Live Updates: পঞ্চায়ত নিৰ্বাচন- আয়োগৰ শেহতীয়া তথ্য, ভোটদান হাৰ বঙাইগাঁৱত সৰ্বাধিক...

আজি পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।  মুঠ ১৩ খন জিলাত অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ। পুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণত দেখা গৈছে ভোটাৰৰ ভিৰ।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
Live Updates: আৰম্ভ পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ...

আজি পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।  ৰাজ্যৰ মুঠ ১৩ খন জিলাত অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ। পুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ। পুৱাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰসমূহত দেখা গৈছে ভোটাৰৰ ভিৰ।

  • May 07, 2025 21:37 IST

    অন্ত পৰিল ৰাজ্যত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

    অন্ত পৰিল ৰাজ্যত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। পুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ পৰ্ব বিয়লি ৪-৩০ বজাৰ লগে লগে অন্ত পৰে। অৱশ্যে কোনো কোনো প্ৰান্তৰ ভোটকেন্দ্ৰসমূহত ভোটাৰৰ দীঘলীয়া শাৰী হোৱা হেতুকে কিছু সময় পলমকৈ অন্ত পৰে ভোটদানৰ। 

    নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি এইবাৰ দ্বিতীয় পৰ্যায়ত ৫৬.৭১ শতাংশ ভোট প’ল হয়। অৱশ্যে এই হাৰ পৰৱৰ্তী আপডেটত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। 

    উল্লেখযোগ্য যে, দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱা জিলাকেইখন হৈছে- ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ (মেট্ৰ’), হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং।

    আয়োগৰ তথ্য অনুসৰি বিয়লি ৩-৩০ বজালৈকে বঙাইগাঁও জিলাত সৰ্বাধিক ৬২.৭২ শতাংশ ভোটাৰে ভোটদান কৰে। একেদৰে কামৰূপ জিলাত মাত্ৰ ৫১.৩৩ শতাংশহে ভোট প’ল হয়।



  • May 07, 2025 16:53 IST

    বিয়লি ৩-৩০ বজালৈকে কামৰূপ জিলাৰ ভোটদানৰ হাৰ ৫১.৩৩ শতাংশ

    আজি পুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব। এই অনুসৰি আজি বিয়লি ৩-৩০ বজালৈকে কামৰূপ জিলাৰ ভোটদানৰ হাৰ ৫১.৩৩ শতাংশ। ইতিমধ্যে ৪-৩০ বজাৰ লগে লগে সম্পন্ন হৈছে ভোটগ্ৰহণ পৰ্ব। অৱশ্যে ভোটাৰৰ দীঘলীয়া শাৰী হোৱা হেতুকে বিভিন্ন ভোটকেন্দ্ৰত এতিয়াও ভোটদান পৰ্ব চলি থকা বুলি জানিব পৰা গৈছে।  



  • Advertisment
  • May 07, 2025 14:26 IST

    দিনৰ ১-৩০ বজালৈকে কামৰূপ জিলাৰ ভোটদানৰ হাৰ ৩৭.৪২ শতাংশ

    আজি পুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব। এই অনুসৰি আজিৰ দিনৰ ১-৩০ বজালৈকে কামৰূপ জিলাৰ ভোটদানৰ হাৰ ৩৭.৪২ শতাংশ।



  • May 07, 2025 13:20 IST

    নগাঁৱত দিনৰ ১১: ৩০ বজালৈকে ১৯.৭২ শতাংশ ভোটাৰে সাব্যস্ত কৰিছে ভোট দান

    • নগাঁৱত অব্যাহত ভোট দান
    • নিৰ্বাচনী জিলা খনত ভোট দানৰ হাৰ ১৯.৭২ শতাংশ
    • দিনৰ ১১: ৩০ বজালৈকে ১৯.৭২ শতাংশ ভোটাৰে সাব্যস্ত কৰিছে ভোট দান



  • May 07, 2025 12:58 IST

    ভোটগ্ৰহণৰ মাজতে ঢলি পৰিল হৃদৰোগত আক্ৰান্ত পোলিং বিষয়া...

