দৌল যাত্ৰা উপলক্ষে বন্ধ চৰাইদেউ জিলা…

দৌল যাত্ৰা উপলক্ষে বন্ধ চৰাইদেউ জিলা…

author-image
asomiyapratidin
New Update
আবিৰৰ ৰঙত ৰঙীণ ৰাজ্যবাসী; হোলী খেলিবলৈ ওলাই আহিছে সকলো…

ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই বৃহস্পতিবাৰে জাৰি কৰা এক আদেশ যোগে সমগ্র চৰাইদেউ জিলাত বলবৎ হোৱাকৈ এন. আই. এক্টৰ অধীনত অহা ১৯ মাৰ্চত দৌল যাত্ৰা উপলক্ষে স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে।

উক্ত দিনা সকলো ৰাজ্য চৰকাৰৰ অধীনস্থ কাৰ্যালয়, ৰাজহ তথা ন্যায়ালয়, শৈক্ষিক প্ৰতিষ্ঠান আৰু বিত্তীয় প্ৰতিষ্ঠান সমূহ বন্ধ থাকিব। অৱশ্যে, জৰুৰীকালীন সেৱাসমূহ, পৰীক্ষা, লিখিত পৰীক্ষা, সাক্ষাৎকাৰ সম্পৰ্কীয় কৰ্তব্য আৰু সেৱা ইত্যাদি আনুষংগিক সেৱা এই স্থানীয় বন্ধৰ দ্বাৰা প্ৰভাৱিত নহ'ব বুলি জানিবলৈ দিছে ৷