰীৰ মাজদিয়াত লকডাউন ভংগৰ অপৰাধত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে এজন যুৱকক। গ্ৰেপ্তাৰ হোৱা যুৱকজন মাজদিয়া (পশ্চিম পাৰা)ৰ চিকিম আলী বুলি জানিব পৰা গৈছে। হোটেল খোলা ৰখাৰ অভিযোগ উঠিছে যুৱকজনৰ বিৰুদ্ধে।

বৰপেটা জিলাৰ উপ আৰক্ষী অধীক্ষক(সদৰ) সমীৰণ বৈশ্যৰ নেতৃত্বত চলিছিল এই অভিযান। সৰ্থেবাৰী আৰক্ষী থানাত ১২২/২০২০নম্বৰ গোচৰ আৰু ভাৰতীয় দণ্ড বিধি আইনৰ ১৮৮/ ২৬৯/ ২৭০ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত চলাই আছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in