    হোজাইত এগৰাকী পোলিং বিষয়া কৰ্তব্যৰত অৱস্থাতে অসুস্থ হৈ পৰাৰ খবৰ আহিছে। জানিব পৰা মতে হোজাই জিলাৰ ধলপুখুৰী গাওঁ পঞ্চায়তৰ ৫৬১ নং ভোট কেন্দ্ৰৰ ভীমৰ আলী এল পি স্কুলত সংঘটিত হৈছে এই ঘটনা। পুৱা ৭-৩০ বজাৰ পৰা ভোটদান পূৰ্ণ গতিত চলি থকাৰ সময়তে পোলিং বিষয়া আনোৱাৰ হুছেইন হঠাৎ অসুস্থ হৈ ঢলি পৰে। 

    পাছত জানিব পৰা মতে তেওঁ হৃদৰোগত আক্ৰান্ত হৈছে। কৰ্তব্যৰত অৱস্থাতে হঠাৎ এইদৰে ঢলি পৰাত তেওঁক তৎকালীনভাৱে জোৰপুখুৰীস্থিত জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অৱশ্যে তেওঁ পূৰ্বৰে পৰা হৃদৰোগত আক্ৰান্ত আছিল বুলি জানিব পৰা গৈছে। 



  • May 07, 2025 12:43 IST

    ১১-৩০ বজালৈ কামৰূপ জিলাত ভোটদান ২১.৬ শতাংশ

    নৱ গঠিত ছমৰীয়া সমষ্টিত আজি পুৱাৰে পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ।পুৱাৰে পৰা ভোট কেন্দ্ৰসমূহত দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী৷

    নৱগঠিত ছমৰীয়া সমষ্টিৰ হাতীপাৰা ফকিৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ বাও শাখাত বিধায়ক ৰেকিবুদ্দিন আহমেদে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ৷ দিনৰ ১১-৩০ বজালৈ কামৰূপ জিলাত ভোটদান হৈছে ২১.৬ শতাংশ৷



  • May 07, 2025 12:38 IST

    কামৰূপ মেট্ৰ জিলাতো অব্যাহত আছে ভোটগ্ৰহণ

    দিনৰ ১১-৩০ বজালৈকে ৰাণী চাপৰিত ৩৫.৭৯ শতাংশ, ২নং দীপৰ বিলত ২৫.৩২ শতাংশ, ৩ নং প্ৰাগজোতিষপুৰত ২৬ শতাংশ, ৪ নং বৰখাটত ২৮.৭২ শতাংশ, ৫ নং সোণাপুৰত ২৭.৮৪ শতাংশ আৰু ৬ নং ডিমৰীয়াত ২৫.৫৩ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। 



  • May 07, 2025 12:31 IST

    দিনৰ ১১-৩০ বজালৈ নগাঁৱত ১৯.৭২ শতাংশ ভোটদান

    নগাওঁ নিৰ্বাচনী জিলাত পুৱা ৭-৩০ বজাৰ পৰা অব্যাহত আছে ভোটদান। দিনৰ ১১-৩০ বজালৈকে ভোটদানৰ হাৰ ১৯.৭২ শতাংশ। 



  • May 07, 2025 11:42 IST

    একেটা ৱাৰ্ডৰ ৩০০ ভোটাৰৰ নাম নাহিল ভোটাৰ তালিকাতঃ বঢ়মপুৰৰ ননৈত উত্তেজনা

    দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছতে পুনৰ বিভিন্ন স্থানত বিসংগতিৰ খবৰ আহিছে। নগাওঁ জিলাৰ বঢ়মপুৰ সমষ্টিৰ দক্ষিণ ননৈ গাওঁ পঞ্চায়তৰ চকৰি গাঁৱৰ ১ নং ৱাৰ্ডৰ প্ৰায় ৩০০ ভোটাৰৰ নাম ভোটাৰ লিষ্টত নহাৰ এক অভিযোগ উত্থাপন হৈছে। 

    ইয়াৰ পিছতেই ভোট গ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। হাতে হাতে ভোটাৰ আই ডি লৈ ভোট দিবলৈ অহা ভোটাৰসকলে তেওঁলোকৰ নাম ভোটাৰ লিষ্টত নথকাৰ বাবেই ভোট দিবলৈ নোপোৱাক ক্ষোভিত হৈ পৰিছে আৰু ভোট কেন্দ্ৰটোত তলা উলমাই দিয়াৰ হুংকাৰ দিছে। 

    এই সন্দৰ্ভত এগৰাকী স্থানীয় যুৱকে কয়, আমি ভোটাৰ লিষ্টত দেখিছো বহু মানুহৰ নামৰ আগত স্বৰ্গীয় লিখা আছে। তেওঁলোকে সৰবৰ পৰা আহি ভোটদান কৰিব নেকি? যিবোৰ মানুহ জীয়াই আছে, বছৰ বছৰ ধৰি ভোটদান কৰি আহিছে তেওঁলোকৰ নাম ভোটাৰ লিষ্টৰ পৰা আঁতৰাই দিয়া হৈছে। 

    ভোটাৰ সকলে হাতে হাতে লৈ অহা ভোটাৰ আই ডি সমূহ দেখুৱাই যুৱকজনে আৰু কয়, আমি হাতে হাতে ভোটাৰ আই ডি লৈ আহিছো। কিন্তু আমাক ভোট দিবলৈ দিয়া নাই। 

    তেওঁ আৰু কয়, আমাৰ কোনো ৰাজনৈতিক দলৰ প্ৰতি আক্ষেপ নাই। কিন্তু আমি ভোটাৰ আই ডি থকাৰ পিছতো কিয় ভোট দিব নোৱাৰিম সেয়া চৰকাৰী বিষয়াই আহি বুজাই দিব লাগিব। যদিহে বুজাই নিদিয়ে তেন্তে এই ভোট কেন্দ্ৰত তলা লগাই দিয়া হ’ব।ইয়াত আজি ভোট দিব নোৱাৰিব। ভোটদান প্ৰক্ৰিয়া স্থগিত ৰাখিব লাগিব।

    ইফালে ৱাৰ্ডটোৰ এগৰাকী মহিলা প্ৰাৰ্থীয়ে এই সন্দৰ্ভত কয়, আমাৰ ইয়াত প্ৰায় ৩০০ মানুহৰ ভোটাৰ লিষ্টত নাম অহা নাই। সেয়ে তেওঁলোকক ভোট দিবলৈ দিয়া নাই। কিন্তু সকলোৰে হাতত ভোটাৰ আই ডি আছে। যোৱা বছৰলৈকে এই সকলোৱে ভোট দি আহিছে। সেয়ে আমাৰ সকলোকে ভোট দিবলৈ দিব লাগিব। কম্পিউটাৰৰ এই যুগত ইমান ডাঙৰ ভুল কেনেকৈ হ’ব পাৰে। 



  • May 07, 2025 11:22 IST

    দক্ষিণ ননৈ গাঁও পঞ্চায়তত নাম নাই প্ৰায় ৩০০ভোটাৰৰ...

    • দক্ষিণ ননৈ গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডত উত্তপ্ত  পৰিস্থিতি
    • প্ৰায় তিনিশ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান হোৱাৰ অভিযোগ
    • বঞ্চিত ভোটাৰে ভোট কেন্দ্ৰ তলা লগাই দিয়াৰ দিলে ভাবুকি



  • May 07, 2025 11:19 IST

    দদৰা পঞ্চায়তত বেলট পেপাৰ বিসংগতি

    • দদৰা পঞ্চায়তৰ অন্তৰ্গত ৭ নং ৱাৰ্ডত বেলেট পেপাৰৰ লাগিল খেলিমেলি ।
    • কিছু সময়ৰ বাবে বন্ধ কৰি দিব লগা হৈছে ভোটদান।
    • এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ বেলেট পেপাৰত ভুল কৈ আহিল চিহ্ন।
    • ঘড়ীৰ চিহ্নৰ সলনি বেলেট পেপাৰত আহিল গাড়ীৰ চিহ্ন।
    • নিৰ্দলীয় প্ৰাৰ্থী দিপাঞ্জলী দাসৰ চিহ্ন আছিল ঘড়ী।
    • ঘড়ীৰ সলনি বেলেটপেপাৰত আহিল গাড়ীৰ চিহ্ন।



  • May 07, 2025 10:52 IST

    নগাঁও জিলাত সাতটা বিধানসভা সমষ্টিত ভোট গ্ৰহণঃ ৪.৩৪ শতাংশ ভোটদান 

    নগাঁও জিলাৰ অন্তৰ্গত সাতটা বিধানসভা সমষ্টিত পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে। নগাঁও জিলাৰ ৭ টা বিধানসভা সমষ্টিৰ ২৭ টা জিলা পৰিষদৰ ৬ টা জিলা পৰিষদৰ সদস্য ইতিমধ্যে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে ।

    জিলাখনত এইবাৰ পুৰুষ ভোটাৰ ৬৯৮৮৭৪ গৰাকী, মহিলা ভোটাৰ ৬৯৪০০ গৰাকী আৰু অন্যান্য ৮৭ গৰাকীয়ে পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিব । পঞ্চায়ত নিৰ্বাচনটো সুচাৰুভাৱে পৰিচালনা কৰিবলৈ নগাঁওত ২৯ গৰাকী, কলিয়াবৰ সম জিলাত ৭ গৰাকী, ৰহা সম জিলাত ৭ গৰাকী জ'নেল বিষয়া।

    ঠিক তেনেদৰে নগাঁৱত ১২০ গৰাকী, ৰহা সম জিলাত ২৩ গৰাকী আৰু কলিয়াবৰ সম জিলাত ২২  গৰাকী চেক্টৰ বিষয়া নিয়োগ কৰা হৈছে । জিলাখনত মুঠ ৭৫৬৮ গৰাকী পুৰুষ প্ৰিজাইডিং, পুলিং বিষয়া আৰু মুঠ ১৭৬০ গৰাকী মহিলা প্ৰিজাইডিং, পুলিং বিষয়া নিয়োগ কৰা হৈছে ।

    জিলাখনৰ মুঠ ১৮২১ ভোটকেন্দ্ৰৰ ১৭৬৪ টা ভোটকেন্দ্ৰতহে ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে । বাতৰি যুগুত কৰা পৰ্যন্ত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ বাতৰি লাভ কৰা নাই। ইতিমধ্যে ৫৭ টা ভোটকেন্দ্ৰৰ প্ৰাৰ্থী বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে ।  

    পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪-৩০ বজালৈ ভোটগ্ৰহন হ'বলগা সমষ্টি কেইটাত ভোটগ্ৰহণৰ সময়ছোৱাত শান্তি-শৃংখলা অটুট ৰখাৰ বাবে নগাঁও আৰক্ষী প্ৰশাসনে বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰসমূহত যথেষ্ট সংখ্যক ভোটাৰ সমবেত হৈ নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে।জিলা নিৰ্বাচন কোষৰ তথ্য মতে ৯.৩০ বজালৈকে ৪.৩৪ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছে ।



  • May 07, 2025 10:05 IST

    নগাঁৱত ভোটদানৰ হাৰ ৪.৩৪ শতাংশ

    পুৱা ৭-৩০ বজাৰ পৰা নগাওঁ জিলাত পূৰ্ণোদ্যমে চলি আছে ভোটদান প্ৰক্ৰিয়া। খবৰ অনুসৰি ৭-৩০ বজাৰ পৰা ৯-৩০ বজালৈ নগাওঁ জিলাখনত মুঠ ৪.৩৪ শতাংশ ভোটদান সম্পূৰ্ণ হৈছে। 



  • May 07, 2025 08:43 IST

    বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত ১,২৮৯ গৰাকী

    দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বেই বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত মুঠ প্রার্থী হ'ল ১,২৮৯ গৰাকী। ইয়াৰ ভিতৰত জিলা পৰিষদৰ সদস্য পদত ২১ গৰাকী, আঞ্চলিক পঞ্চায়তত ১৫১ গৰাকী আৰু গাঁও পঞ্চায়ত সদস্য পদত ১,১১৭ গৰাকী। 
     
    দ্বিতীয় পর্যায়ত অনুষ্ঠিত হোৱা ভোটগ্ৰহণত জিলা পৰিষদৰ সমষ্টি হ'ল ১৮১ টা, আঞ্চলিক পঞ্চায়তৰ সমষ্টি ৮৭ টা আৰু গাঁও পঞ্চায়তৰ সমষ্টি হ'ল ১০,৫৩০ টা। পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া ৪.৩০ বজাত অন্ত পৰিব।



  • May 07, 2025 08:42 IST

    ৯১ লাখ ৩১ হেজাৰ ১২৭ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ২৯,৬০৮ গৰাকী প্রার্থীৰ ভৱিষ্যত

    দ্বিতীয় পর্যায়ৰ পঞ্চায়ত ভোটগ্ৰহণ হোৱা জিলাকেইখনৰ সৰ্বমুঠ ভোটাৰ হ'ল ৯১ লাখ ৩১ হেজাৰ ১২৭ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ হ'ল ৪৬ লাখ ৩০ হেজাৰ ৯২৪ জন আৰু মহিলা ভোটাৰ হ'ল ৪৪ লাখ, ৯৯ হেজাৰ ৯৫২ গৰাকী। 
     
    ইয়াত মুঠ ভোটগ্রহণ কেন্দ্র হ'ল ১২,১৩০ টা। দ্বিতীয় পর্যায়ৰ ভোটগ্ৰহণত সর্বমুঠ ২৯,৬০৮ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ভিতৰত জিলা পৰিষদত ৪৯৫ গৰাকী, আঞ্চলিক পঞ্চায়তত ২.৩৮৮ গৰাকী আৰু গাঁও পঞ্চায়ত সদস্যৰ পদত ২৬,৭২৫ গৰাকী প্রার্থীয়ে প্রার্থিত্ব আগবঢ়াইছে।



  • May 07, 2025 08:41 IST

    মুঠ ১৩ খন জিলাত পুৱাৰে পৰা আৰম্ভ ভোটগ্ৰহণ

    দ্বিতীয় পর্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা জিলাকেইখন হ'ল ক্রমে ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং। 



পঞ্চায়ত নিৰ্বাচন